NORTHEAST NOW (Assamese)

ক’ভিড-১৯ত আক্ৰান্ত বঙাইগাঁও জিলাৰ ৫ গৰাকী লোকক MMCHৰ পৰা মুক্তি

May 11, 2020 7:51 pm · কল্পজ্যোতি শইকীয়া
Updated: May 11, 2020 7:52 pm

ক’ৰ’না ভাইৰাছে ৰাজ্যবাসীক সন্ত্ৰষ্ট কৰি তোলাৰ সময়তে আহিছে এটা ভাল খবৰ। ক’ভিড-১৯ত আক্ৰান্ত বঙাইগাঁও জিলাৰ ৫ গৰাকী লোকক গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা মুক্তি দিয়া হয়।

ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিততে আজি সন্ধিয়া চিকিৎসালয় কৰ্তৃপক্ষই এই লোক কেইজনক মুক্তি কৰি দিয়ে।

মুক্তি কৰি দিয়া লোক কেইজন হৈছে- বঙাইগাঁৱৰ চাপ্ৰাকাটাৰ অনুপম ঠাকুৰীয়া, আমগুৰি পাৰ্ট ২ ৰ দীপক মল্লিক, ছহিদ বেদীৰ ববিতা বাচফৰ, ৰেইলৱে কলনীৰ ৰীণা বিশ্বকৰ্মা আৰু আফিয়া তবচুম (১৬)।

২৮ এপ্ৰিলত আফিয়া তবচুমৰ দেহত আৰু বাকী ৪ গৰাকীৰ দেহত ৩০ এপ্ৰিলত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ। প্ৰায় ৩-৪ বাৰ টেষ্টত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

ইফালে আজিৰ দিনটোত অসমত পুনৰ দুগৰাকী লোকৰ দেহত ক’ভিদ-১৯ পজিটিভ পোৱা গৈছে।

গুৱাহাটী আৰু মৰিগাঁৱৰ দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। কিছু সময় পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

জানিব পৰা মতে, নতুনকৈ আক্ৰান্ত হোৱা লোক দুজন হৈছে ক্ৰমে মহানগৰীৰ ফাঁচী বজাৰৰ ৫০ বছৰীয়া ব্যৱসায়ী মৰংগী চাহানী(৫০) আৰু জাগীৰোডৰ অমৰজ্যোতি ডেকা। চাহানীৰ ঘৰ ভূতনাথত৷

উল্লেখ্য যে অসমত এতিয়ালৈকে ৬৪ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। ইয়াৰে ২৩ জন চিকিৎসাধীন। ৩৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

Related News