• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাতৃ দিৱসৰ দিনা জন্ম দিয়া সন্তানৰ নাম কোভিড ৰাখিলে পশ্চিমবংগত কৰ্মৰত অসমৰ শ্ৰমিকে

পশ্চিমবংগৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ মানৱীয় আচৰণক কতৃজ্ঞতা জ্ঞাপন নৱজাতকৰ পিতৃৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 11, 2020 7:50 pm

2 min read

index.jpg42

নৱজাতক কোভিডৰ সৈতে মাতৃ আকমল বিবি, ফ'টো-হিন্দুস্তান টাইমছ

486
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে অসমৰ এগৰাকী প্ৰৱাসী মহিলা শ্ৰমিকে পশ্চিমবংগত এটা সন্তান জন্ম দিছে।

কোভিড১৯এ সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা সময়ত সন্তান জন্ম দিয়াৰ বাবে নৱজাতকটিৰ নাম ৰখা হৈছে কোভিড।

ঘটনাৰ বিৱৰণিৰ মতে দিন হাজিৰা কৰা আতাউৰ ৰহমান নামৰ প্ৰৱাসী শ্ৰমিকজনে জলপাইগুৰিৰ পৰা কোকৰঝাৰ জিলাৰ নিজ গৃহলৈ ২১ বছৰীয়া গৰ্ভৱতী পত্নীকলৈ অন্য কেইজনমান শ্ৰমিকৰ সৈতে এখন ট্ৰাকত উঠি আহি আছিল।

আলিপুদুৱাৰৰ এথালবাৰীৰ চেকপইণ্টত আৰক্ষীয়ে ট্ৰাকখনত তেওঁলোক দেখা পায় তাতে ৰখাই দেখে যে আকমল বিবি গৰ্ভৱতী।

লগে লগে আৰক্ষীৰ বাহনেৰে গৰ্ভৱতী আকমল বিবিক স্থানীয় চিকিৎসালয়লৈ নিয়ে আৰক্ষীয়ে।

ইয়াৰ পিছত আলিপুৰদুৱাৰ জেনেৰেল হাস্পতালত আকমল বিবিয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।

হাস্পতালৰ কতৃপক্ষই নৱজাতক সন্তানটোৰ নাম কোভিড ৰাখি আকমল বিবিৰ সৈতে মাতৃ দিৱস উদযাপন কৰে।

‘আৰক্ষীৰ সহায়ৰ বাবে মোৰ পত্নীয়ে সুস্থ সন্তান জন্ম দিব পাৰিলে। আৰক্ষীয়ে নৱজাতকৰ বাবে চাবোন কাপোৰকে আদি কৰি সকলোবোৰ আমাক যোগান ধৰিছে। আনকি পইচাও দিছে। তেওঁলোকক মই কেতিয়াও পাহৰিব নোৱাৰিম।’ নৱজাতকৰ পিতৃ ৰহমানে কয়।

‘নৱজাতকটি দেওবাৰে দিনৰ ১১.২৫ বজাত জন্ম লাভ কৰে আৰু তেওঁৰ ওজন ২.৪৪ কিলোগ্ৰাম। শিশুটি আৰু মাক দুয়ো এতিয়া সুস্থ। ইয়াৰ সমস্ত খৰচ ৰাজ্যৰ স্বাস্থ্য বিভাগে বহন কৰিছে।’ আলিপুৰদুৱাৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া পুৰণ শৰ্মাই কয়।

চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ পাছত এম্বুলেঞ্চেৰে তেওঁলোকক কোকৰঝাৰৰ ঘৰত থোৱা ব্যৱস্থা কৰা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।

ইফালে পশ্চিমবংগ আৰক্ষীয়ে অসমৰ কোকৰঝাৰ আৰক্ষীৰ সৈতে যোগাযোগ আন শ্ৰমিককেইজনক নিজ গৃহলৈ প্ৰেৰণ কৰে।

Tags: COVID-19

Recent News

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd