NORTHEAST NOW (Assamese)

বাক্সাত পিষ্টলসহ ৫ জন দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ, দুবছৰে সৃষ্টি কৰিছিল সন্ত্ৰাস

June 12, 2021 8:20 pm · দীপক কুমাৰ পাঠক

বাক্সাৰ মুছলপুৰত আৰক্ষীৰ বৃহৎ সাফল্য ৷

পিষ্টলসহ পাঁচ জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষী।
দুবছৰ ধৰি আৰক্ষীৰ মূৰৰ কামোৰণীৰ সৃষ্টি কৰি আহিছিল ডকাইতৰ দলটোৱে ৷

উল্লেখযোগ্য যে বিগত দুবছৰ ধৰি মাইক্ৰ’ ফাইনেন্সৰ কৰ্মচাৰীক লক্ষ্য কৰি পিষ্টল দেখুৱাই ধন লুট কৰিছিল ডকাইতৰ দলটোৱে ৷

মুছলপুৰ, বৰমা অঞ্চলত ডকাইতি কৰি আহিছিল দলটোৱে৷
এনে ডকাইতি কাণ্ডই নিদ্ৰা হৰিছিল আৰক্ষীৰ।

আৰক্ষীয়ে দুবছৰ ধৰি ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছিল যদিও আৰক্ষীৰ চকুত ধূলি দি চলাই আছিল এই ডকাইতি কাণ্ড ।

অৱশেষত বাক্সা জিলাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোক ৷

ডকাইতৰ দলটোৰ সদস্যসকল ক্ৰমে অঞ্জন দাস, গোপেশ দাস, হিমাংশু হালৈ, কুলদীপ ৰয় আৰু খনীন ডেকা ৷

ডকাইত কেইজনৰ পৰা এটা পিষ্টল,এখন মাৰুতী চুজুকী, এখন গ্ৰেণ্ড আই টেন, এখন ৰেদী গ’, দুখন বাইকৰ লগতে ৫ টা মোবাইল হেণ্ডচেট জব্দ কৰে আৰক্ষীয়ে।

সম্প্ৰতি অধিক তথ্যৰ বাবে ডকাইতৰ দলটোক মুছলপুৰ আৰক্ষীয়ে আৰক্ষী থানাত জেৰা চলাই আছে। ৷

Related News