• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয়; মুছলমানৰ প্ৰব্রজনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2021 8:36 pm
himmm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য দিছিল যে প্ৰব্ৰজনকাৰী মুছলমান সকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়াই হৈছে জনসংখ্যা বিস্ফোৰণ মূল কাৰণ, যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমি দেৱালয়, মন্দিৰ, সত্ৰ ইত্যাদিৰ ভূমি বেদখল কৰে। সেয়েহে উচ্ছেদৰ উপৰিও সম্পূৰ্ণ সমাধান হৈছে প্ৰব্ৰজনকাৰী মুছলমানৰ পৰিয়াল পৰিকল্পনা।

 

Apply Now

মুখ্যমন্ত্ৰীৰ এই মন্তব্য সম্পূৰ্ণ তথ্যৰ বিৰুদ্ধে বুলি গুৰুতৰ অভিযোগ তুলিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু ভূঞাই।

 

তেওঁৰ মতে “মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয়; প্ৰব্রজনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ।”

 

ইয়াৰ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় “এয়াই যদি সত্য হয় তেন্তে অসম আন্দোলন, NRC কৰাৰ কোনো প্ৰয়োজন নাছিল, কেৱল জন্ম নিয়ন্ত্ৰণ কৰিয়েই বিদেশী সমস্যাৰ সমাধান কৰিব পাৰিলেহেতেন।”

 

প্ৰথম কাৰণ উল্লেখ কৰি হাজৰিকাই কয় “অসমত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য, কংগ্ৰেছ আৰু বিজেপি দুয়োখন চৰকাৰে যোৱা ৩০ বছৰে দি আহিছে। ১৯৯২ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ৩২ লাখ অনুপ্ৰৱেশকাৰীৰ উমান দিছিল।

 

“২০০৪ চনত কংগ্ৰেছৰ গৃহৰাজ্য মন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে ৫০ লাখ অনুপ্ৰৱেশকাৰী আৰু ২০১৬ চনত বিজেপিৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী শ্ৰী কিৰণ ৰিজিজুয়ে ৮০ লাখ বাংলাদেশী অনুপ্ৰৱেশ কাৰী অসমত আছে বুলি সংসদত তথ্য দাঙি ধৰিছিল, যিটো অসমৰ মুঠ জনসংখ্যাৰ ২৫%।” হাজৰিকাই লগতে কয়।

 

তেওঁ আৰু প্ৰশ্ন কৰি কয় “যদি উপৰোক্ত তথ্যখিনি ভুলেই আছিল, তেন্তে সকলো সময়তে শাসকীয় দলত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ কিয় নিদিলে?”

 

“ডিচেম্বৰ,২০১৪ চনত অসম সন্মিলিত মহা সংঘই দিয়া আবেদনত, উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে ২০০৪ চনত অসমত ৫০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিল।

উল্লেখযোগ্য যে ১০ ছেপ্টেম্বৰ ২০১২ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই একে মন্তব্য দাঙি ধৰিছিল যে অসমত জনসংখ্যা বিস্ফোৰণ অনিয়ন্ত্ৰিতভাৱে প্ৰব্ৰজনকাৰী মুছলমানে সন্তান জন্ম দিয়াৰ কাৰণে হৈছে।” হাজৰিকাই লগতে কয়।

হাজৰিকাই দ্বিতীয় কাৰণ বাখ্যা কৰি কয় “অসমলৈ যে বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা নাই সেইটো প্ৰমাণ কৰাৰ প্ৰচেষ্টাতে প্ৰব্ৰজনকাৰী সকলৰ প্ৰতিনিধিসকলেও মাজে মাজে মুখ্যমন্ত্ৰীয়ে দিয়া ধৰণৰ একেই মন্তব্য দিয়ে।”

” এই ক্ষেত্ৰত দিল্লী স্থিত জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নন্দিতা শইকীয়াই চৰ-জমিন তদন্ত কৰি প্ৰমাণ কৰিলে যে কেৱল অনিয়ন্ত্ৰিত ভাবে সন্তান জন্ম দিয়াটোয়েই জনসংখ্যা বিস্ফোৰণৰ ভিত্তি নহয়, প্ৰব্ৰজনৰ বাবে হে অসমত জনসংখ্যা বিস্ফোৰণ হৈছে।” হাজৰিকাই কয়।

হাজৰিকাই লগতে কয় “এখন ৰাষ্ট্ৰীয় কাকতত আজি প্ৰকাশিত তথ্য অনুসৰি অসমৰ মুছলমানৰ Net Fertility Rate ( প্ৰজনন হাৰ) ২০০৪ চনত ৩.৬ ৰ পৰা ২০২০ ত ২.৪ লৈ নামিছে।”

“তাৰ পিছত তেওঁ ঢোল-দগৰ বজাই উচ্ছেদ অভিযানৰ ঘোষণা কৰিলে আকৌ একসপ্তাহৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰি মন্তব্য দিয়ে যে উচ্ছেদ অভিযান লাভ নহব, পৰিয়াল পৰিকল্পনা হে মূল বিষয়।” তেওঁ এইদৰে কয়।

হাজৰিকাৰ প্ৰশ্ন “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ
চৰকাৰেই হওঁক বা বিজেপি চৰকাৰেই হওঁক, চৰকাৰী তথ্য কিয় ইমান পলম কৈ মানিব খোজা নাই?
তেওঁৰ মন্তব্য বিলাক স্বৰ্গীয় তৰুণ গগৈৰ মন্তব্যৰ দৰেই কিয় একে হ’ব ধৰিছে?
তেওঁ এতিয়া বিজেপিতো কংগ্ৰেছী দৰ্শন প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd