এজনী কইনা আৰু এজন নহয়, পাঁচটাকৈ দৰা।
আৰু আটাইতকৈ আমোদজনক কথাটো হৈছে, আটাইকেইটা দৰাকে এৰি কইনা পলাল!
ঘটনাটো ঘটিছে মধ্য প্ৰদেশৰ ভূপাল জিলাত।
ভূপাল জিলাৰ কইনাগৰাকীক বিয়া কৰাই নিবলৈ হাৰদা জিলাৰ পৰা এজন দৰা তেওঁৰ আত্মীয়সকলৰ স’তে আহে।
কিন্তু আহি দেখা পায় যে কইনাৰ ঘৰত কোনো বিবাহানুষ্ঠান নাই, তদুপৰি কইনাকে ধৰি কইনাঘৰীয়া পৰিয়ালৰো কোনো ঘৰত উপস্থিত নাই!
তাৰ পাছতে তেওঁলোকে আৰক্ষী থানালৈ গোচৰ তৰিবলৈ যায়, কিন্তু তেওঁলোকক আচৰিত কৰি আন চাৰিটা গোচৰীয়া পক্ষইও একেটা অভিযোগতে থানালৈ আহিছে।
কোলাৰ ৰোড আৰক্ষী থানাত আটাইকেইজন দৰাই ইজনে সিজনক লগ পায়!
ইতিমধ্যে ঘটনাটোত এগৰাকী মহিলা আৰু দুজন পুৰুষক আটক কৰা হৈছে।
আটক কৰা অভিযুক্তকেইজনৰ ওপৰত ৪২০ ধাৰা আৰোপ কৰা হৈছে আৰু অনুসন্ধান চলি আছে।
অভিযোগপত্ৰত দৰাই কোৱামতে, বৃহস্পতিবাৰে তেওঁ নিজৰ বিবাহ উপলক্ষে ভূপালৰ কোলাৰ ৰোড অঞ্চলত থকা কইনাৰ ঘৰলৈ আহে, কিন্তু আহি দেখা পায় যে ঘৰত তলা মৰা।
তাৰপাছতে কইনাঘৰৰ মানুহলৈ তেওঁ সংযোগ কৰিব বিচাৰে কিন্তু তেওঁলোকৰ মোবাইল ফোন চুইচ অফ কৰা অৱস্থাত পায়।
আৰক্ষীয়ে জনোৱা মতে, গোটেই চক্ৰান্তটো তিনিজন লোকে কৰি আছিল।
তেওঁলোক আটাইকেইওজনকে আটক কৰা হৈছে।
তেওঁলোকৰ চক্ৰান্তৰ লক্ষ্য হৈছে যিবিলাক জিলাত পুৰুষে বিবাহোপযোগী কইনা বিচাৰি পোৱাটো কঠিন।
সেয়ে তেওঁলোকে আটাইকেইজন দৰাক একেজনী কইনা দেখুৱালে, যি চক্ৰান্তটোৰ অন্যতম অংশীদাৰ।
আৰক্ষীয়ে জনোৱামতে, প্ৰত্যেকৰে পৰা বিয়াৰ বন্দোৱস্তিৰ বিনিময়ত তেওঁলোকে সংগ্ৰহ কৰিছিল ২০,০০০ টকা।