• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গাৰ নোম শিয়ৰি উঠা দৃশ্য; কণ্টেনাৰৰ খুন্দাত জ্বলি ছাই হ’ল কাৰৰ ভিতৰত থকা ৫জন লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 10:18 am

1 min read

গাৰ নোম শিয়ৰি উঠা দৃশ্য; কণ্টেনাৰৰ খুন্দাত জ্বলি ছাই হ’ল কাৰৰ ভিতৰত থকা ৫জন লোক
356
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা এক্সপ্ৰেছ ৱেৰ পৰা এটা ডাঙৰ আৰু অত্যন্ত বেদনায়ক খবৰ আহিছে।

আজি পুৱতি নিশা আগ্ৰাৰ খন্দোলী অঞ্চলৰ এক্সপ্ৰেছ ৱেত এখন কণ্টেনাৰৰ লগত হোৱা মুখামুখি সংঘৰ্ষত কাৰত থকা ৫ গৰাকীকৈ লোক জ্বলি ছাই হোৱা বুলি জানিব পৰা গৈছে।

কাৰখন জ্বলি যোৱাৰ লগে লগে যাত্ৰী পাঁচগৰাকীয়ে সহায়ৰ বাবে চিঞঁৰিছিল যদিও স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে।

ইফালে এই ঘটনাৰ এঘণ্টা দেৰিকৈ ঘটনাস্থলত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়।

জানিব পৰা মতে, ভুল দিশৰ পৰা আহি থকা নাগালেণ্ড নম্বৰৰ কণ্টেনাৰখনে খুন্দিওৱাৰ ফলতেই এই ভয়ংকৰ তথা গাৰ নোম শিয়ৰি উঠা ঘটনাটো সংঘটিত হয়।

এই ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা লোক কেইজন লক্ষ্ণৌৰ বুলি কোৱা হৈছে।

য়ু পি ৩২ কে ডব্লিউ ৬৭৮৮ নম্বৰৰ গাড়ীখনত লক্ষ্ণৌৰ পৰা পাঁচজন লোকে দিল্লীলৈ যাত্ৰা কৰি থকা বুলি প্ৰাথমিক পৰ্যায়ৰ তদন্তত জানিব পৰা গৈছে। অৱশ্যে সঠিক তথ্য পৰৱৰ্তী সময়হে পোহৰলৈ আহিব।

এই দুৰ্ঘটনাটো দেখা লোকৰ মতে, কণ্টেনাৰখনে কাৰখনক ইমানেই তীব্ৰ গতিত খুন্দিয়াইছিল যে লগে লগে কাৰখন দপদপকৈ জ্বলি উঠে।

গাড়ীখনৰ ভিতৰত থকা লোকসকলে সহায়ৰ বাবে চিঞৰিছিল কিন্তু মাত্ৰ কেই ছেকেণ্ড মানৰ ভিতৰতেই গাড়ীখন দাউ দাউকৈ জ্বলি উঠাৰ বাবেই কোনো লোকে সহায় আগবঢ়াব নোৱাৰিলে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd