NORTHEAST NOW (Assamese)

গোগামুখৰ একেখন বিদ্যালয়ৰে ৫ জন ছাত্ৰ নিৰুদ্দেশ ; হাহাকাৰ অৱস্থা ৫ টা পৰিয়ালৰ

February 14, 2025 10:21 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 14, 2025 10:27 am

এক ঘটনাই চাঞ্চল্যকৰ  পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ অসমত। ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ পৰা একেলগে নিৰুদ্দেশ হৈছে ৫ জনকৈ ছাত্ৰ।

জানিব পৰা মতে, ছাত্ৰকেইজন একেখন স্কুলৰে ছাত্ৰ। গোগামুখৰ বৰদলনিত লিটিল গড মডেলত নৱম শ্ৰেণীত অধ্যয়োন কৰি আছিল ছাত্ৰ কেইজনে।

জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰকেইজন।

নিৰুদ্দিষ্ট ছাত্ৰকেইজন হ’ল অঙ্কুৰজ্যোতি গগৈ, ভৱেশ গগৈ, ইগাঙ্কু দত্ত, ৰক্তিম মুখীয়া আৰু ৰূপেন্দ্ৰ সোণোৱাল।

ইয়াৰে চাৰিজন ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ সময়ত সন্ধানহীন হোৱাৰ বিপৰীতে আন এগৰাকী ঘৰৰ পৰাই নিৰুদ্দেশ হয়।

ছাত্ৰকেইজনৰ আত্মীয়ই সন্দেহ কৰা মতে, পৰিকল্পিতভাবে আন ঠাইলৈ পলায়ন কৰিছে ছাত্ৰকেইজনে।

ইতিমধ্যে স্থানীয় আৰক্ষীয়ে ছাত্ৰকেইজনক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

অৱশ্যে ছাত্ৰকেইজন নিজেই পলাই গৈছে নে ছাত্ৰকেইজনক অপহৰণ কৰা হৈছে সেই সম্পৰ্কে আৰক্ষী বা পৰিয়ালৰ লোকে কোনো শুং সূত্ৰ লাভ কৰা নাই।

Related News