এক গুৰুত্বপূৰ্ণ ৰায়দানত এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত থকা দীৰ্ঘদিনীয়া সন্মতিপূৰ্ণ সম্পৰ্কক কেৱল বিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। এই ৰায়দানৰ জৰিয়তে ন্যায়ালয়ে অভিযুক্ত সঞ্জয় সৰোজ ওৰফে সঞ্জয় কুমাৰৰ বিৰুদ্ধে থকা ধৰ্ষণৰ গোচৰকে ধৰি সকলো অপৰাধমূলক গোচৰ বাতিল কৰে।
ন্যায়াধীশ বিবেক কুমাৰ সিঙৰ একক বিচাৰপীঠে এই নিৰ্দেশ দি কয় যে দুয়োৰে মাজৰ সম্পৰ্ক পাৰস্পৰিক সন্মতিৰ ভিত্তিতহে গঢ়ি উঠিছিল আৰু অভিযুক্তৰ বিৰুদ্ধে কোনো অপৰাধ প্ৰমাণিত হোৱা নাই।
৩৪ পৃষ্ঠাৰ এই ৰায়দানত ন্যায়ালয়ে কয় যে যদি অভিযোগকাৰীয়ে অভিযুক্তৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে সম্পূৰ্ণ সন্মতি দিছিল, তেন্তে অভিযুক্তক ধৰ্ষণৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি। ন্যায়ালয়ে লগতে লক্ষ্য কৰে যে অভিযুক্তৰ আচৰণত ক্ষুণ্ণ হৈহে মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল। আনকি গোচৰ ৰুজু হোৱাৰ পিছত অভিযোগকাৰীয়ে অভিযুক্তক বিয়া কৰাইছিল, যিয়ে প্ৰমাণ কৰে যে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈহে এই গোচৰ তৰা হৈছিল। ন্যায়ালয়ে ইয়াক এনে এক বিৰল ঘটনা বুলি অভিহিত কৰিছে য’ত গোচৰ চলাই নিয়াটো অৰ্থহীন আৰু ই ন্যায়িক প্ৰক্ৰিয়াৰ চৰম অপব্যৱহাৰ কৰাৰ দৰে হ’ব।
এই গোচৰটো প্ৰয়াগৰাজৰ কৰ্ণেলগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত, য’ত ২০১৯ চনত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। প্ৰতাপগড়ৰ নিবাসী অভিযোগকাৰী মহিলাগৰাকীয়ে ২০১৪ চনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়াগৰাজলৈ আহিছিল। অভিযুক্ত আছিল তেওঁৰ এজন দূৰ সম্পৰ্কীয় আত্মীয় যিয়ে তেওঁক পঢ়া-শুনা আৰু থকাৰ ক্ষেত্ৰত সহায় কৰিছিল। এই সময়ছোৱাতে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ে আৰু তেওঁলোক প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হয়। পিছলৈ মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে অভিযুক্তই বিয়াৰ ভুৱা প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল আৰু পিছত বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল। লগতে তেওঁক মাৰপিট কৰা আৰু ব্লেকমেইল কৰাৰো অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে স্বাস্থ্য পৰীক্ষাত মহিলাগৰাকীৰ দেহত কোনো আঘাতৰ চিহ্ন পোৱা হোৱা নাছিল।
দুয়োপক্ষৰ যুক্তি আৰু তথ্য পৰীক্ষা কৰাৰ পিছত ন্যায়ালয়ে কয় যে তেওঁলোকৰ সম্পৰ্ক ২০১৪ চনৰ পৰা ২০১৯ চনলৈ প্ৰায় পাঁচ বছৰ ধৰি চলিছিল। উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায়দানৰ উদ্ধৃতি দি স্পষ্ট কৰে যে ধৰ্ষণৰ গোচৰ তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া প্ৰমাণিত হয় যে বিয়াৰ প্ৰতিশ্ৰুতি আৰম্ভণিৰে পৰাই ভুৱা আছিল। পাঁচ বছৰীয়া দীৰ্ঘদিনীয়া সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিবাৰেই কেৱল বিয়াৰ প্ৰতিশ্ৰুতিৰ বাবেই সন্মতি দিয়া হৈছিল বুলি মানি লোৱাটো কঠিন বুলিও ন্যায়ালয়ে প্ৰকাশ কৰে। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অৱনতি ঘটিলেই তাক প্ৰতাৰণা বা ধৰ্ষণ বুলি কোৱাটো আইনৰ অপব্যৱহাৰ বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়খনে প্ৰয়াগৰাজৰ আদালতত অভিযুক্তৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ বাতিল কৰাৰ নিৰ্দেশ দিয়ে।





