এটা মেছেজৰ অপেক্ষা। বাৰে বাৰে ফোনৰ স্ক্ৰীনলৈ চকু। সি অনলাইনলৈ আহিল নেকি, শেষবাৰৰ বাবে কেতিয়া অনলাইন আছিল, কিয় এতিয়াও উত্তৰ দিয়া নাই—এনে অগণন প্ৰশ্নই যদি মনত ঘূৰি থাকে, তেন্তে সেই অনুভূতিক কেৱল ভালপোৱা বুলি ক’ব পাৰিনে? বহু সময়ত এটা সৰু ‘হাই’ বা ‘কি কৰি আছা?’ মেছেজেই নিমিষতে মন ভাল কৰি দিয়ে। আকৌ অলপ সময় যোগাযোগ নোহোৱাতেই আৰম্ভ হয় অস্থিৰতা, উৎকণ্ঠা আৰু নানা আশংকা। মনোবিজ্ঞানত এনে অভিজ্ঞতাৰ সৈতে জড়িত এটা শব্দ হৈছে ‘লিমেৰেন্স’।
লিমেৰেন্স হৈছে কোনো এজন ব্যক্তিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অত্যন্ত তীব্ৰ আকৰ্ষণ, কল্পনা, আশা আৰু চিন্তাৰ এক মানসিক অৱস্থা। নতুনকৈ কাৰোবাক ভাল লাগিলে তেওঁৰ কথা বাৰে বাৰে মনলৈ অহা, তেওঁৰ মেছেজৰ অপেক্ষা কৰা বা তেওঁৰ সৈতে ভৱিষ্যতৰ কথা কল্পনা কৰা স্বাভাৱিক। কিন্তু সমস্যা তেতিয়াহে হ’ব পাৰে, যেতিয়া সেই এজন মানুহে ধীৰে ধীৰে মনৰ ইমান ডাঙৰ অংশ অধিকাৰ কৰি লয় যে দৈনন্দিন জীৱনৰ আন কথাবোৰ পিছুৱাই যায়।
কৰ্মক্ষেত্ৰত থকাৰ সময়তো তেওঁৰ কথা মনলৈ আহিছে, পঢ়িবলৈ বহিলে তেওঁৰ সামাজিক মাধ্যমৰ প্ৰফাইল চাবলৈ মন গৈছে, শুবলৈ যাওঁতে দিনটোত কোৱা প্ৰতিটো কথাৰ অৰ্থ বিচাৰিছে—এনে অভ্যাস বাৰে বাৰে চলি থাকিলে নিজকে এবাৰ ৰখাই সোধাৰ সময় আহে। লিমেৰেন্সৰ ক্ষেত্ৰত অনিচ্ছাকৃতভাৱে একে চিন্তা বাৰে বাৰে ঘূৰি আহিব পাৰে। কেতিয়াবা আনন্দ, কেতিয়াবা হতাশা, কেতিয়াবা আশা আৰু কেতিয়াবা ভয়—আৱেগৰ এই দ্ৰুত উঠা-নমাই মানুহজনৰ মানসিক স্থিৰতাতো প্ৰভাৱ পেলাব পাৰে।
কিন্তু এটা মেছেজে কিয় ইমান আনন্দ দিয়ে, আৰু এটা নিৰৱতাই কিয় ইমান অস্থিৰ কৰি তোলে? ইয়াৰ আঁৰত থাকিব পাৰে অনিশ্চয়তা। ‘সি মোক ভাল পায় নেকি?’, ‘আজি ইমান কথা পাতিলে কিয়?’, ‘কালি ইমান আন্তৰিক আছিল, আজি কিয় নীৰৱ?’, ‘মেছেজৰ উত্তৰ দিবলৈ ইমান সময় কিয় লাগিছে?’—এনে প্ৰশ্নই বহু সময়ত আকৰ্ষণক আৰু অধিক তীব্ৰ কৰি তোলে। মেছেজ আহিলে মন আনন্দিত হয়, অলপ বেছি সময় কথা পাতিলে সম্পৰ্কটো আগবাঢ়িছে বুলি ভাব হয়, আকৌ উত্তৰ নাহিলে মনত সন্দেহ আৰু অস্থিৰতা আৰম্ভ হয়। লাহে লাহে যেন নিজৰ আৱেগৰ নিয়ন্ত্ৰণটো আন এজনৰ হাতলৈ গুচি যায়।
লিমেৰেন্সৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে আদৰ্শীকৰণ। যিজন মানুহক ভাল লাগে, তেওঁৰ ভাল গুণবোৰ তেতিয়া বেছি স্পষ্ট দেখা যায়। তেওঁৰ সীমাবদ্ধতা, ভুল বা কোনো কোনো আচৰণ, যিবোৰ সাধাৰণ অৱস্থাত হয়তো বিৰক্তিকৰ লাগিলেহেঁতেন, সেইবোৰো সহজে উপেক্ষা কৰিব পাৰি। কাৰণ বাস্তৱ মানুহজনৰ উপৰিও মনৰ ভিতৰত তেওঁৰ এক ‘সম্পূৰ্ণ’ ছবি গঢ় লৈ উঠে।
বাস্তৱত হয়তো তেওঁ দিনটোত এঘণ্টা কথাই পাতে। কিন্তু কল্পনাত তেওঁ যেন গোটেই দিনটোৰ সংগী। ভৱিষ্যতে সম্পৰ্কটো ক’লৈ যাব, দুয়োৰে জীৱন কেনেকুৱা হ’ব, একেলগে কি কৰিব—এনে বহু কাহিনী মনৰ ভিতৰতে নিৰ্মাণ হৈ যায়। ফলত কেতিয়াবা বাস্তৱ মানুহজনতকৈ তেওঁক লৈ সৃষ্টি হোৱা সম্ভাৱনাখনেই অধিক আকৰ্ষণীয় হৈ পৰে।
প্ৰেম আৰু লিমেৰেন্সৰ মাজত পাৰ্থক্যও ইয়াতে। প্ৰেম গভীৰ আৰু তীব্ৰ হ’ব পাৰে, কিন্তু সুস্থ সম্পৰ্ক সাধাৰণতে সময়ৰ সৈতে বিশ্বাস, নিৰাপত্তা, পাৰস্পৰিক বুজাবুজি আৰু বাস্তৱ স্বীকৃতিৰ দিশে আগবাঢ়ে। মানুহজনৰ ভাল গুণৰ লগতে সীমাবদ্ধতাবোৰো দেখা যায়। বিপৰীতে লিমেৰেন্সত অনিশ্চয়তা, অপেক্ষা আৰু নিশ্চিত হ’ব বিচৰাৰ তীব্ৰ বাসনাই অধিক গুৰুত্ব লাভ কৰিব পাৰে। মানুহজন ওচৰত থাকিলে অতি আনন্দ, অলপ দূৰ হ’লেই অস্থিৰতা, আৰু সামান্য মনোযোগকো ডাঙৰ সংকেত হিচাপে ব্যাখ্যা কৰাৰ প্ৰৱণতা দেখা যাব পাৰে।
অৱশ্যে লিমেৰেন্সক নিজে এটা মানসিক ৰোগ হিচাপে ধৰা নহয়। সেয়ে কাৰোবাক লৈ বেছি ভাবিলেই নিজৰ ওপৰত লিমেৰেন্সৰ ছাপ লগাই লোৱাটোও উচিত নহয়। মূল কথা হৈছে এই অনুভূতিয়ে জীৱনত কিমানখিনি প্ৰভাৱ পেলাইছে। মানুহজনৰ মেছেজৰ ওপৰত যদি নিজৰ মেজাজ নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে, কাম, পঢ়া-শুনা, টোপনি বা আন সম্পৰ্কত ব্যাঘাত ঘটে, আৰু চেষ্টা কৰিও সেই চিন্তাবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰি, তেন্তে বিষয়টো গুৰুত্বসহকাৰে চোৱাৰ প্ৰয়োজন আছে।
এনে অৱস্থা যদি দীঘলীয়া হয় আৰু মানসিক কষ্টৰ কাৰণ হৈ উঠে, তেন্তে মনোবিজ্ঞানী বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সৈতে কথা পতাটো সহায়ক হ’ব পাৰে। কাৰোবাক ভালপোৱা, তেওঁৰ মেছেজৰ অপেক্ষা কৰা বা তেওঁৰ সৈতে ভৱিষ্যতৰ সপোন দেখা একেবাৰে স্বাভাৱিক মানৱীয় অনুভূতি। কিন্তু যেতিয়া এজন মানুহক কেন্দ্ৰ কৰি আপোনাৰ সময়, মন, আৱেগ, কল্পনা আৰু সুখ—সকলোবোৰ একেলগে ঘূৰিবলৈ আৰম্ভ কৰে, তেতিয়া প্ৰশ্নটো কেৱল ‘মই প্ৰেমত পৰিছোঁ নেকি?’ বুলি নাথাকে। তেতিয়া অধিক গভীৰ প্ৰশ্নটো হ’ল—মই সঁচাকৈ মানুহজনক ভাল পাইছোঁ নে তেওঁৰ সৈতে জড়িত এক অনিশ্চিত কল্পনাৰ জগতত নিজকে হেৰুৱাই পেলাইছোঁ?





