পেৰাচিটামলকে ধৰি ৫০ টা ঔষধৰ নাই গুণগত মান : জাৰি কৰা হৈছে সতৰ্কবাণী

কিবা এটা সমস্যা হ’লেই, গা মূৰ বেয়া লাগিলেই পেৰাচিটামল খোৱাৰ অভ্যাস আছে নেকি? যদি এনে অভ্যাস আছে তেন্তে সাৱধান হওক। এতিয়াই বন্ধ কৰক এই অভ্যাস।

কাৰণ পেৰাচিটামলকে ধৰি কমেও ৫০টা ঔষধৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ মতে ইয়াৰে অধিকাংশই অমান্য ঔষধ। গতিকে সতৰ্কবাণী জাৰি সংস্থাটোৱে।

শেহতীয়াকৈ প্ৰায় ৫০টা ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছে, য’ত পেৰাচিটামল আৰু কেইবাটাও এন্টিবায়টিকো আছে। পৰীক্ষাত ঔষধসমূহ নিম্নমানৰ বুলি প্ৰমাণিত হৈছে বুলি দাবী কৰা হৈছে।

দেশৰ সৰ্বোচ্চ ঔষধ নিয়ন্ত্ৰণ সংস্থাই কয় যে এইসমূহ ঔষধৰ মানদণ্ড একেবাৰেই ভাল নহয়।

সূত্ৰ অনুসৰি ঔষধ প্ৰস্তুত কৰা ঔষধ কোম্পানীলৈ জাননী প্ৰেৰণ কৰা হৈছে। একে সময়তে যিবোৰ ঔষধৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, সেইবোৰ ঔষধ শীঘ্ৰে বজাৰৰ পৰা উলিয়াই নিয়াৰ নিৰ্দেশ দিয়া হৈছে।

চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে জনোৱা মতে, আক্ৰমণ আৰু উদ্বেগজনক বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা ক্ল’নাজেপাম টেবলেট, বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাটাও এন্টিবায়টিক, এন্টি-হাইপাৰটেনচন ঔষধ টেলমিছাৰটানকে ধৰি, আৰু কিছুমান মাল্টিভিটামিন আৰু কেলচিয়াম টেবলেট অতি নিম্নমানৰ।

ইয়াৰে অধিকাংশ ঔষধ হিমাচল প্ৰদেশত প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও জয়পুৰ, হায়দৰাবাদ, বদোদৰাৰ পৰা অধিক নিম্নমানৰ ঔষধৰ নমুনা সংগ্ৰহ কৰা হয়।

উল্লেখ্য যে কেৱল বিগত বৰ্ষত হিমাচলত নিৰ্মিত ১২০টা ঔষধ অমান্য বুলি চিনাক্ত কৰা হৈছে।