কাৰ্বি আংলঙত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে।
জানিব পৰা মতে ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৪ নং দেওপানী সমষ্টিৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য প্ৰয়াত বৰছিং ৰংপিৰ ঘৰত বনকৰা মহিলা হিচাপে আছিল।
খবৰ অনুসৰি শান্তিপুৰৰ নিবাসী বুবু বেটলাৰ নামৰ ব্যক্তিজনে পানীৰ মটৰ মেৰামতি কৰাৰ উদ্দেশ্যেৰে ঘৰটোত প্ৰৱেশ কৰিছিল যদিও সেই সময়ত কিশোৰীগৰাকীৰ বাহিৰে ঘৰত কোনো নথকাৰ সুযোগত কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে।
সংবাদ মাধ্যমৰ আগত ভুক্তভোগীয়ে কোৱা মতে বুবু বেটলাৰে কিশোৰীগৰাকীক পিছফালৰ পৰা সাৱটি ধৰি তাৰ পিছত বিচনা এখনলৈ টানি লৈ গৈছিল আৰু ব্যক্তিগত অংগ স্পৰ্শ কৰিছিল।
ভুক্তভোগী কিশোৰীগৰাকীয়ে কয়, “মোক জোৰকৈ বিচনালৈ টানি লৈ যোৱা হৈছিল আৰু তাৰ পিছত যেতিয়া মোৰ ব্যক্তিগত অংশ স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া মই তেওঁৰ হাতত প্ৰহাৰ কৰি কোনোমতে ওচৰৰ দোকান এখনৰ ফালে লৰালৰিকৈ ওলাই আহিছিলো।”
ইফালে বৰপথাৰ থানাৰ গোচৰ নং. ৩৬/২৩ৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/ ৩৫৪ (এ) আৰু প’কছ’ আইনৰ ৮ নং ধাৰাত বুবু বেটলাৰৰ বিৰুদ্ধে সোমবাৰে পুৱা ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যই গোচৰ পঞ্জীয়ন কৰে।
আনহাতে, অভিযুক্ত বুবু বৰ্তমান পলাতক হৈ আছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।