• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ বছৰ চেষ্টা, ২৩ বাৰ ফেইল, অৱশেষত ৫৬ বছৰত MSc উত্তীৰ্ণ; এগৰাকী ছিকিউৰিটি গাৰ্ডৰ সংগ্ৰামী জীৱনৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 2:24 pm
ৰাজকৰণ বৰুৱা। ফটো সৌজন্যঃ টাইমছ অফ ইণ্ডিয়া।

ৰাজকৰণ বৰুৱা। ফটো সৌজন্যঃ টাইমছ অফ ইণ্ডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ নাম ৰাজকৰণ বৰুৱা। এই ব্যক্তিজনে এম এছ চি ডিগ্ৰী লাভৰ বাবে প্ৰায় আধা জীৱন শেষ কৰিলে, কিন্তু সাহস নেহেৰুৱালে। এই সময়ছোৱাত বৰুৱাক মানুহে বহুত ঠাট্টা কৰিছিল যদিও তেওঁ কেৱল নিজৰ লক্ষ্যৰ দিশে ধাৱমান হৈ থাকিল। ধৈৰ্য্যৰে কঠোৰ পৰিশ্ৰম কৰি গ’ল। ফলাফল চাওক, একেৰাহে ২৩ বাৰ ফেইল কৰাৰ পিছত অৱশেষত ৫৬ বছৰ বয়সত পৰীক্ষাত উত্তীৰ্ণ হ’ল বৰুৱাই।

বৰুৱা জবলপুৰৰ বাসিন্দা। তেওঁ নিজৰ সপোনক জীয়াই ৰাখিছে বুলি ক’লেও ভুল নহ’ব। সম্পূৰ্ণ কৰিবলৈ ২৫ বছৰ লাগিলেও আজি তেওঁ গৌৰৱেৰে কৈছে – মোৰ এম এছ চি (গণিত) ডিগ্ৰী আছে।

টাইমছ অৱ ইণ্ডিয়াক বৰুৱাই কয় যে ২০২১ চনত যেতিয়া তেওঁ এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেতিয়া তেওঁৰ আনন্দৰ কোনো সীমা নাছিল। পৰিস্থিতি এনেকুৱা আছিল যে নিজেই বন্ধ কোঠা এটাত তেওঁ আনন্দত জপিয়াই নিজকে অভিনন্দন জনাইছিল। বৰুৱাই ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ পৰা গণিতত এম এচ চি কৰিবলৈ পঞ্জীয়ন কৰিছিল।

Apply Now

লগতে পঢ়কঃ IIT, IIM-ত অধ্যয়ন, গঢ়ি তোলে কেইবাশ কোটি টকাৰ কোম্পানী! কিন্তু এইবাৰ ২০ বছৰ খাব লাগিব জেলৰ ভাত

তেওঁ কয় যে ১৯৯৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে এম এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ফেইল কৰিছিল। পৰৱৰ্তী ১০ বছৰ পাঁচটা বিষয়ৰ ভিতৰত এটা বিষয়হে উত্তীৰ্ণ হ’ব পাৰিছিল যদিও কেতিয়াও হাৰ মনা নাছিল।

তেওঁ কয়, ‘মানুহে কি ভাবে তাক লৈ মই কেতিয়াও চিন্তা কৰা নাছিলো। কেৱল মোৰ সপোন পূৰণত মনোনিৱেশ কৰিছিলো।’ অৱশেষত ২০২০ চনত বৰুৱাই প্ৰথম বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হয়। পিছৰ বছৰতে অৰ্থাৎ ২০২১ চনত তেওঁ দ্বিতীয় বৰ্ষও ক্লিয়াৰ কৰিলে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰুৱাই পঢ়া-শুনাৰ লগতে কাম কৰিছিল। আনৰ ঘৰতো কাম কৰি জীৱিকা উপাৰ্জন কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ ডাবল শ্বিফটত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আহিছে। যাৰ বাবে তেওঁ প্ৰতিমাহে ৫ হাজাৰ টকা পাইছিল। এই সময়ছোৱাত বহু প্ৰতিকূল পৰিস্থিতি আহিছিল যদিও বৰুৱাই হাৰ মনা নাছিল।

লগতে পঢ়কঃউদ্বেগজনক! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক ১০৮ বাৰ কম্পাছেৰে খুচিলে সহপাঠীয়ে; থানাত অভিযোগ দাখিল পিতৃৰ

১৯৯৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াক সম্পূৰ্ণ কৰাৰ কাহিনীও কম প্ৰেৰণাদায়ক নহয়। পুৰণি কিতাপ কিনি শিক্ষা অৰ্জন কৰিছিল। বেছিভাগ কিতাপ স্ক্ৰেপ ব্যৱসায়ীৰ পৰা কিনি আনিছিল। ইয়াৰ পিছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী ল’বলৈ মন বান্ধে। কিন্তু সেইটো সম্পূৰ্ণ কৰিবলৈ যে এইদৰে আধা জীৱন গুচি যাব তাৰ কোনো ধাৰণা তেওঁৰ নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd