ধুবুৰীত আৰক্ষীৰ ৫৭০ কিলোগ্ৰাম গাঞ্জা জব্দ, দুজনক আটক

ধুবুৰী আৰক্ষীয়ে ৩১ মে’ৰ নিশা এক অভিযান চলাই অসম-বংগৰ সীমান্তৱৰ্তী এলেকা ছাগলীয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মাল ভৰ্তি ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰে।

আৰক্ষীয়ে য়ুপি ৬৫ চি টি ৬৯৯৫ নম্বৰৰ ট্ৰাকখন বৰপেটা জিলাৰ পৰা ছাগলীয়া হৈ পশ্চিমবংগৰ ছিলিগুৰি অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ৯৫ টা পেকেট জব্দ কৰে য’ত ৫৭০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী আছিল।

ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক টি ভূঞাই কয় যে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি তেওঁ ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু উপ পৰিদৰ্শক বিধান সিং বসুমতাৰীক মালবাহী ট্ৰাকৰ ওপৰত তালাচী চলোৱাৰ নিৰ্দেশ দিয়ে। আৰু সেই অনুসৰি আৰক্ষীৰ দলটোৱে তালাচী চলাই নিচাজাতীয় সামগ্ৰীসহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ট্ৰাকখনৰ লগতে আটক কৰা দুজন লোকক ক্ৰমে মহাৰাষ্ট্ৰৰ থানে জিলাৰ নাওপাৰা আৰক্ষী থানাৰ অধীনৰ সিদ্ধেশ্বৰ তালবৰ ৰামাবধ যাদৱৰ পুত্ৰ সুনীল যাদৱ আৰু উত্তৰ প্ৰদেশৰ মাও জিলাৰ ৰাণীপুৰ আৰক্ষী থানাৰ য়াকুবপুৰৰ লালমুনি চৌহানৰ পুত্ৰ ৰুদাল চৌহান বুলি চিনাক্ত কৰিছে।

আটকাধীন লোক দুজনে আৰক্ষীৰ আগত বৰপেটাত কোনো অচিনাক্ত ড্ৰাইভাৰে তেওঁলোকক ট্ৰাকখন চমজাই দি পশ্চিম বংগৰ শিলিগুৰিত নিবৰ বাবে কয় বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে। ইফালে আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীখিনি আগৰতলাৰ পৰা অনা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।