• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ৰামানুজন একাডেমিত বিজ্ঞান পঢ়িব ৫ম স্থান পোৱা অঃ জাঃ বিঃৰ প্ৰিয়ংকাই

দৈনিক ৬-৭ ঘণ্টা পঢ়া প্ৰিয়ংকাৰ প্ৰেৰণা আছিল মাক-দেউতাক আৰু বিদ্যালয়

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , May 15, 2019 12:55 pm

2 min read

1.2k
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা কলিতাই পঞ্চম স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ পৰা প্ৰিয়ংকাই সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে। প্ৰিয়ংকাৰ এনে সাফল্যত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী সকল ব্যাপক উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।

শীৰ্ষ দহটা স্থানৰ ভিতৰত থাকি উৎফুল্ল প্ৰিয়ংকাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘কষ্ট কৰা হিচাপত ফলাফল পোৱাত যথেষ্ট সুখী। আজিৰ দিনটোৰ এই সাফল্যৰ বাবে মই মা-দেউতাৰ লগতে শিক্ষাগুৰু সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোক অবিহনে হয়তো আজিৰ দিনটো সম্ভৱ নহ’লহেতেন’।

প্ৰিয়ংকাই নগাঁৱৰ ৰামানুজন একাডেমিত বিজ্ঞান শাখাত নামভৰ্তি কৰিব আৰু ভৱিষ্যতে এগৰাকী ভাল ইঞ্জিনিয়াৰ হোৱাৰ মন আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তদুপৰি তেওঁ নিজকে সমাজৰ এগৰাকী লাগতিয়াল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবেও প্ৰচেষ্টা চলাব বুলি কয়।

Priyanka
মাক-দেউতাকৰ সৈতে পঞ্চম স্থান প্ৰাপক প্ৰিয়ংকা কলিতা। ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে বিদ্যালয়খনৰ সচিব ড০ নাৰায়ণ শৰ্মাই কয়, ‘বিদ্যালয়খনৰ পৰা পঞ্চম স্থান দখল কৰাটো আমাৰ বাবে সুখৰ কথা। স্থান পোৱা কথাটোত নিশ্চয় আনন্দ আছে কিন্তু আমি একমাত্ৰ স্থানতে গুৰুত্ব নিদিও, বিদ্যালয়ৰ সামগ্ৰীক ফলাফলত কৰ্তৃপক্ষই বেছি গুৰুত্ব দিয়ে’।

মহানগৰীৰ সাতগাঁও নিবাসী তথা নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ কলিতা আৰু ভাগ্য কলিতাৰ জীয়ৰী প্ৰিয়ংকাৰ এই সাফল্যত পুৱাৰ পৰাই ছাত্ৰীগৰাকীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

এইবাৰৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। উক্ত বিদ্যালয়খনৰ পৰা ৫৭ গৰাকী ডিষ্টিংচন মাৰ্ক লাভ কৰাৰ লগতে ৪২গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ১৪৬ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০১৯ চনলৈকে জাতীয় বিদ্যালয়খনৰ পৰা কোনো এজন পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা নাই। এয়া এক গৌৰৱৰ কথা বুলি মন্তব্য কৰে বিদ্যালয় কৰ্তৃপক্ষই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd