• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ ৰামানুজন একাডেমিত বিজ্ঞান পঢ়িব ৫ম স্থান পোৱা অঃ জাঃ বিঃৰ প্ৰিয়ংকাই

দৈনিক ৬-৭ ঘণ্টা পঢ়া প্ৰিয়ংকাৰ প্ৰেৰণা আছিল মাক-দেউতাক আৰু বিদ্যালয়

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 15, 2019 12:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা কলিতাই পঞ্চম স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ পৰা প্ৰিয়ংকাই সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে। প্ৰিয়ংকাৰ এনে সাফল্যত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী সকল ব্যাপক উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।

Apply Now

শীৰ্ষ দহটা স্থানৰ ভিতৰত থাকি উৎফুল্ল প্ৰিয়ংকাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘কষ্ট কৰা হিচাপত ফলাফল পোৱাত যথেষ্ট সুখী। আজিৰ দিনটোৰ এই সাফল্যৰ বাবে মই মা-দেউতাৰ লগতে শিক্ষাগুৰু সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোক অবিহনে হয়তো আজিৰ দিনটো সম্ভৱ নহ’লহেতেন’।

প্ৰিয়ংকাই নগাঁৱৰ ৰামানুজন একাডেমিত বিজ্ঞান শাখাত নামভৰ্তি কৰিব আৰু ভৱিষ্যতে এগৰাকী ভাল ইঞ্জিনিয়াৰ হোৱাৰ মন আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তদুপৰি তেওঁ নিজকে সমাজৰ এগৰাকী লাগতিয়াল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবেও প্ৰচেষ্টা চলাব বুলি কয়।

Priyanka
মাক-দেউতাকৰ সৈতে পঞ্চম স্থান প্ৰাপক প্ৰিয়ংকা কলিতা। ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে বিদ্যালয়খনৰ সচিব ড০ নাৰায়ণ শৰ্মাই কয়, ‘বিদ্যালয়খনৰ পৰা পঞ্চম স্থান দখল কৰাটো আমাৰ বাবে সুখৰ কথা। স্থান পোৱা কথাটোত নিশ্চয় আনন্দ আছে কিন্তু আমি একমাত্ৰ স্থানতে গুৰুত্ব নিদিও, বিদ্যালয়ৰ সামগ্ৰীক ফলাফলত কৰ্তৃপক্ষই বেছি গুৰুত্ব দিয়ে’।

মহানগৰীৰ সাতগাঁও নিবাসী তথা নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ কলিতা আৰু ভাগ্য কলিতাৰ জীয়ৰী প্ৰিয়ংকাৰ এই সাফল্যত পুৱাৰ পৰাই ছাত্ৰীগৰাকীৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

এইবাৰৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। উক্ত বিদ্যালয়খনৰ পৰা ৫৭ গৰাকী ডিষ্টিংচন মাৰ্ক লাভ কৰাৰ লগতে ৪২গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ১৪৬ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০১৯ চনলৈকে জাতীয় বিদ্যালয়খনৰ পৰা কোনো এজন পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা নাই। এয়া এক গৌৰৱৰ কথা বুলি মন্তব্য কৰে বিদ্যালয় কৰ্তৃপক্ষই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd