• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

হৃদয় গলিছে জুণ্টাৰ! ৬০০০ কাৰাবন্দীক মুকলি কৰিবলৈ সাজু হৈছে ম্যানমাৰৰ সামৰিক বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2022 12:53 pm
prisoners to be released by Myanmar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক অভ্যুত্থানেৰে দেশৰ শাসনভাৰ দখল কৰাৰ পিছত কঠোৰ নীতি গ্ৰহণ কৰা ম্যানমাৰৰ জুণ্টা চৰকাৰৰ হঠাতে গলিছে হৃদয়। বৃহস্পতিবাৰে দেশখনৰ সামৰিক বাহিনীয়ে কাৰবন্দী হৈ থকা এগৰাকী প্ৰাক্তন ব্ৰিটিছ ৰাষ্ট্ৰদূত, এগৰাকী জাপানী সাংবাদিক আৰু অষ্ট্ৰেলিয়াৰ এগৰাকী অৰ্থনীতি উপদেষ্টাকে ধৰি প্ৰায় ৬,০০০ বন্দীক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে।

যোৱা বৰ্ষত দেশৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ক্ষমতা দখল কৰাৰ পিছত বহু সাধাৰণ নাগৰিকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল জুণ্টা চৰকাৰে।

Apply Now

কিন্তু দেশখনৰ “ৰাষ্ট্ৰীয় দিৱস” উপলক্ষে কেইগৰাকীমান বিশেষ ব্যক্তিসহ প্ৰায় ৬০০০ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সামৰিক বাহিনীয়ে।

মুক্তি পাবলগীয়া লোকসকলৰ ভিতৰত আছে প্ৰাক্তন ব্ৰিটিছ ৰাষ্ট্ৰদূত বিকি বোমেন, অষ্ট্ৰেলিয়াৰ অৰ্থনীতি উপদেষ্টা ছিন টাৰ্ণেল আৰু জাপানী সাংবাদিক টৰু কুবোটা।

সামৰিক বাহিনীয়ে প্ৰায় ৬০০ গৰাকী মহিলা বন্দীসহ ৫,৭৭৪ গৰাকী বন্দীক মুকলি কৰিব বুলি ম্যানমাৰৰ সামৰিক বাহিনীৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই সদৰী কৰিছে।

উল্লেখ্য যে, প্ৰাক্তন ব্ৰিটিছ ৰাষ্ট্ৰদূত বোমেনে ২০০২ চনৰ পৰা ২০০৬ চনলৈ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। যোৱা বৰ্ষৰ আগষ্ট মাহত স্বামীসহ বোমেনক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোক দুয়োকে পিছত এবছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

বোমেনৰ লগতে তেওঁৰ স্বামী তথা বিশিষ্ট শিল্পী হেটিন লিনকো মুক্তি দিয়া হ’ব বুলি সামৰিক বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

আনহাতে সামৰিক অভ্যুত্থানৰ পূৰ্বে ম্যানমাৰৰ নিৰ্বাচিত নেত্ৰী চ্যু কীৰ পৰামৰ্শদাতা হিচাপে কাম কৰি থকা ছিন টাৰ্ণেলক অভ্যুত্থানৰ পিছতে সামৰিক বাহিনীয়ে আটক কৰিছিল।

ছেপ্টেম্বৰত চ্যু কীৰ লগতে টাৰ্ণেলক জুণ্টা আদালতে চৰকাৰী গোপনীয় আইন ভংগ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

ইফালে ২৬ বৰ্ষীয় জাপানী সাংবাদিক কুবোটাক জুলাই মাহত ম্যানমাৰৰ দুজন নাগৰিকৰ সৈতে য়াঙ্গুনত চৰকাৰ বিৰোধী ৰেলীৰ ওচৰত আটক কৰা হৈছিল আৰু ১০ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd