“শুংসূত্ৰহীন” অসমৰ ৬১টা হাতী

61 Assam elephants transported outside remain “trace-less”

প্ৰতীকী ছবি।

বনৰে হওক বা বন্দীয়েই হওক, অসমৰ হাতীয়েই হৈছে ভাৰতৰ অবৈধ জন্তু বেহাৰ সৰ্বাধিক নিপীড়িত ভুক্তভোগী।

নৰ্থইষ্ট নাও-এ সংকলন কৰা প্ৰতিবেদন মতে, ২০০৮ৰ পৰা ২০১৫ চনলৈকে অসমৰ বাহিৰলৈ মুঠ ৬১টা হাতী পঠোৱা হৈছে।

হাতী চোৰাং কাৰবাৰীয়ে ৰাজ্যৰ বাহিৰত বিক্ৰী কৰিবলৈ বন্দী হাতীত চকু দিয়াৰ সময়তে, অবৈধ বেপাৰৰ বাবে আন নালাগে জংঘলৰ অপ্ৰাপ্তবয়স্ক হাতীও ধৰি অনা হৈছে।

দুৰ্ভাগ্যজনকভাৱে সেই ৬১টা হাতী উভতি অহাৰ কোনো তথ্য অসমৰ বন বিভাগৰ হাতত নাই।

আৰু হাতীসমূহৰ বৰ্তমান অৱস্থান আৰু স্বাস্থ্য সম্পৰ্কে বেছিভাগ ক্ষেত্ৰতেই বন বিষয়াসকল অজ্ঞ।

তথ্য অনুসৰি ২০০৯ চনত অসমৰ পৰা বাহিৰলৈ ১৫টা হাতী পঠোৱা হৈছিল। একেদৰে ২০১৪ চনত ৰাজ্যৰ পৰা পৰিবহণ কৰা হৈছিল ২০টা হাতী।

এইটো নিশ্চিত যে ২০০৮ৰ পৰা ২০১৫ চনলৈ অসমৰ পৰা পঠিওৱা সকলো হাতী চৰা দামত বিক্ৰী কৰা হৈছিল।

অসাধু ব্যৱসায়ীসকলে আৰু হাতী বিক্ৰী কৰাৰ আশংকা কৰি অসমৰ তেতিয়াৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন অ’ পি পান্দেই ২০১৫ চনৰ ২৪ চেপ্তেম্বৰত এক নিৰ্দেশ জাৰি কৰিছিল, আৰু আন ৰাজ্যলৈ হাতীৰ স্থানান্তৰ বন্ধ কৰিছিল।

পান্দেৰ নিৰ্দেশটো (WL/FG7/16/TP/Pt-C/2014-15) আছিল বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ৪৩(২) ধাৰাৰ অধীনত, আৰু পুনৰ নিৰ্দেশ নিদিয়াপৰ্য্যন্ত আন ৰাজ্যলৈ হাতীৰ চলাচল বন্ধ থাকিব বুলি কোৱা হৈছিল।

অ’ পি পান্দেৰ নিৰ্দেশটোৰ প্ৰতিলিপি।

তাৎপৰ্য্যপূৰ্ণভাৱে অ’ পি পান্দেৰ অৱসৰৰ পিছতো ২০১৬ৰ পৰা ২০১৮ চনলৈ অসমৰ পৰা আন ৰাজ্যলৈ কোনো হাতীৰ চলাচল হোৱা নাছিল।

বৰ্তমানৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাই অ’ পি পান্দেৰ নিৰ্দেশটো বাতিল কৰিলে নেকি এতিয়াও জানিব পৰা হোৱা নাই।

অ’ পি পান্দেৰ নিৰ্দেশটো বাতিল নকৰাকৈ অসমৰ বন বিভাগে ৰাজ্যৰ বাহিৰলৈ হাতীৰ পৰিবহণৰ অনুমতি প্ৰদান কৰিব পাৰেনে?

অসমৰ পৰা জগন্নাথ মন্দিৰলৈ হাতী চাৰিটাৰ পৰিবহণ ৰোধ কৰাৰ বাবে পশু অধিকাৰ কৰ্মীসকলে আপ্ৰাণ যুঁজ চলোৱাৰ মাজতে, অ’ পি পান্দেৰ নিৰ্দেশটোৱে অসমৰ বন বিভাগক পুনৰ বেকফুটত পেলাব পাৰে।

অ’ পি পান্দেৰ উত্তৰসূৰী বিকাশ ব্ৰহ্ময়ো অসমৰ পৰা আন ৰাজ্যলৈ হাতী স্থানান্তৰ ৰুধিবলৈ যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিল।