বিগত পাঁচ বছৰত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু! কোনখন দেশত আটাইতকৈ বেছি?

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতি বছৰে এক লাখৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে বিদেশত অধ্যয়ন কৰিবলৈ যায়। কিন্তু, ইয়াৰে বহুতৰে সপোন আধৰুৱা হৈয়ে ৰয়। অকালতে তেওঁলোকৰ প্ৰাণ হেৰাই যায়। বিগত পাঁচ বছৰত বিদেশত মৃত্যু হৈছে ৬৩৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ। ইয়াৰে শীৰ্ষত আছে কানাডা।

উত্তৰ আমেৰিকা মহাদেশৰ অন্যতম এই দেশখনত বিগত পাঁচ বছৰত ১৭২ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাত এই তথ্য সদৰী কৰে।

আক্ৰমণৰ ফলত কানাডাত মৃত্যুৰ সংখ্যা বিগত পাঁচ বছৰত সৰ্বাধিক। সেই সময়ছোৱাত ৯ গৰাকী  শিক্ষাৰ্থীৰ মৃত্যু হয়। আমেৰিকাত ৬ ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। বিগত পাঁচ বছৰত বিদেশত মুঠ ১৯ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী আক্ৰমণৰ ফলত নিহত হৈছে।

প্রতিবেদনত প্রকাশ কৰা মতে, ৬৩৩ টা মৃত্যুৰ ঘটনাৰ ভিতৰত ১০৮ গৰাকী আমেৰিকাত, ৫৮ গৰাকী ব্ৰিটেইনত, ৫৭ গৰাকী অষ্ট্ৰেলিয়াত আৰু ৩৭ গৰাকী ৰাছিয়াত।

লগতে পঢ়কঃ পেৰিছত অলিম্পিকৰ বৰ্ণিল উদ্বোধন; ছেইন নদীৰ ওপৰত ত্ৰিৰংগা হাতত লৈ ভাৰতীয় খেলুৱৈৰ দল

ইয়াৰ উপৰিও ইউক্ৰেইনত ১৮ গৰাকী, জাৰ্মানীত ২৪ গৰাকী, জৰ্জিয়া, কিৰ্গিস্তান আৰু চাইপ্ৰাছত ১২ গৰাকী আৰু চীনত ৮ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে।

বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লিখিত উত্তৰত কয়, “মন্ত্ৰালয়ৰ ওচৰত উপলব্ধ তথ্য অনুসৰি বিগত পাঁচ বছৰত প্ৰাকৃতিক কাৰণ, দুৰ্ঘটনা, চিকিৎসাকে ধৰি বিভিন্ন কাৰণত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে।”  

তেওঁ লগতে কয়, ‘বিদেশত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা প্ৰদান কৰাটো ভাৰত চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ। বিদেশত থকা ভাৰতীয় মিছন/পোষ্টসমূহে বিদেশৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখে।”

এক সুকীয়া প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে বিগত তিনি বছৰত মুঠ ৪৮ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আমেৰিকাৰ পৰা দেশলৈ ঘুৰাই পঠোৱা হৈছে। অৱশ্যে এই কঠোৰ পদক্ষেপৰ কাৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই দেশখনৰ প্ৰশাসনে।

লগতে পঢ়কঃ ইউক্ৰেইন ভ্ৰমণৰ পৰিকল্পনা নৰেন্দ্ৰ মোদীৰ; ৰাছিয়াৰ আক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে ২৩ আগষ্টত কৰিব গমন

অৱশ্যে মোডী চৰকাৰৰ মন্ত্ৰীৰ ভাষাত “অকৰ্তৃত্বশীল কৰ্মসংস্থাপন, বহিষ্কাৰ আৰু নিলম্বন, ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ আৰু নিয়োগৰ প্ৰতিবেদন প্ৰস্তুত নকৰাটো প্ৰত্যাৱৰ্তনৰ সম্ভাৱ্য কাৰণ। কেতিয়াবা ভিছাৰ জটিলতাৰ ফলত এজন ছাত্ৰৰ ভিছা বাতিল হ’ব পাৰে, আৰু শেষত বিতাড়িত হ’ব পাৰে।”