NORTHEAST NOW (Assamese)

কোভিড সংক্ৰমণৰ মাজতে অনুষ্ঠিত কুম্ভমেলাত কেই লাখ ভক্তই অংশগ্ৰহণ কৰিছিল? জানিবলৈ পঢ়ক…

May 1, 2021 9:50 am · এন ই নাও নিউজ

দেশত কোভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ পিছতে এফালে আৰম্ভ হৈছিল পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ আৰু আনাফালে কুম্ভমেলা।

মাৰ্চ মাহৰ পৰা প্ৰতিদিনে কোভিড বিধি উলংঘা কৰি হাজাৰ হাজাৰ লোকক সমবেত কৰি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিৰোধী ৰাজৈনতিক দলৰ নেতাসকলেও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল।

ঠিক তাৰ সমান্তৰালভাৱে পহিলা এপ্ৰিলৰ পৰাই উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত হৈছিল হিন্দু ধৰ্মাৱলম্বীৰ কুম্ভমেলা আৰু এই কুম্ভমেলাক কোভিডৰ ভয়ংকৰ সংক্ৰামক বুলি চিহ্নিত কৰা হৈছে।

শুকুৰবাৰে সমাপ্ত হোৱা হৰিদ্বাৰত অনুষ্ঠিত হোৱা এই কুম্ভমেলাত কিমান ভক্তই অংশগ্ৰহণ কৰিছিল? প্ৰকাশিত তথ্য অনুসৰি প্ৰায় ৭ লাখ ভক্তই কুম্ভমেলাত অংশগ্ৰহণ কৰিছিল।

পিছলৈ কোভিড সংক্ৰমণৰ বাবে কুম্ভমেলাক সংকোচিত কৰি আনিলেও এই বিপুল সংখ্যক ভক্তৰ সমাগমে কুম্ভমেলাক কোভিড সংক্ৰমণৰ হটস্পটলৈ ৰূপান্তৰিত কৰি তুলিছিল।

উল্লেখ্য যে কুম্ভমেলাত অংশগ্ৰহণ কৰা ভক্তৰ মাজৰ মাত্ৰ ১,৯০০৮৩ গৰাকী লোককহে স্বাস্থ্য কৰ্মীয়ে কোভিড টেষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ মাজৰে ২৬৪২ গৰাকীক কভিড পজিটিভ পোৱা গৈছিল।

ইফালে মেলা আয়োজকসকলে দাবী কৰিছে যে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশসমূহৰ ভিতৰত অন্যতম হৰিদ্বাৰৰ পৰা দেৱপ্ৰয়াগলৈকে ৬৪১ হেক্টৰ এলেকাত বিয়পি থকা কুম্ভমেলা ক্ষেত্ৰৰ কোনো ঠাইতে কোনো গুৰুতৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল।

কিন্তু এই কুম্ভমেলাত কোনো অপ্ৰীতিকৰ ঘটনা নঘটিলেও কেবাগৰাকী ভক্ত আৰু সিদ্ধ অৰ্থাৎ সাধু কৰোনাত আক্ৰান্ত মৃত্যু হৈছিল।

Related News