• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় পৰ্যায়ৰ ৫৪জন প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 10:36 am
unnamed-750x375-1-1140x570-1-1024x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টিত হ’ব লগা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৫৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিজেপি, বিৰোধী কংগ্ৰেছ, এ আই য়ু ডি এফ আৰু মিত্ৰজোঁটৰ অগপ, বিপিএফ তথা নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ আঠজন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ আছে। এ আই ইউ ডি এফৰ দুজন, কংগ্ৰেছ, অগপ, তৃণমূল কংগ্ৰেছ আৰু আৰ পি আইৰ (এ) এজনকৈ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় দুজন প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধজনিত গোচৰ আছে।

Apply Now

আছাম ইলেকশ্যন ৱাটচৰ তথ্য অনুসৰি প্ৰাৰ্থীসকলে শপতনামাত দাখিল কৰা মতে, কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে আছে সৰ্বাধিক পাঁচটাকৈ অপৰাধজনিত গোচৰ। প্ৰাক্তন আলফা নেতাগৰাকীৰ বিৰুদ্ধে হত্যা, অপহৰণ, ডকাইতি, অবৈধ অস্ত্ৰ ৰখা আদি ২১টাকৈ ধাৰাত এই গোচৰসমূহ ৰুজু হৈ আছে।

ইপিনে, এ আই য়ু ডি এফৰ মুৰব্বী তথা ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সাতটাকৈ গোচৰ আছে। বৰ্তমানৰ সাংসদগৰাকীৰ বিৰুদ্ধে গোষ্ঠীগত সংঘৰ্ষৰ উচটনি দিয়াৰ দৰে গোচৰো আছে। একেদৰে বৰপেটা সমষ্টিৰ এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধেও দুটাকৈ অপৰাধজনিত গোচৰ আছে।

আনহাতে, গুৱাহাটী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাৰ বিৰুদ্ধে আছে পাঁচটাকৈ অপৰাধজনিত গোচৰ।

সেইদৰে ধুবুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ ৰয়, কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ বিৰুদ্ধেও এটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে।

তথ্য অনুসৰি, গুৱাহাটী সমষ্টিৰ আৰ পি আইৰ (এ) প্ৰাৰ্থী চাদেক আলীৰ বিৰুদ্ধে দুটা আৰু বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে এটা অপৰাধজনিত গোচৰ ৰুজু হৈ আছে।

উল্লেখ্য যে, উক্ত আঠগৰাকী প্ৰাৰ্থীয়ে শপতনামাত অপৰাধজনিত গোচৰ ৰুজু হৈ থকাৰ কথা ঘোষণা কৰিছে। আনহাতে, নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ পাছত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছে।

আৰ টি আই কৰ্মী দুলাল বৰাই বিজেপি প্ৰাৰ্থী কুইন ওজাৰ বিৰুদ্ধে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ আনি দিছপুৰ থানাত ১০৩৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে। তদুপৰি, নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিৰুদ্ধেও বিজেপি কাৰ্যালয়ত প্ৰচাৰ চলোৱাৰ অভিযোগত নুনমাটি থানাত শেহতীয়াকৈ এটা গোচৰ ৰুজু হৈছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd