• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

বয়স নহয়, ফিটনেছ আৰু উন্নত প্ৰদৰ্শন থাকিলে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো ভাৰতীয় দলৰ হৈ খেলিব পাৰিব বুলি স্পষ্ট কৰি দিছে বিচিচিআইৰ সভাপতি মিঠুন মানহাছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2026 7:18 am
ফটো সংগৃহীত

ফটো সংগৃহীত

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ দুই প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ২০২৭ চনৰ বিশ্বকাপত অংশগ্ৰহণ কৰিবনে নাই, সেই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ বয়স কোনো কাৰক নহ’ব। বিগত কিছু বছৰ ধৰি দলত দুয়োগৰাকী তাৰকাৰ স্থানক লৈ চলি থকা বিতৰ্কৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি মিঠুন মানহাছে এই স্পষ্ট বাৰ্তা প্ৰদান কৰিছে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বিচিচিআইৰ দায়িত্ব গ্ৰহণ কৰা মানহাছে কয় যে যেতিয়ালৈকে দুয়োগৰাকী বৰ্ষীয়ান খেলুৱৈয়ে নিজৰ ফিটনেছ বজাই ৰাখিব আৰু সৰ্বোচ্চ স্তৰত উন্নত প্ৰদৰ্শন আগবঢ়াই থাকিব, তেতিয়ালৈকে তেওঁলোকে দেশৰ হৈ খেলি থাকিব পাৰিব।

 

Apply Now

ক্ৰীড়া আলোচনী ‘স্প’ৰ্টষ্টাৰ’ক (Sportstar) দিয়া এক সাক্ষাৎকাৰত মানহাছে কয় যে, “মোৰ দৃষ্টিত দল নিৰ্বাচনৰ মূল মাপকাঠী ফিটনেছ আৰু প্ৰদৰ্শনহে হোৱা উচিত, কোনোপধ্যেই বয়স নহয়। যদি কোনো খেলুৱৈ খেলাৰ বাবে সম্পূৰ্ণ ফিট থাকে, উন্নত প্ৰদৰ্শন আগবঢ়ায় আৰু দেশৰ বাবে মেচ জিকাত অৰিহণা যোগায়, তেন্তে নিৰ্বাচনৰ ক্ষেত্ৰত আমি কেৱল সেইটো দিশতহে গুৰুত্ব দিয়া উচিত।”

 

উল্লেখযোগ্য যে শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা দুয়োগৰাকীয়েই সুন্দৰ ফৰ্মত আছে। কোহলীয়ে তেওঁৰ অন্তিম পাঁচটা এদিনীয়া ইনিংছত ৭৬.৭৫ গড়ে মুঠ ৩০৭ ৰান সংগ্ৰহ কৰিছে, যাৰ ভিতৰত যোৱা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ১৩৯ ৰানৰ এটা অপৰাজিত ইনিংছো অন্তৰ্ভুক্ত আছে। সমান্তৰালভাৱে ৰোহিত শৰ্মায়ো নিজৰ ফৰ্ম অধিক উন্নত কৰি তুলিছে। চলিত মাহৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ১৩৮ ৰানৰ ইনিংছসহ দুটা শতক অৰ্জন কৰা ৰোহিতে অন্তিম পাঁচটা এদিনীয়া ইনিংছত ৭৭.৮০ গড়ে মুঠ ৩৮৯ ৰান সংগ্ৰহ কৰিছে।

 

ইফালে, দলত বিৰাট আৰু ৰোহিতৰ উপস্থিতিয়ে অধিনায়ক শুভমন গিলক নেতৃত্বৰ দক্ষতা অধিক বিকশিত কৰাত কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়েও বিচিচিআইৰ সভাপতিগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয়, “ভাৰতীয় দলক নেতৃত্ব দিয়াৰ উপৰি শুভমনে বিগত দুই-তিনি বছৰ ধৰি গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি আছে। মোৰ বোধেৰে বিশ্বকাপ অভিযান আৰম্ভ কৰাৰ সময়ত তেওঁৰ এই অভিজ্ঞতা যথেষ্ট কামত আহিব। দলত বিৰাট, হাৰ্দিক (পাণ্ডিয়া) আৰু ৰোহিতৰ উপস্থিতিয়ে নিশ্চিতভাৱে তেওঁক সহায় কৰিব। ইয়াৰ উপৰি যশপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈ আছে, যিয়ে বলিঙৰ নেতৃত্ব ল’ব পাৰে আৰু আন কোনোবাই ফিল্ডিং বিভাগটো চম্ভালিব পাৰে। গতিকে ইয়াৰ মূল কথাটো হ’ল কামৰ বোজা বা দায়িত্বসমূহ ভগাই লোৱা। ভৱিষ্যতে কথাবোৰ কিদৰে আগবাঢ়ে সেয়া চাবলৈ আকৰ্ষণীয় হ’ব। কিন্তু শুভমন এজন ধীৰ-স্থিৰ স্বভাৱৰ খেলুৱৈ আৰু তেওঁৰ আশে-পাশে জ্যেষ্ঠ খেলুৱৈসকল থকাটো দলৰ বাবে এক অতিৰিক্ত সুবিধা হ’ব।”

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd