NORTHEAST NOW (Assamese)

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈছিল ৮ বছৰীয়া শিশু : মৃত্যুৰ সৈতে যুঁজি আছে ভেন্টিলেচনত

December 18, 2024 1:25 pm ·
Updated: December 18, 2024 1:26 pm

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ উপলক্ষে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত হয় এক কৰুণ ঘটনা। ৪ ডিচেম্বৰত পুষ্পাৰ শ্ব’ৰ প্ৰথম দিনাই পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী ৩৫ বছৰীয়া মহিলাই। তেওঁৰ আঠ বছৰীয়া পুত্ৰ ছাই তেজ গুৰুতৰভাৱে আহত হৈছিল।

উক্ত ঘটনাৰ ১৪ দিনৰ পাছতো শিশুটি কিমছ হাস্পতালত ভেন্টিলেচনত আছে। চিকিৎসকে কয় যে স্নায়ুৰ ক্ষতিৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমে ছাই তেজক দুৰ্গবাই দেশমুখ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক কিমছ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

চিকিৎসকৰ মতে, পদপিষ্ট হোৱাৰ সময়ত মগজুৱে অক্সিজেন লাভ নকৰাৰ বাবে তেওঁৰ স্নায়ুবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। বৰ্তমান শিশুটিয়ে স্বাভাৱিকভাৱে উশাহ ল’ব পৰা নাই, কৃত্ৰিম লাইফ চাপৰ্টৰ সহায়ত তেওঁ জীৱন মৃত্যুৰে যুঁজি আছে।

মঙলবাৰে হায়দৰাবাদ আৰক্ষী আয়ুক্ত চি ভি আনন্দে চিকিৎসালয়খন পৰিদৰ্শন কৰি শিশুটিৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ কয় যে সাই তেজক সুস্থ হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব।

৪ ডিচেম্বৰৰ নিশা সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ শ্ব’ চাবলৈ এক বৃহৎ জনসমাগম হয়। আল্লু অৰ্জুন নিজেই এই অনুষ্ঠানত উপস্থিত হৈছিল। সেই খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজনা বাঢ়ি যায়। নিশা ৯.৩০ বজাত যেতিয়া আল্লু অৰ্জুন থিয়েটাৰত উপস্থিত হ’ল, তেতিয়া অভাৱনীয়ভাবে ভিৰ বাঢ়ি আহিল।

আল্লুৰ নিৰাপত্তাৰক্ষী দলে ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। দৰ্শকে একেলগে থিয়েটাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে তলৰ মহলাৰ বেলকনিত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰে আল্লু অৰ্জুনে। ভিডিঅ’ বাৰ্তাত তেওঁ কয়, ‘মই ২০ বছৰ ধৰি এই থিয়েটাৰত চিনেমা চাই আহিছো। এনে ঘটনা আগতে কেতিয়াও হোৱা নাই। আমি পৰিয়ালৰ কাষত থিয় দিছো আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু আছো।”

তেওঁ পৰিয়ালটোৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰি সকলো চিকিৎসা খৰচ তেওঁ বহন কৰিব বুলি কয়।

এই দুৰ্ঘটনাটোৰ বাবে মৃতকৰ স্বামীৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। সন্ধ্যা নাট্য কৰ্তৃপক্ষৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। গোচৰটোত একাধিক ধাৰা সংযোজন কৰা হৈছে। এই ঘটনাত আল্লু অৰ্জুনকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে এৰাতি কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে।

Related News