ক’ভিড-১৯ত সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ ৮৩ শতাংশ ৰোগীৰ নাছিল লক্ষণ

Coronavirus-1-1140x570

ক’ভিড-১৯ত দেশৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ ৮৩ শতাংশ ৰোগীৰে কোনো লক্ষণ নাছিল।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টপেই কয় যে ৰাজ্যখনত মহামাৰীবিধত মৃত্যুৰ হাৰ ৩.৫ শতাংশলৈ কমি আহিছে।

কিন্তু ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পোৱাটো মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

উল্লেখযোগ্য যে ক’ভিড-১৯ মহামাৰীত মহাৰাষ্ট্ৰ দেশৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য।

মহাৰাষ্ট্ৰৰ ৩৬খন জিলাৰ ভিতৰত ১৪খন জিলাই ৰেড জ’নৰূপে চিনাক্ত হৈছে। ১৬খন জিলা অৰেঞ্জ আৰু ছখন জিলা গ্ৰীন জ’নৰূপে চিনাক্ত হৈছে।

ৰাজ্যখনত বৰ্তমান ৭৩৩টা কণ্টেইনমেণ্ট জ’ন আছে।

মুম্বাইত ২০০০ বিচনাযুক্ত এক বিশেষ ব্যৱস্থা সৃষ্টি কৰা হৈছে যাতে ঘন জনবসতিৰ এলেকাত বাস কৰা ইতিমধ্যে অন্য ৰোগ থকা জ্যেষ্ঠ নাগৰিকসকলক কুৱাৰেণ্টাইন কৰিব পৰা যায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে মহাৰাষ্ট্ৰত এতিয়ালৈকে ১১,৫০৬ গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে। ১৮৭৯ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪৮৫গৰাকীৰ।