NORTHEAST NOW (Assamese)

শিৱসাগৰ কোঁৱৰপুৰত নিজ বাসগৃহৰ পৰা সন্ধানহীন ৮৫ বছৰীয়া বৃদ্ধ

August 27, 2018 6:45 pm · এন ই নাও নিউজ

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ বাৰীচোৱা গাঁৱত আজি কেইবাদিনো ধৰি এগৰাকী ৮৫ বছৰীয়া ব্যক্তি নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, কোঁৱৰপুৰ বাৰীচোৱা গাঁৱৰ নিলাম্বৰ বৰুৱা নামৰ বৃদ্ধগৰাকী যোৱা শনিবাৰে নিশা নিজ ঘৰৰ পৰা সন্ধানহীন হয়। বৃদ্ধ লোকগৰাকীৰ পুত্ৰই দেওবাৰে পুৱা শুৱনি কোঠাত দেউতাকক বিচাৰি নাপাই বিচাৰ-খোচাৰ কৰে যদিও তেওঁৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল।

বৃদ্ধ দেউতাকৰ সম্ভেদ নাপাই পুত্ৰই শিৱসাগৰ আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে যদিও বৰ্তমানলৈকে নিলাম্বৰ বৰুৱাৰ কোনো সন্ধান ওলোৱা নাই।

সেয়ে তেওঁৰ পৰিয়ালৰ লোকে যদি কোনো সদাশয় লোকে বৃদ্ধগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে স্থানীয় আৰক্ষী নাইবা ৯৬৭৮৯৪৭৫২৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Related News