ডিমা হাছাও জিলাৰ ডিয়ুং নৈৰ বুকুত শিল খননৰ প্ৰস্তাৱক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে ৯খন গাঁৱৰ ৰাইজে। নৈখনৰ বুকুৰ পৰা শিল আহৰণৰ পৰিকল্পনাই পৰিৱেশৰ লগতে খেতি-বাতি, খোৱাপানী আৰু জীৱিকাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰি গাঁওবাসীয়ে এই পৰিকল্পনা তৎকালীনভাৱে বাতিল কৰাৰ দাবী জনাইছে। এই সন্দৰ্ভত যোৱা ৫ অক্টোবৰত হাদিংমা এম এ চি সমষ্টিৰ অন্তৰ্গত গাঁওসমূহৰ বাসিন্দা আৰু গাঁওবুঢ়াসকলে ডিমা হাছাও বন সংমণ্ডলৰ (পশ্চিম) সংমণ্ডল বন বিষয়াৰ ওচৰত এখন আনুষ্ঠানিক আপত্তি-পত্ৰ দাখিল কৰে।
ডিয়ুং নৈৰ আৰ চি চি দলঙৰ পৰা লডিংব্ৰা অঞ্চলৰ তলৰ অংশলৈকে নৈৰ বুকুৰ পৰা শিল আহৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত প্ৰস্তুত কৰা বুলি জানিব পৰা এই পৰিকল্পনাটো বন বিভাগৰ অনুমোদনৰ বাবে দাখিল কৰা হৈছে। কিন্তু স্থানীয় খিলঞ্জীয়া ৰাইজৰ সৈতে কোনো আলোচনা নকৰাকৈ এনে পৰিকল্পনা আগবঢ়োৱাক লৈ অঞ্চলটোত ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে।
আপত্তি-পত্ৰত ডিছৰু-ৰাজি, বেৰে’লাংডিছা, হোজাই, জোৰাই, ছামপাৰিডিছা, নবদি দাউলাগুপু, গুৰবাৰি, ডিছাগুটু আৰু বৰো লংৰেন গাঁৱৰ প্ৰতিনিধিসকলে প্ৰস্তাৱটোৰ ক্ষেত্ৰত কেইবাটাও গুৰুতৰ নীতি-নিয়ম আৰু আইনী প্ৰক্ৰিয়া উলংঘা কৰাৰ অভিযোগ তুলিছে। তেওঁলোকৰ দাবী অনুসৰি, শিল খননৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ পূৰ্বে ৰাইজৰ সৈতে কোনো বাধ্যতামূলক ৰাজহুৱা আলোচনা অনুষ্ঠিত কৰা হোৱা নাই। সংশ্লিষ্ট গাঁওসভাসমূহৰ সন্মতি লোৱাৰ লগতে সামাজিক প্ৰভাৱ মূল্যায়নো কৰা হোৱা নাই বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে।
ইয়াৰ উপৰি, শিল খননৰ প্ৰস্তাৱটো বিভিন্ন খণ্ডত ভাগ কৰি দাখিল কৰাৰ আঁৰতো উদ্দেশ্যপ্ৰণোদিত কৌশল থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় নেতাসকলে। তেওঁলোকৰ মতে, এনেদৰে প্ৰস্তাৱটো সৰু সৰু ভাগত বিভক্ত কৰি ৰাজহুৱা শুনানি আৰু কঠোৰ পৰিৱেশগত পৰীক্ষাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা হৈছে। সেয়ে এই সমগ্ৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু বৈধতা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী গাঁওবাসীয়ে।
ডিয়ুং নৈত শিল খননৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে, সেই সন্দৰ্ভত পূৰ্বৰ অভিজ্ঞতাৰ কথাও আপত্তি-পত্ৰত উল্লেখ কৰা হৈছে। হাৰাংগাজাও, মাহুৰ আৰু জাতিংগা নৈৰ কাষত পূৰ্বে চলোৱা শিল আহৰণৰ ফলত নৈৰ পাৰ খহনীয়া, জলজ জীৱৰ বৈচিত্ৰ্য হ্ৰাস, ভূগৰ্ভস্থ জলস্তৰৰ অৱনতি আৰু কৃষিকাৰ্যৰ ব্যাপক ক্ষতি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। তেওঁলোকৰ মতে, নিয়ন্ত্ৰণহীন শিল খননে ইতিমধ্যে এই নৈসমূহৰ পৰিৱেশগত ভাৰসাম্য নষ্ট কৰিছে।
স্থানীয় ৰাইজৰ বাবে ডিয়ুং কেৱল এখন নৈ নহয়, ই খোৱাপানী, জলসিঞ্চন আৰু মাছ ধৰাৰ এক গুৰুত্বপূৰ্ণ উৎস। এই নৈখনৰ বুকুত ব্যাপকভাৱে শিল খনন চলিলে অঞ্চলটোৰ হাজাৰ হাজাৰ জনজাতীয় লোকৰ জীৱন-জীৱিকাৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে গাঁওবাসীয়ে। তেওঁলোকৰ মতে, নৈখনৰ স্বাভাৱিক গতি আৰু পাৰৰ স্থিৰতা বিঘ্নিত হ’লে ভৱিষ্যতে খহনীয়া আৰু কৃষিভূমিৰ ক্ষতি অধিক ভয়াৱহ হৈ উঠিব পাৰে।
সেয়ে ডিয়ুং নৈৰ বুকুত শিল খননৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা, ৰাইজৰ সৈতে আগতীয়াকৈ আলোচনা নকৰাকৈ আৰম্ভ কৰা সকলো জৰীপ আৰু অনুমোদন প্ৰক্ৰিয়া বাতিল কৰা তথা প্ৰস্তাৱটোৰ সৈতে জড়িত সকলো নথি-পত্ৰ, জৰীপৰ তথ্য আৰু মানচিত্ৰ ৰাজহুৱা কৰাৰ দাবী জনাইছে প্ৰতিনিধিসকলে। ভৱিষ্যতে এনে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰভাৱিত গাঁওসমূহৰ সৈতে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা আৰু তেওঁলোকৰ পূৰ্বসন্মতি নিশ্চিত কৰাৰো দাবী তুলিছে ৰাইজে।
গাঁওবাসী আৰু গাঁওবুঢ়াসকলে স্পষ্ট কৰি দিছে যে, তেওঁলোকৰ দাবী মানি লৈ শিল খননৰ প্ৰস্তাৱ তৎকালীনভাৱে বাতিল নকৰিলে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংশ্লিষ্ট উচ্চ কৰ্তৃপক্ষৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰিব। প্ৰয়োজন হ’লে পৰিৱেশ সম্পৰ্কীয় ন্যায়িক মঞ্চ আৰু আদালতৰো কাষ চাপিব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীসকলে। ডিয়ুং নৈ আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে এই দাবী উত্থাপন কৰা হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে।


