গঁড় সংৰক্ষণ শীৰ্ষক বিষয়বস্তৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কাজিৰঙাত উপস্থিত হোৱা ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছনে আজি গুৱাহাটীৰ ‘খৰিকা’ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত কাজিৰঙালৈ অহা পিটাৰছেনে আজি খৰিকাত অসমীয়া খাদ্যৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰা ফটোত দেখা গৈছে।
খৰিকাৰ স্বত্তাধিকাৰী অতুল লহকৰে পিটাৰছনে খৰিকাত আহাৰ গ্ৰহণ কৰাৰ ফটো নিজৰ ফেইচবুক একাউণ্টত আপলোড কৰে।
‘‘প্ৰাক্তন ইলেংণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছনে মোৰ ৰেষ্টুৰেণ্ট হেৰিটেজ খৰিকাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে,’’ ফেইচবুকত লহকৰে লিখে।
খৰিকাত আহাৰ গ্ৰহণ কৰি অৱস্থাৰ ফটোত ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীক অসমীয়া খাদ্যৰ জুতি লোৱা দেখা গৈছে।
পোৰা বিলাহী, পাতত দিয়া মাছ আদিৰো সোৱাদ ইংলেণ্ডৰ ক্ৰিকেটাৰ গৰাকীয়ে খৰিকালৈ আহি লয়।
অসমলৈ অহা ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীৰ বহু ফটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এখন ফটোত পিটাৰছনক এগৰাকী বন সুৰক্ষা কৰ্মীৰ সৈতে কাজিৰঙাত এটা ঘৰৰ সন্মুখত বহি থকা দেখা গৈছে।