• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ নাওকাটাত বিপিএফৰ বিশাল নিৰ্বাচনী সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 8, 2020 4:50 pm
IMG_20200307_142638

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি পৰিষদীয় নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় আৰু উত্তপ্ত হৈ পৰিছে বিটিচিৰ ৰাজনৈতিক বতাহ। এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক সভা-সমিতিৰ জৰিয়তে সমালোচনাৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে।

শনিবাৰে বাক্সা জিলাৰ ২৯ নং শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাওকাটাত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে বিপিএফ দলে।

Apply Now

শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা এম চি এল এ গণেশ কছাৰীৰ সমৰ্থনত শুক্লাই চেৰফাং ব্লক বিপিএফৰ সভাপতি জিনাৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত  হোৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৰ সদ্য প্ৰাক্তন সভাপতি তথা য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু আৰু ৫ নং কোকৰাঝাৰ লোকসভা সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ (হীৰা) শৰণীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সাংসদ গৰাকীয়ে লগতে কয়, “নিৰ্বাচনে আমাৰ ভৱিষ্যতৰ ভাল-বেয়া, উন্নতি আদিৰ দিশবোৰ নিৰ্ধাৰণ কৰে।  সেয়ে ৰাইজে নিজৰ বহুমূলীয়া ভোটদানৰ ক্ষেত্ৰত সচেতন হোৱা প্ৰয়োজন। এই নিৰ্বাচনৰ জৰিয়তে এজন উপযুক্ত জনপ্ৰতিনিধি নিৰ্বাচন কৰি একোটা অঞ্চলৰ উন্নয়ন, শান্তি-প্ৰগতি, বিভিন্ন কল্যাণমূলক আঁচনিৰ বুনিয়াদ সৃষ্টি কৰা  হয়। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজে এবাৰ ভুল কৰিলে পিছত অনুশোচনা কৰি লাভ নাই”।

ভাষণ প্ৰসংগত দৈমাৰীয়ে প্ৰমোদ বড়োৰ প্ৰসংগ উত্থাপন কৰি এবছুৰ সভাপতিৰ দৰে পদত থকাৰ পিছতো শান্তি চুক্তিত সাক্ষৰ কৰি য়ুপিপিএলৰ দৰে ৰাজনৈতিক দলত যোগদান কৰি এবছুক ধ্বংস কৰা বুলি কটাক্ষ কৰি সদায় বড়ো বড়ো বুলি চিঞৰি ৰাজভোগ দখল কৰিবলৈ ওলোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

প্ৰমোদ বড়োও এতিয়া আন ৰাজনৈতিক দলৰ নেতাৰ দৰে হৈ পৰিল বুলি কৈ তেওঁৰ কথাত ৰাইজক বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায়।

আনহাতে কোকৰাঝাৰৰ সাংসদ নব কুমাৰ শৰণীয়াই বড়ো আৰু অনাবড়োৰ নামত ৰাজনীতি কৰি নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰি ৰাইজক অশান্তিৰ বাদে একো দিব পৰা নাই বুলি উল্লেখ কৰি নব কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা দল গঠন কৰিলেও ৰাইজক একো সুৰক্ষা দিৱ নোৱাৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নব শৰণীয়াই কোনো জাতিৰ বাবে উন্নয়নৰ একো কাম কৰিবলৈ সক্ষম হোৱা নাই যদিও বড়ো-অনাবড়ো ৰাইজৰ মাজত সংঘাত অনাৰ ক্ষেত্ৰত ঠিকেই কাম কৰা বুলিও সাংসদ দৈমাৰীয়ে কটাক্ষ কৰে। লগতে নৱকুমাৰ শৰণীয়াই চিঞৰি অহা অনাবড়ো প্ৰকৃততে কোন বুলি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰি তেওঁক নিৰ্বাচনত উপেক্ষা কৰাৰ বাবে ৰাইজক আহ্বান জনায়।

শুক্লাই চেৰফাং ব্লক বিপিএফৰ সম্পাদক দিগন্ত বেজবৰুৱাই আঁত ধৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকি আন এগৰাকী বক্তা তথা বিটিচিৰ চিএমবিৰ সদস্য চাহাবুদ্দিন আহমেদে গোবিন্দ বসুমতাৰী, প্ৰমোদ বড়ো, নব কুমাৰ শৰণীয়াক সমালোচনা কৰি তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ শাসন কালত বিটিচি অঞ্চলত বৈপ্লবিক উন্নয়ন সাধন হৈছে।

য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োয়ে এবছুৰ নেতৃত্ব লৈ থাকোতে এন আৰ চিৰ সময়ত বাঙালী আৰু গোর্খা সম্প্ৰদায়ৰ লোক সকলৰ বিৰুদ্ধে মাত মাতিছিল বুলিও মন্তব্য কৰি আগন্তক নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুপিপিএলক প্ৰত্যাখ্যান কৰিবলৈ ৰাইজক আহ্বান জনায়।

যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে সভাত ভাষণ ৰাখি কয় যে আগন্তুক বিটিচি নিৰ্বাচনত গণেশ কছাৰীক ৰাখিব পৰা শক্তি কাৰো নাই, তেওঁ অপ্ৰতিৰোধ্য।

তেওঁ পুনৰ কয় যে এনডিএফবি নেতাক জেলত ৰাখি বিটিচি চীফ হোৱাৰ প্ৰমোদ বড়োৰ যি সপোন সেয়া কেতিয়াও পূৰণ নহয়।

সভাত বাক্সা জিলা বিজেপিৰ সম্পাদক তথা বিগত পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী বাসুদেৱ বসুমতাৰী, সুৱাগপুৰ শাখা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ইশ্বৰ ছেত্ৰী, দেওচুঙা প্ৰাইমাৰী এবছুৰ সভাপতি শান্তি বড়ো আদিকে ধৰি য়ুপিপিএল, বিজেপি, অবড়ো সুৰক্ষা সমিতি, আগছু, কংগ্ৰেছ, চিপিআই(এম), এবছু, প্ৰাক্তন এনডিএফবি সমন্বয়ৰক্ষী সমিতি আদিকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ চাৰি শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

সভাত তামুলপুৰ বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি আদিত্য সিনহা, সম্পাদক উপেন বসুমতাৰী, যুব বিপিএফৰ সভাপতি মৃদুল ব্ৰহ্ম, সম্পাদক ৰুবুল আলী, এনডিএফবি(চাওৰাইগৌৰা) গোটৰ এৰিয়া কমাণ্ডাৰ বি দাহাল ঠুংগৰী, সহকাৰী কমাণ্ডাৰ বি বিফাং আদিকে ধৰি বিপিএফ দলৰ নেতা-কৰ্মী, মহিলা বিপিএফ নেত্ৰী সকল উপস্থিত থাকে।

ইপালে সভাত এনডিএফবি (চাওৰাইগৌৰা) ফৈদৰ একাংশ নেতা বিপিএফৰ নিৰ্বাচনী সভাত উপস্থিত থকা কাৰ্যই বিটিচিৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিনাৰাম বড়োক অধ্যক্ষ আৰু কৃষ্ণ সুবেদীক মুখ্য আহ্বায়ক হিচাপে লৈ ২৯ নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিখনো গঠন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd