COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বলিউডৰ অভিনেতা বৰুণ ধাৱানে ৫৫ লাখ টকা বৰঙণি আগবঢ়াব বুলি ঘোষণা কৰিছে।
অভিনেতা গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ Citizen Assistance and Relief in Emergency Situations Fund-লৈ ৩০ লাখ টকা আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।
I pledge to contribute 30 lakhs to the PM CARE fund. We will over come this. Desh hai toh hum hain. https://t.co/E87IU22NaF
— VarunDhawan (@Varun_dvn) March 28, 2020
কালি অৰ্থাৎ শনিবাৰে টুইটযোগে এই কথা ঘোষণা কৰে।
I pledge to contribute 25 lakhs to the Maharashtra CM’s relief fund @OfficeofUT @AUThackeray @CMOMaharashtra. We are with you sir 🙏
— VarunDhawan (@Varun_dvn) March 28, 2020
উল্লেখযোগ্য যে বৰুণ ধাৱানৰ উপৰি COVID-19 প্ৰতিৰোধৰ বাবে চৰকাৰৰ সাহায্য পুঁজিলৈ বলিউদৰ লগতে দক্ষিণৰ কেবাজনো অভিনেতাই বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে।
অক্ষয় কুমাৰে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগঢ়াইছে ২৫ কোটি টকা। ‘বাহুবলী’খ্যাত প্ৰভাসে আগবঢ়াইছে ৪ কোটি টকাৰ সাহায্য।
প্ৰভাসে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলংগানা ৰাজ্য চৰকাৰৰ দুয়োজন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ক্ৰমে ৫০ লাখকৈ ধন আগবঢ়াইছে।
ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ ৰামচৰণে ২ কোটি, প্ৰভাসৰ পিতৃ চিৰঞ্জীৱীয়ে ১ কোটি আৰু অন্য এজন ছুপাৰষ্টাৰ মহেশ বাবুৱেও সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে।