• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক’ৰ’না মহামাৰীৰ সাম্প্ৰদায়িক ৰং

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
April 2, 2020 8:37 pm
Coronavirus-1-750x375

প্রতিনিধিত্বমূলক চিত্র

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ক’ৰ’নাত আক্ৰান্ত প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হৈছিল ২০২০ চনৰ ৩০ জানুৱাৰীত আৰু এই লেখাটো লিখি থকালৈকে ১,৬৩৭ গৰাকী কোভিড-১৯ ৰোগী থকা বুলি গম পোৱা গৈছে।  ৩৮গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ ঢুকাইছে। অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি ধৰা পৰিছে।

ভাৰতত ক’ৰ’না ধৰা পৰাৰ পিছত ভাৰতৰ চৰকাৰ আৰু জনগণ কিমান সচেতন হৈছিল, ইয়াৰ মোকাবিলা কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা হৈছিল– এই প্ৰশ্নৰ উত্তৰটো হতাশাজনক! ফেব্ৰুৱাৰীত ট্ৰাম্পৰ ভাৰত ভ্ৰমণ মহোৎসৱ আৰু দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। মধ্যপ্ৰদেশত বিধায়ক কিনা-বেচাৰ ৰাজনীতি চলি আছিল। দেশৰ সংবাদ মাধ্যম ট্ৰাম্প, হিন্দু-মুছলিম, জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ ব্যস্ত আছিল। ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰা ক’ৰ’নাকলৈ ‘চিৰিয়াছ’ হোৱা দেখা গৈছিল আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱৰ কথা কৈছিল! অৱশ্যে টুইট কৰা আৰু প্ৰেছ বিবৃতিতে গান্ধীৰ ‘চিৰিয়াছনেছ’ সীমাবদ্ধ!

Apply Now

এইখিনিতে প্ৰখ্যাত সাংবাদিক বিনোদ দুৱাৰ তথ্য উদ্ধৃত কৰি আমি ক’ৰ’না সংক্ৰান্তীয় ভাৰতীয় সমাজ-জীৱনৰ উল্লেখযোগ্য ঘটনাৰাজিৰ এছোৱাত চকু দিব খুজিছো।

১৩/০৩/২০২০: স্বাস্থ্য মন্ত্ৰালয়ৰ ঘোষণা: “ক’ৰ’না মহামাৰী নহয় (Coronavirus NOT Health Emergency)”। নিজামুদ্দিন মাৰ্কাজত দেশ-বিদেশৰ প্ৰায় ৪০০০ ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰা জামাতৰ আৰম্ভণি।

১৫/০৩/২০২০: উক্ত জামাতৰ সামৰণি।

১৬/০৩/২০২০: ক’ৰ’না নিৰ্মূলৰ বাবে হিন্দু মহাসভাৰ গো-মূত্ৰ মেলা আয়োজন, বহুতো লোকৰ অংশগ্ৰহণ। দিল্লী চৰকাৰে দিল্লীৰ অন্তৰ্গত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

১৭/০৩/২০২০: ৪০,০০০ হিন্দু ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে (তিৰুপতি মন্দিৰ দিল্লীৰ অন্তৰ্গত নহয়)।

১৮/০৩/২০২০: ৪০,০০০ ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে।

১৯/০৩/২০২০: তিৰুপতি মন্দিৰ দর্শনাৰ্থীৰ বাবে বন্ধ হয়। ২২ মাৰ্চত ‘জনতা কাৰফিউ’ পালন কৰা হ’ব বুলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে।

২২/০৩/২০২০: পাঁচ বজালৈকে ‘জনতা কাৰফিউ’ পালন কৰি দেশৰ হাজাৰ হাজাৰ জনতাই নাচ-গান কৰি ৰেলী উলিয়াই অঘোষিত ‘উৎসৱ’ পালন কৰে।

২৪/০৩/২০২০: ২৫ মাৰ্চৰ পৰা ২১ দিনলৈ দেশজুৰি ল’কডাউন হ’ব বুলি গধূলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে। অৰ্থাৎ ল’কডাউন আৰু প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ মাজত কেৱল চাৰি ঘন্টা সময়ৰ ব্যৱধান, যাৰ বাবে লাখ লাখ ভাৰতীয় জনতাই আতংকিত হৈ লাগতিয়াল বস্তু-বাহিনী কিনাৰ বাবে দোকান-বজাৰত ভিৰ কৰে।

২৫/০৩/২০২০: উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে ৰাম মন্দিৰৰ অনুষ্ঠানত বহুতো অনুগামীৰ সৈতে অংশ গ্ৰহণ কৰে।

৩০/০৩/২০২০: ১৩-১৫ মাৰ্চত অনুষ্ঠিত হোৱা জামাতত অংশগ্ৰহণ কৰা ছয়গৰাকী লোকৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ পাছত দেশজুৰি আতংক বিয়পে।

৩০ মাৰ্চৰ পৰা অধিকাংশ মিডিয়াই ক’ৰ’নাক সাম্প্ৰদায়িক ৰূপ দিয়াত লাগি যায় ৷ হিন্দুত্ববাদী আই টি চে’ল আৰু ‘গোদী মিডিয়া’ই ক’ৰ’না বিয়পোৱাৰ বাবে কেৱল ইছলাম ধৰ্মী লোকসকলক জগৰীয়া কৰি সম্প্ৰতি আকাশ-বতাহ কঁপাই দিছে। সাম্প্ৰদায়িক ঘৃণাৰে সামাজিক মাধ্যম ভৰি পৰিছে। কিন্তু আপুনি অনুগ্ৰহ কৰি ওপৰত উল্লেখ কৰা ঘটনাৰাজিৰ পঢ়ি শান্ত মগজুৰে চিন্তা কৰকচোন। ধৰ্মান্ধ হিন্দু, ধৰ্মান্ধ মুছলমান আৰু চৰকাৰ-প্ৰশাসনৰ দায়িত্বহীনতা, উদাসীনতাই সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক আজিৰ এই ভয়াৱহ পৰিস্থিতিলৈ ঠেলি দিয়া নাই নে ?

মাথো চাৰি ঘণ্টা সময় দি দেশজুৰি ল’কডাউন কাৰ্যকৰী কৰাৰ বাবে দেশৰ জনতাৰ মাজত অভাৱনী্য় আহুকালৰ সৃষ্টি হ’ল। লাখ লাখ দৰিদ্ৰ শ্ৰমিকৰ দুৰ্দশা দেখিলে কোনো মানৱীয় মানুহৰ অন্তৰে নকন্দাকৈ থাকিব নোৱাৰে! এই দুৰ্দশাই ২০গৰাকীতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। ব্যক্তিগত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বিচাৰি দেশৰ চিকিৎসাকৰ্মীয়ে হাহাকাৰ কৰি উঠিল। আৰু যে কত কি!

হয়, ল’কডাউন জৰুৰী পদক্ষেপ আছিল। কিন্তু কোনো আগতীয়া প্ৰস্তুতি আৰু পৰিকল্পনা অবিহনে ১৩০কোটি মানুহৰ দেশত (য’ত ৮০কোটি মানুহ দৰিদ্ৰ) অকস্মাৎ ল’কডাউন কাৰ্যকৰী কৰাটো চৰকাৰী অকৰ্মণ্যতা আৰু অসচেতনতাৰ নিদৰ্শন। ক’ৰ’নাক পৰাস্ত কৰিবলৈ ল’কডাউন পৰ্যাপ্ত নহয়, স্বাস্থ্যসেৱাৰ জোৰদাৰ অংশগ্ৰহণহে সবাতোকৈ জৰুৰী। সি যি ন’হওক, এতিয়া চৰকাৰ-বিৰোধী-জনগণ সকলো দায়িত্বশীল হৈ ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু যিসকলে এই যুঁজত আন্তৰিকতাৰে ভাগ লৈছে তেওঁলোকক আমি চেল্যুট জনাইছো।

ক’ৰ’না ধৰ্মহীন আৰু ইয়াৰ ফলত হোৱা মহামাৰী ধৰ্মনিৰপেক্ষ। ক’ৰ’নাই হিন্দু-মুছলমান, কংগ্ৰেছ-বিজেপি, সোঁপন্থী-বাওঁপন্থী, পুৰুষ-মহিলা, বামুণ-দলিত চিনি নাপায়। কিন্তু ভাৰতৰ মানুহক এইবোৰ বুজাই লাভ নাই। বৰ্ণবাদী আৰু সাম্প্ৰদায়িক চিন্তাৰ পৰা গৰিষ্ঠসংখ্যক ভাৰতীয় মুক্ত হ’ব নোৱাৰে। উত্তৰ-পূৰ্বৰ মানুহক ‘ক’ৰ’না’ বুলি কৈ ভাৰততে স্বয়ং ভাৰতীয়ই আক্ৰমণ কৰে, গাত থু-খেকাৰ পেলায়। উত্তৰ-পূৰ্বৰ মানুহে আকৌ চীন সম্পৰ্কে একেই মানসিকতা দেখুৱায়।

মই বুজি পাওঁ, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী ঘৃণাত মজি নাথাকিলে ২১ দিনৰ ল’কডাউন কেনেকৈ নো পালন কৰিব! (হয়তো ২১ দিনৰ পাছত দেশজুৰি ভালকৈ উৎসৱ এভাগি পাতি দিব !) তাতে নিৰ্বাচনবোৰো আহি আছে। ঘৃণাৰ ৰাজনৈতিক পৰিৱেশটো সক্ৰিয় হৈ নাথাকিলে কিদৰে ভাৰতত নিৰ্বাচন খেলিব? সেয়ে সাম্প্ৰদায়িক সংবাদ মাধ্যম-ব্যক্তি-সংগঠনে ক’ৰ’না মহামাৰীত সাম্প্ৰদায়িক ৰং সানি মানুহৰ মন-মগজু উত্তেজিত কৰি তুলিছে।

একাংশ শিক্ষিত আৰু তথাকথিত নিৰপেক্ষ নাগৰিকেও নিজৰ নিৰপেক্ষতা প্ৰদৰ্শনৰ স্বাৰ্থত সাম্প্ৰদায়িক ফান্দত ভৰি থৈছে ৷ ধৰ্মান্ধতাৰ বিৰোধিতা আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ মাজত এক বৃহৎ ব্যৱধান আছে আৰু সদায় থাকিব ৷ এই কথা অনুধাৱন কৰিব নোৱাৰা শিক্ষিত নাগৰিক পুতৌৰ পাত্ৰ নহ’ব জানো ?

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd