‘ভূৱা বাতৰি’ প্ৰকাশ কৰাৰ অপৰাধত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালয়াল (DIPR)য়ে ‘যুগশঙ্খ’ নামৰ বাংলা দৈনিক কাকতখনৰ বিৰুদ্ধে এখন এজাহাৰ দখিল কৰিছে।
কৰিমগঞ্জৰ জিলা দণ্ডাধীশৰ নিৰ্দেশত দেওবাৰে কৰিমগঞ্জৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চাজিয়াদুল হক চৌধুৰীয়ে কাকতখনৰ বিৰুদ্ধে উক্ত এজাহাৰখন দাখিল কৰে।
এজাহাৰখনত উল্লেখ কৰা মতে ‘যুগশঙ্খ’ৰ শিলচৰ সংস্কৰণত, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ থকা COVID-19-ত আক্ৰান্ত অসমৰ প্ৰথমজন ব্যক্তি সুস্থ হৈ উঠা বুলি এটা বাতৰি প্ৰকাশ পাইছিল।
বাতৰিটোত উক্ত ৰোগী গৰাকীক দ্বিতীয়বাৰ পৰীক্ষা কৰোতে COVID-19 নিগেটিভ পোৱা বুলি কোৱা হৈছিল, এজাহাৰখনত লগতে কোৱা হয়।
কিন্তু ইয়াৰ বিপৰীতে ৰোগী গৰাকীক চিকিৎসা কৰি থকা ডাক্তৰসকলৰ মতে উক্ত বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু লোকজন এতিয়াও COVID-19ৰ পৰা মুক্ত হৈ উঠা নাই। এজাহাৰখনত প্ৰকাশ।
এজাহাৰখনত লগত কোৱা হয় যে বাতৰিটো অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত আইন শৃ্ংখলা ভংগ হোৱা এক পৰিস্থিতিৰ উদ্ভৱ হয়।
অসম চৰকাৰে এক জাননী যোগে জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীক ভুৱা বাতৰিটোৰ ওপৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। এজাহাৰখনৰ মতে কাকতখনৰ সংবাদাতা মঞ্জুৰ আহমেদ বৰভুঞা আৰু প্ৰকাশক অসীম কুমাৰ নাথ ইয়াত জড়িত আছে।
এজাৰাখনত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়ে কৰিমগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক উক্ত লোক দুজনৰ বিৰুদ্ধে ১৮৮ ধাৰা আৰু অসম COVID-19 ৰেগুলেশ্যন ২০২০ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।