বৰপেটা জিলাৰ সৰভোগস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত আবদ্ধ হৈ আছে বিদ্যালয়খনত অধ্যয়নৰত মধ্য প্ৰদেশৰ ২৩ গৰাকী শিক্ষাৰ্থী৷
একেদৰে সৰভোগ নৱোদয় বিদ্যালয়ৰো ২৩ গৰাকী শিক্ষাৰ্থী মধ্যপ্ৰদেশত আবদ্ধ হৈ আছে৷
লকডাউনৰ ফলত বিদ্যালয়খনত আবদ্ধ হৈ থকা এই শিক্ষাৰ্থীসকলক সোনকালে নিজ ৰাজ্যলৈ উভতাই পঠিওৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বৰপেটাৰ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷
উপায়ুক্তগৰাকীয়ে আজি নিজেই বিদ্যালয়খনত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে৷
উপায়ুক্তগৰাকীয়ে কয় যে এই বিষয়ে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা চলাই থকা হৈছে আৰু অহা ১৫ এপ্ৰিলত বিশেষ বিমানযোগে শিক্ষাৰ্থীসকলক নিজ ৰাজ্যলৈ প্ৰেৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে।
উল্লেখ্য যে নৱোদয় বিদ্যালয়সমূহৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত সৰভোগৰ বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰী এবছৰৰ বাবে মধ্য প্ৰদেশলৈ যোৱাৰ বিপৰীতে মধ্যপ্ৰদেশৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰভোগলৈ পঢ়িবলৈ আহিছিল।
কৰ’নাভাইৰাছকলৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত পাঠদান সম্পূৰ্ণ বন্ধ হৈ আছে যদিও লকডাউনৰ বাবে শিক্ষাৰ্থীসকল নিজ নিজ গৃহলৈ উভতিব নোৱাৰাত অভিভাৱকসকল চিন্তিত হৈ পৰিছে।
উপায়ুক্তৰ এই ভ্ৰমণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু বৰনগৰ ৰাজহ চক্ৰৰ বিষয়া সান্ত্বনা বৰাও উপস্থিত থাকে।