কৰ্ণাটকৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰী বি এছ য়েড্ডিয়ুৰুপ্পাৰ ৰাজনৈতিক সচিব এম পি ৰেণুকাচাৰ্যৰ এক বিতৰ্কিত মন্তব্য দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিধয়াক ৰেণুকাচাৰ্যই কয় যে, ক’ৰ’না ভাইৰাছ সংক্ৰণৰ হটস্পট নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত অংশগ্ৰহণ কৰি চিকিৎসা নকৰাকৈ আত্মগোপন কৰি থকা জামাতিসকলক গুলীয়াই হত্যা কৰিব লাগে।
ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ডেকান হেৰাল্ডৰ আগত ৰেণুকাচাকৰ্যই কয় যে ক’ৰ’না ভাইৰাছ হৈছে একপ্ৰকাৰৰ সন্ত্ৰাসবাদ, আৰু ‘যিসকলে এই ভাইৰাছক সংক্ৰমিত কৰোৱাই আছে তেওঁলোক হৈছে বিশ্বাসঘাটক’।
তেওঁ লগেত কয় নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত অশংগ্ৰহণকাৰীসকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আহ্বান জনোৱাৰ পিছতো চিকিৎসকৰ কাষ নাচাপি আত্মগোপন কৰি থকাসকলক চৰকাৰে সুৰক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকক গুলীয়াই হত্যা কৰাতো কোনো ভুল হব নোবাৰে।
অৱশ্যে ৰেণুকাচাৰ্যই নিজকে মুছলমান বিৰোধী নহয় বুলি দাবী কৰি কৈছে যে ইয়াৰ বাবে সকলো সংখ্যালঘুকে দায়ী কৰা হোৱা নাই। তেওঁ কেৱল তবলিগী জামাতত অংশগ্ৰহণ কৰা জামাতিসকলহে বিৰুদ্ধাচৰণ কৰিছে বুলি জনায়।
ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয় যে এনে বিক্ষিপ্ত ঘটনাৰ বাবে সমগ্ৰ সম্প্ৰদায়টোকে দোষাৰূপ কৰা উচিত নহয়। লগতে তেওঁ কয় ‘কোনোৱেই মুছলমানৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ কৰিব নোৱাৰিব। সকলোকে সকিয়াই দিয়া হৈছে। কিছুমান বিক্ষিপ্ত ঘটনাৰ বাবে সমগ্ৰ মুছলমান সম্প্ৰদায়কে কোনোবাই দোষ জাপি দিলে তেওঁৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ মুখ্যমন্ত্ৰী য়েড্ডিয়ুৰুপ্পাই কয়।
অৱশ্যে কৰ্ণাটক চৰকাৰে ৰেণুকাচাৰ্য বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।