মুখ্য মন্ত্ৰী, উপ-মুখ্য মন্ত্ৰী বিধান সভাৰ অধ্যক্ষকে ধৰি সকলো মন্ত্ৰী তথা বিধায়কৰ দৰমহা এবছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অৰুণাচল প্ৰদেশ কেবিনেটে।
শুকুৰবাৰে অৰুণাচল প্ৰদেশ কেবিনেটে বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে জানিবলৈ দিয়ে।
মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত অৰুণাচলৰ সকলো মন্ত্ৰী, বিধায়কৰ দৰমহা ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ মাৰ্চলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয়।
মন্ত্ৰী আৰু বিধায়কসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা এই টকা ক’ৰ’না ভাইৰাছৰ চিকিৎসাত ব্যৱহাৰ কৰা হ’ব।
আনহাতে, মুখ্য মন্ত্ৰী খাণ্ডুৱে মহামাৰীৰ ফলত ৰাজ্যখনৰ হ’ব পৰা অৰ্থনৈতিক ক্ষতি সম্বন্ধেও বৈঠকত পৰ্যালোচনা কৰে।
উল্লেখযোগ্য যে, অলপতে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ সকলো সাংসদৰ দৰমহা এবছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল।
অসম আৰু ত্ৰিপুৰা চৰকাৰেও ইতিমধ্যে সকলো মন্ত্ৰী আৰু বিধায়কৰ দৰমহা ৩০ শতাংশ কৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।