• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে জনসাধাৰণৰ স্বাৰ্থত ৰাজ্য চৰকাৰলৈ কেন্দ্ৰৰ জৰুৰী নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2020 12:53 pm
NKV-NARENDRAMODI-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্য সমাগ্ৰীৰ লগতে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহনৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ সচিবে সকলো ৰাজ্যৰে মুখ্য সচিবলৈ এখন পত্ৰ লিখি যিকোনো পৰিস্থিতিতে এন সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ চলাচল নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ লিখা পত্ৰখনত কঠোৰ নিৰ্দেশ দি কয়,’’মন্ত্ৰ্যালয়ে জানিব পাৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহক দেশৰ কিছুমান অংশত বন্ধ কৰি ৰখা হৈছে।‘’

Apply Now

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সকীয়াই দিছে যে যদি এনে অৱস্থা চলি থাকে তেতিয়াহ’লে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ’বগীয়া হ’ব পাৰে।

সেইদৰে দেশৰ কিছুমান অংশত ক’ল্ড ষ্ট’ৰেজ আৰু ৱেৰহাউছত কাম কৰাৰ অনুমতি দিয়া হোৱা নাই। এই ফেক্টৰীসমূহত কাম কৰাৰ বাবে যিমান শ্ৰমিকৰ প্ৰয়োজন সিমান পাছ দিয়া হোৱা নাই।

তদুপৰি, কোনো এখন ৰাজ্যই ট্ৰাক তথা শ্ৰমিকক অহা যোৱাৰ বাবে দিয়া পাছ বা অনুমতি পত্ৰ আন ৰাজ্যই মানিবলৈ অস্বীকাৰ কৰিছে। এনেবোৰ কাৰণতে লকডাউনৰ সময়ত সামগ্ৰীৰ পৰিবহন বাধাগ্ৰস্ত হৈছে।

গৃহ মন্ত্ৰ্যালয়ে স্পষ্ট নিৰ্দেশ দিছে যে  জৰুৰী বা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকক চালকৰ লগত উপযুক্ত অনুজ্ঞাপত্ৰ থাকিলে বাধাহীনভাৱে চলাচলৰ অনুমতি দিব লাগিব।

লগতে চালকৰ সৈতে তেওঁৰ সহায়কো যাব পাৰে। বিষয়াসকলে যাতে চালকৰ পৰা আন অনুমতি পত্ৰ নিবিচাৰে। তদুপৰি, সামগ্ৰী খালী কৰাৰ পাছত উভতি যাবলগীয়া ট্ৰাকসমূহক ৰাস্তাত বাধা দিব নোৱাৰিব। সেইদৰে ফেক্টৰীলৈ যোৱা শ্ৰমিককো অনুমতি দিব লাগিব।

গৃহ সচিবগৰাকীয়ে পত্ৰখনত কয়,’’এই নিয়ম কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি কোৱাৰেন্টাইন বা নিৰীক্ষণ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত অঞ্চলক বাদ দি বাকী সকলো স্থানতে প্ৰযোজ্য হ’ব।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd