• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙা সমবায় সমিতিত সংঘটিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 18, 2020 6:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত দৰিদ্ৰ লোকক বিতৰণৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS)ৰ অধীনত আৱন্তিত ৮০০ কুইণ্টল চাউল হৰলুকি কাণ্ডত অভিযুক্ত কাজিৰঙা সমবায় সমিতিৰ গুদাম ৰক্ষক পলাশ গগৈ আৰু সম্পাদক বুবুল দলৈক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে বোকাখাত আৰক্ষীয়ে কাজিৰঙাৰ পৰা পলাশ গগৈক গ্ৰেপ্তাৰ কৰাৰ পিচত আজি দেৰগাঁৱৰ পৰা সম্পাদক বুবুল দলৈক গ্ৰেপ্তাৰ কৰিছে। কাজিৰঙা সমবায় সমিতিত সংঘৰ্টিত চাউল কেলেংকাৰীৰ পাচত যোৱা ৩ এপ্ৰিলৰ পৰাই সমবায় সমিতিখনৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈ পলাতক অৱস্থাত আছিল।

Apply Now

স্থানীয় লোকৰ অভিযোগ মতে ল’কডাউনৰ সময়ত বিতৰণৰ বাবে সমবায় সমিতিখনলৈ অহা ৮০০ কুইণ্টল চাউলৰ ৬০ শতাংশতকৈও অধিক চাউল হৰলুকি হৈছিল। সমবায় সমিতিৰ সম্পাদক আৰু গুদাম ৰক্ষকে হৰলুকি হোৱা চাউল অধিক দামত চোৰাংকৈ বিক্ৰী কৰি আহিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ।

স্থানীয় ৰাইজৰ অভিযোগ মতে ২০১০ চনৰ পৰাই কাজিৰঙা সমবায় সমিতিত ব্যপক দুৰ্নীতি চলি আহিছিল। হিতাধিকাৰীৰ প্ৰাপ্যৰ পৰা প্ৰতি বাৰতে চাউল চান কাঢ়িছিল সমবায় সমিতিখনৰ বিষয়ববীয়াই ৷ যাৰ বাবে প্ৰাপ্য চাউলৰ পৰা বঞ্চিত হৈ আহিছিল সমবায়খনৰ হিতাধিকাৰীসকল৷

শেহতীয়াকৈ ল’কডাউনৰ সাহাৰ্যৰ বাবে চৰকাৰে যোগান ধৰা ৮০০ কুইন্টল চাউলৰো হৰলুকি হোৱাত হিতাধাৰীসকলে বোকাখাতৰ মহকুমা প্ৰশাসনক অভিযোগ কৰাৰ লগতে তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছিল।

বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘয়ো বিষয়টোকলৈ বোকাখাত আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰিছিল। ইয়াৰ পাচৰে পৰাই কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈয়ে আত্মগোপন কৰি আছিল ৷

অৱশ্যে ইয়াৰ মাজতে যোৱা ৭ এপ্ৰিলত বোকাখাত আৰক্ষীয়ে জীপাল কৃষক শ্ৰমিক সংঘৰ দুই নেতা সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক কাজিৰঙা সমবায় সমিতিৰ বিৰুদ্ধে তেওঁলোকে দাখিল কৰা এজাহাৰৰ সম্পৰ্কত সোধা-পোচাৰ বাবে থানালৈ মাতি এটা প্ৰায় দুবছৰীয়া পুৰণা গোচৰত গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক বোকাখা়তৰ জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক গ্ৰেপ্তাৰ

জানিব পৰা মতে গ্ৰেপ্তাৰৰ এদিন পূৰ্বে সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেই সমবায় সমিতিখনত ঘটা উক্ত বৃহৎ চাউল হৰলুকি কাণ্ডৰ এক উচ্চস্তৰীয় তদন্ত দাবী কৰি মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

আজি ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৯ আৰু ৪২০ ধাৰাৰ লগতে অত্যৱশকীয় সামগ্ৰী আইনৰ ৭ ধাৰাত ১১৩/২০ নম্বৰৰ এটা গোচৰ ৰজু কৰি বোকাখাতৰ আদালতত হাজিৰ কৰে ৷ আদালতে দুয়োজনকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰৰণ কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd