• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰৱস্থাৰ মাজত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব নে এপ্ৰিল মাহৰ সম্পূৰ্ণ এপ্ৰিল মাহৰ দৰমহা?

অন্য ৰাজ্যৰ দৰে অসম চৰকাৰেও কৰ্তন কৰিব নেকি কৰ্মচাৰীৰ দৰমহা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2020 8:17 pm
94355452_10157511895548983_6137327993321684992_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ কৰ্মচাৰীসকলৰ এমাহৰ দৰমহাৰ কিছু অংশ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে তেনে সময়তে স্বাভাৱিকতে প্ৰশ্নৰ উদয় হয় যে ‘এনে এক দুৰৱস্থাৰ মাজত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব নে এপ্ৰিল মাহৰ সম্পূৰ্ণ দৰমহা?

এই আশংকা দূৰ কৰি বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায় যে মে’ মাহৰ দৰমহা কৰ্তন কৰা নহয় ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ।

‘অসমত এই দুৰৱস্থাৰ মাজতো ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘ সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

অৱশ্যে এইবাৰ ১ এপ্ৰিলৰ পৰিৱৰ্তে ৮ এপ্ৰিলতহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

ইপিনে, অসম চৰকাৰে সম্পূৰ্ণ দৰমহা দিয়াৰ সিদ্ধান্ত লৈছে যদিও অন্য ৰাজ্যসমূহত মন্ত্ৰী বিধায়কৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে দৰমহা কৰ্তন কৰা বুলি তেওঁ কয়।

তেওঁ উদাহৰণ দি কয় ‘মহাৰাষ্ট্ৰ চৰকাৰে মন্ত্ৰী বিধায়কৰ দৰমহা মাৰ্চ মাহত ৬০ শতাংশ কৰ্তন কৰিছে। চৰকাৰী বিষয়াৰ ৫০ শতাংশ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা কৰ্তন কৰিছে। চতুৰ্থ বৰ্গৰ কোনো কৰ্তন কৰা নাই। তেলেংগনাত প্ৰশাসনিক বিষয়াৰ দৰমহা ৬০ শতাংশ কৰ্তন কৰিছে। সাধাৰণ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিছে প্ৰায় ৫০ শতাংশ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ৩০ শতাংশ দৰমহা কৰ্তন কৰা হৈছে। উৰিষ্যাত প্ৰশাসনিক বিষয়াসকলৰ দৰমহা ৫০ শতাংশ কৰ্তন কৰা হৈছে। অন্ধ্ৰপ্ৰদেশত প্ৰথম বৰ্গৰ ৬০ শতাংশ, দ্বিতীয় তৃতীয় বৰ্গৰ ৫০ শতাংশ আৰু চতুৰ্থ বৰ্গৰ ১০ শতাংশকৈ দৰমহা কৰ্তন কৰিছে। কেৰেলাত প্ৰতি মাহত ৬ দিনৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। কৰ্ণাটক, মধ্যপ্ৰদেশ, বিহাৰতো কৰ্তন কৰিছে।‘

অৱশ্যে অসমতো সকলো বিভাগৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পৰাও দৰমহাৰ ২৫ শতাংশ ১ মে’ৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, কোভিডে স্বাস্থ্যৰ লগতে অৰ্থনীতিৰ ওপৰত ডাঙৰ আঘাত হানিছে বুলি স্বীকাৰ কৰি অসমৰ অৰ্থনীতি কি দিশে গতি কৰিছে তাৰে এক সম্যক আভাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

‘এপ্ৰিল ২০১৯ ত এছজিএছটিত সংগ্ৰহ হৈছিল ৪০৬ কোটি টকা। চিজিএছটিত সংগ্ৰহ হৈছিল ২৭৬ কোটি টকা আৰু আইজিএছটি ১৯৩ কোটি টকা। কিন্তু ২০২০ চনৰ এপ্ৰিলত মাত্ৰ ৬৮ কোটি টকা, যোৱাৰ বৰ্ষতকৈ ৩৩৮ কোটি টকা কৰ কমকৈ সংগ্ৰহ হ’ল। এই মাহত চি.জি.এছটিত সংগ্ৰহ হ’ল  ৬০ কোটি টকা। আইজিএছটিত সংগ্ৰহ হ’ল ৬২ কোটি টকা।‘ মন্ত্ৰীগৰাকীয়ে সংবাদমেলত এইদৰে কয়।

মুঠ জিএছটি সংগ্ৰহৰ এক তুলনা কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘২০১৯ত ৯৩২.৩৬ কোটি টকা জিএছটি সংগ্ৰহ হৈছিল। এই বৰ্ষত মাত্ৰ ১৯৩ কোটি টকা সংগ্ৰহ হৈছে। ৮০ শতাংশ কম হৈছে জিএছটি সংগ্ৰহ।‘

ইয়াৰোপৰি তেওঁ কয় ‘২০১৯ ৰ এপ্ৰিলত পেট্ৰ’লজাত সামগ্ৰীৰ পৰা ৩৪০ কোটি টকা সংগ্ৰহ কৰিছিল এইবছৰ ৬০ কোটি টকাৰো এতিয়ালৈকে ওচৰ চাপিব পৰা নাই।‘

আনহাতে, কেবিনেটৰ অনুমোদন ক্ৰমে বিত্ত বিভাগে কেতবোৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘বিত্ত বিভাগৰ অনুমোদন নোলোৱাকৈ প্ৰশাসনীয় বিভাগসমূহে কোনো আচঁনি গ্ৰহণ নকৰিব। কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যোজনা বা বৈদেশিক বিষয়ৰ আঁচনি চলাই যাব পাৰিব। দা-দৰমহাৰ উপৰিও অতিৰিক্ত খৰচ এতিয়া কাৰ্যালয়মূহে ২৫ শতাংশ খৰচৰ অনুমতিৰ পৰিৱৰ্তে ১০ শতাংশহে অনুমতি লাভ কৰিব।

‘মুখ্য মন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদন অবিহনে ৰাজ্য চৰকাৰে কোনো বাহন ক্ৰয় কৰিব নোৱাৰিব। প্ৰথম চাৰিমাহত ৰাজ্য চৰকাৰে ৱৰ্কশ্বপ, চেমিনাৰ আদি অনুষ্ঠিত নকৰে। প্ৰয়োজনত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এয়া সম্পন্ন হ’ব। মুখ্য ন্যায়াধীশ, মুখ্যমন্ত্ৰী, মুখ্য সচিবক বাদ কৰি অন্য কোনেও একজিউকেটিভ ক্লাছত যাত্ৰা কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰৰ কোনো বিষয়া বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব। ৰাজহুৱা স্বাৰ্থত যাবলগীয়া হ’লে তেওঁৰ অনুমতি থাকিব।‘ মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰোপৰি বিধায়ক পুঁজিৰ বাবে চাৰিটা মাহ কোনোধৰণৰ ধনৰ আবন্টন নহয় বুলি তেওঁ সদৰী কৰি লগতে কয় ‘অৱশ্যে জিলা উপায়ুক্তলৈ ইতিমধ্য মুকলি কৰি দিয়া ধনসমূহ উন্নয়নৰ কামত খৰচ কৰিব পাৰিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd