• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিৰাপ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ ২৫ লক্ষাধিক টকাৰ বৃহৎ দুৰ্নীতিৰ অভিযোগ; বন সংণ্ডল বিষয়া জড়িত থকাৰ তথ্য

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
May 4, 2020 5:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিৰাপ সংৰক্ষিত বনাঞ্চলত বন বিভাগে জব্দ কৰা ২৫ লক্ষাধিক টকা মূল্যৰ হোলোং গছৰ কুণ্ডাৰ নিবিদাক লৈ বনবিভাগে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা তথ্যই এতিয়া মাৰ্ঘেৰিটা মহকুমাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ তথা লেখাপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ মাফিয়াই কাটি থোৱা একত্ৰিশ জোপাকৈ হোলোং গছৰ ন ফুট দৈৰ্ঘ্য্যকৈ ওলোৱা দুশ ছয়টাকৈ কুণ্ডা বন বিভাগে অলপতে জব্দ কৰাক কেন্দ্ৰ কৰি উন্মোচিত হৈছে ন ন তথ্য।

Apply Now

টিৰাপ সংৰক্ষিত বনাঞ্চলত বন বিভাগে জব্দ কৰা দুশ ছয়টাকৈ হোলোং গছৰ কুণ্ডাৰ বিষয়টো বন বিভাগৰ পূৰ্ব পৰিকল্পিত এখন নাটক বুলিহে প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে, য’ত দীৰ্ঘদিন ধৰি টিৰাপ সংৰক্ষিত বনাঞ্চলত চলি অহা বন ধ্বংস যজ্ঞ সম্পূৰ্ণ ডিগবৈ বন সংমণ্ডল বিষয়া চৈয়দ আতিকুৰ ৰহমানৰ পৃষ্ঠপোষকতাতে চলি অহা বুলি স্পষ্ট হৈ পৰিছে।

জানিব পৰা মতে,  টিৰাপ সংৰক্ষিত বনাঞ্চলখনত চোৰাং কাঠ মাফিয়াই কাটি থোৱা দুশ ছয়টাকৈ হোলোং গছৰ কুণ্ডা বনাঞ্চলখনত চলিত বৰ্ষৰ ২৭ জানুৱাৰিত জব্দ কৰিছিল লেখাপানী আঞ্চলিক বন বিভাগৰ এটা দলে ৷

ইয়াৰ পিছতেই চলিত বৰ্ষৰ ২২ মাৰ্চত ডিগবৈ বন সংমণ্ডল বিষয়া ছৈয়দ আতিকুৰ ৰহমানে লেখাপানী বন কৰ্মীৰ এটা দলৰ সৈতে টিৰাপ সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ লেখাপানী বন বিভাগে জব্দ কৰা কুণ্ডাখিনি পৰিদৰ্শন কৰে আৰু সেই দিনাই বিষয়া গৰাকীয়ে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰস্থিত কীটপ্লাই, ৰোজন, নামপুং, এচ ভি এম, কামলু আৰু অম্বিকা নামৰ কাঠ মিল কেইটাত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।

তাৰ পিছদিনাই মিল কেইটাৰ গৰাকীৰ সৈতে ডিগবৈত এক গোপন বৈঠকত বন সংণ্ডল বিষয়া গৰাকী  মিলিত হোৱা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এই বৈঠকতে টিৰাপ সংৰক্ষিত বনাঞ্চলত জব্দ কৰা কুণ্ডাখিনি কাৰ দ্বাৰা কেনেকৈ বন বিভাগে  বনাঞ্চলৰ পৰা উলিয়াই আনিব, কোন ঠাইত কুণ্ডাখিনি জমা কৰিব আৰু সেই ঠাইৰ পৰাই কমিচনৰ বিনিময়ত কাক কি প্ৰক্ৰিয়াৰে কুণ্ডা খিনিৰ আবণ্টন দিব তথা একাংশ সাংবাদিক কি দৰে মেনেজ কৰিব এই সকলোবোৰ বিষয়ৰ ওপৰত সিদ্ধান্ত হৈ যোৱা বুলি দাবী কৰিছে সূত্ৰটোৱে।

ইয়াৰে কিছু ধন ইতিমধ্যেই একাংশ সাংবাদিক আৰু একাংশ দল সংগঠনৰ নেতাক মেনেজৰ বাবে আবন্তিত হৈ গৈছে বুলিও একেটা সূত্ৰত প্ৰকাশ আৰু ইয়াৰ লগে লগেই টিৰাপ সংৰক্ষিত বনাঞ্চলত বন বিভাগে জব্দ কৰা দুশ ছয়টাকৈ হোলোং গছৰ কুণ্ডা নিবিদাৰ বাবে বনাঞ্চলৰ পৰা উলিয়াই অনাৰ প্ৰস্তুতি চলাইছিল বন বিভাগটোৱে।

ইফালে নিধিৰাম চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হোৱা বন বিভাগটোৱে জব্দ কৰা দুশ ছয়টা হোলোং গছৰ কুণ্ডা বনাঞ্চলখনৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ নিজা জমা পুজি নথকাৰ দোহাই দি সহায় লৈছিল স্থানীয় কেইজনমান লোকৰ।

সেই মৰ্মে লোক কেইজনে এক এপ্ৰিলৰ পৰা চাৰিদিন পৰ্যন্ত নিজা ব্যয়ৰে হাতী, ট্ৰাক ব্যৱহাৰ কৰি বন বিভাগে জব্দ কৰা দুশ ছয়টা হোলোং গছৰ  কুণ্ডাৰ ভিতৰত দুশ চাৰিটা কুণ্ডা বনাঞ্চলখনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল।

আনহাতে, বনাঞ্চলৰ পৰা উলিয়াই অনা কুণ্ডাখিনি বনাঞ্চলৰ নাতি দূৰৈত অৱস্থিত জাগুন আৰু লেখাপানী বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ চৌহদত জমা কৰাৰ বিপৰীতে বিভাগীয় জমা পুজি নথকাৰ দোহাইদি গোপনে কাঠ মাফিয়াক আবণ্টন দিয়াৰ লক্ষ্যৰে বনাঞ্চলখনৰ দাঁতিতে কুণ্ডাখিনি জমা কৰোৱা হৈছিল।

এনেদৰে বনাঞ্চলখনৰ কাষত জমা কৰা কুণ্ডাখিনি সেই স্থানৰ পৰাই নিৰ্দিষ্ট বন মাফিয়াক গোপনে আৱণ্টন দিয়াত কোনো লোকে যাতে বিষয়টো হস্তক্ষেপ কৰিব নোৱাৰে তাৰে কৌশল ৰচনা কৰিছে বন বিভাগে। যাৰ ফলত এতিয়া বিভাগীয় নীতি-নিয়মেৰে কুণ্ডাখিনি নিবিদা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি কয় বিষয়া গৰাকীয়ে।

মোটা অংকৰ ধনৰ গোপন বুজাবুজিৰে সম্পূৰ্ণ একপক্ষীয়ভাৱে একাংশ চোৰাং কাঠ মাফিয়াক  জব্দকৃত কুণ্ডাখিনিৰ আবণ্টন দিয়াৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, এই সৰ্ন্দভত ডিগবৈৰ বন সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত বন সংমণ্ডল বিষয়া ছৈয়দ আতিকুৰ ৰহমানে এটা মধ্যভোগী চক্ৰৰ যোগেদি অঞ্চলটোৰ চোৰাং কাঠ মাফিয়াৰ পৰা ইতিমধ্যে মোটা অংকৰ ধন সংগ্ৰহ কৰাত নামি পৰা বুলিও অঞ্চলটোত তীব্ৰ চৰ্চা চলিছে।

স্মৰ্তব্য যে দুৰ্নীতিগ্ৰস্ত বন সংমণ্ডল বিষয়া গৰাকীৰ এনে কমিচনৰাজ ব্যৱস্থাৰ বাবেই এতিয়া ডিগবৈ বন সংমণ্ডলটোৰ অধীনত টিৰাপ সংৰক্ষিত বনাঞ্চলকে আৰম্ভ কৰি টিপং, লেখাপানী, টিংকুপানী, আপাৰ দিহিং আদি সংৰক্ষিত বনাঞ্চল সমূহ চোৰাং কাঠ আৰু কয়লা মাফিয়াৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰ হৈছে।

এনে ধৰণৰ অবিবেচক কৰ্ম কাণ্ডৰ বাবেই সংৰক্ষিত বনাঞ্চলসমূহ এফালৰ পৰা ক্ৰমাৎ ধ্বংস হৈ অহাবুলি মন্তব্য কৰিছে প্ৰকৃতি প্ৰেমী সকলৰ লগতে সচেতন মহলে।

অনহাতে, দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি সততে দাবী কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd