• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

এআইৰ সহায়ত সৃষ্টি কৰা হয় মৃতদেহৰ ছবি। মৃত্যুৰ প্ৰমাণ পত্ৰও লাভ কৰিলে। আনকি, নিজৰ পৰিৱৰ্তে অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত নিজৰ সলনি জ্বলাই দিয়া হ’ল এটা ছাগলী।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 27, 2026 8:34 am
ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ভয়। তাৰ পৰা হাত সাৰিবলৈ যুৱকজনে নিজৰ মৃত্যুৰ ‘নাটক’ ৰূপায়ন কৰিলে। আনকি এই ঘটনাই এখন চিনেমাকো হাৰ মনাব। এআইৰ সহায়ত সৃষ্টি কৰা হয় মৃতদেহৰ ছবি। মৃত্যুৰ প্ৰমাণ পত্ৰও লাভ কৰিলে। আনকি, নিজৰ পৰিৱৰ্তে অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত নিজৰ সলনি জ্বলাই দিয়া হ’ল এটা ছাগলী। উত্তৰ প্ৰদেশৰ মাউ জিলাত সংঘটিত হৈছে ঘটনা। অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ৰাজকুমাৰ ৰাজভৰ ওৰফে ৰাজু। বয়স ৩৮ বছৰ। আৰক্ষীয়ে জনোৱা মতে, ৰাজু ১৮ মাহ ধৰি পলাতক হৈ আছিল। দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ২০১৬ চনত তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰত বিচাৰ চলি আছিল।

আৰক্ষীৰ দাবী, ২০১৬ চনত ৰাজকুমাৰ আৰু তেওঁৰ সহযোগী সুদৰ্শন ৰাজভৰৰ বিৰুদ্ধে জনৈক যোগেশ সিঙক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰৰ বিচাৰ চলি আছিল মাউৰ আদালতত। সাক্ষ্য লৈ প্ৰমাণ দাখিল কৰাৰ পিছত ৰাজকুমাৰে নিজৰ ভৱিষ্যতক লৈ বৰ চিন্তিত হৈ পৰিল।

Apply Now

আৰক্ষীয়ে দাবী কৰিছে যে ৰাজকুমাৰে ক্ৰিপ্টোকাৰেন্সীকে ধৰি বিভিন্ন স্থানত ধন বিনিয়োগ কৰিছিল। বিনিয়োগৰ বাবেও দুই এজনৰ পৰা টকা লৈছিল। ইয়াৰ পিছত তেওঁৰ চিনাকি হোমিঅ’পেথিক ডাক্তৰ এজনে হেনো তেওঁক মৃত্যুৰ নাটক এখন ৰূপায়ন কৰিবলৈ পৰামৰ্শ দিলে। ৰাজকুমাৰৰ কথাটো মনত লাগিল।

অভিযোগ অনুসৰি ৰাজকুমাৰক প্ৰথমে অসুস্থ আৰু অচেতন বুলি দেখুওৱা হৈছিল। ইয়াৰ পিছত এআই ব্যৱহাৰ কৰি তেওঁৰ মৃত্যুৰ এখন ছবি তৈয়াৰ কৰা হয়। সেই ছবিখনত তেওঁক শ্মশানৰ চিতাৰ ওপৰত পৰি থকা দেখা যায়। আৰক্ষীয়ে দাবী কৰিছে যে গাজীপুৰত অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু চিতাত ৰাজকুমাৰৰ সলনি ছাগলী এটা জ্বলাই দিয়া হ’ল! পিছত তেওঁ গাজীপুৰৰ পৰা মৃত্যুৰ প্ৰমাণ পত্ৰও লাভ কৰে।

অৱশ্যে শেষ ৰক্ষা নহ’ল। মাউৰ কোটোৱালি নগৰ থানাৰ আৰক্ষী আৰু তদন্তকাৰী দলে অভিযুক্তক আটক কৰে। তেওঁৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগত নতুনকৈ গোচৰ ৰুজু কৰা হৈছে। সদ্যহতে তেওঁ কাৰাগাৰতে ঠাই পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

October 27, 2026 9:09 am
চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

October 27, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd