• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিত্তীয় সংকট প্ৰসংগত কিছু প্ৰশ্ন

কিশোক কুমাৰ কলিতা by কিশোক কুমাৰ কলিতা
May 9, 2020 3:45 pm
BUDGET-2020-21-8
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত এক সংবাদমেলত অসমৰ বিত্তমন্ত্ৰীজনে ঘোষণা কৰিছে যে লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত গুৰুতৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে আৰু মূলতঃ ৰাজকোষত ধন নোহোৱাৰ বাবেই এক অভাৱনীয় আৰ্থিক সমস্যা সৃষ্টি হৈছে। কৰ সংগ্ৰহ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত বিত্তীয় পৰিস্থিতি অধিক শোচনীয় হৈছে বাবে ৰাজ্য চৰকাৰে এপ্ৰিল মাহত ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা দিব যদিও এতিয়াৰে পৰা চৰকাৰে ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰখনে অতি প্ৰয়োজনতহে ধন ব্যয় কৰিব বুলি কৈছে যদিও তাৎপৰ্যপূৰ্ণভাৱে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ যোগে কৰা ভ্ৰমণক ‘ব্যয় সংকোচন নীতি’ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ৰাজকোষৰ তলি উদং হৈ গ’লেও লাখ লাখ টকা ব্যয়ৰ হেলিকপ্টাৰ ভ্ৰমণ কৰি থাকিব বুলি বিত্তমন্ত্ৰীজনে প্ৰকাশ্যে সাংবাদিকক অৱগত কৰিছে। কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীজনৰ হেলিকপ্টাৰ ভ্ৰমণ কিহৰ বাবে অতিকৈ প্ৰয়োজনীয় তাকহে আমাৰ দৰে অভাজনে এতিয়ালৈকে বুজিব পৰা নাই।

আটাইতকৈ হতাশজনক বাতৰিটো হৈছে অসমত থকা উদ্যোগ-প্ৰতিষ্ঠানসমূহে অহা জুলাই মাহলৈ নিজৰ প্ৰাপ্য জি এ¸ছ টি ঘূৰাই নাপাব। অৰ্থাৎ ইতিমধ্যে লকডাউনত সৰ্বস্বান্ত হৈ পৰা এনে উদ্যোগিক প্ৰতিষ্ঠানবোৰক আৰ্থিকভাৱে সকাহ দিয়াৰ সলনি চৰকাৰে এন্য এক ধৰণে মাধমাৰ দিবলৈ বিচাৰিছে। কেৱল চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ কথা ভবা অসম চৰকাৰে ৰাজ্যখনত বাসকৰা লক্ষ লক্ষ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, অসংগঠিত খণ্ডৰ শ্ৰমিক আদিয়ে কেনেদৰে জীৱন নিৰ্বাহ কৰিব তাৰ কথা ভবাৰ অৱকাশ পাইছেনে? ইতিমধ্যে পৃথিৱীৰ কেবাখনো উন্নত দেশে এনে শ্ৰেণীৰ কৰ্মচাৰী,  শ্ৰমিকৰ দৰমহাৰ বিশেষ অংশত ৰাজসাহায্য দিয়াৰ পৰিকল্পনা কৰিছে। ভাৰতবৰ্ষতো বহু সংগঠনে ব্যক্তিগত কোম্পানীৰ চাকৰিয়াল, সংবাদ মাধ্যম, উদ্যোগ খণ্ড, অসংগঠিত খণ্ডৰ শ্ৰমিক আদিক লকডাউনৰ সময়ছোৱাত দিবলগা দৰমহাৰ ক্ষেত্ৰত চৰকাৰী সহায়তা দাবী কৰিছে। অসম চৰকাৰে এনেধৰণৰ সহায়তাৰ কথা ভাবিব নোৱাৰে কিয়? যদিহে ৰাজকোষ উদং আছিল, তেন্তে যোৱা মাৰ্চ মাহৰ বাজেটত বিয়াগোম আঁচনিবোৰ ঘোষণা কৰিছিল কিয়? মাত্ৰ এমাহৰ সময়ত ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি, কেন্দ্ৰীয় অনুদান গোটাব নোৱাৰি আৰ্থিকভাৱে বিধবস্ত হৈ পৰা বৰ্তমান চৰকাৰখনে তেন্তে বিত্তীয় দিশৰপৰা পূৰ্বৰ চৰকাৰখনতকৈ স্বাৱলম্বী কিহত?

কিহৰ বাবে আমাৰ মনত উল্লিখিত এনে সন্দেহবোৰে বাহ লৈছে তাক পাঠকক অৱগত কৰিবলৈ আমি পোনতে স্বয়ং অসমৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছো। লকডাউন ঘোষণাৰ মাথো ওঠৰ দিন আগত, অৰ্থাৎ মাৰ্চ মাহৰ ৬ তাৰিখে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ৰ যি বাজেট ভাষণ অসম বিধানসভাত প্ৰদান কৰিছিল তাৰ ১৬ নং দফাত এনেদৰে উল্লেখ কৰিছিল— ‘’২০১৬-১৭ বৰ্ষত আমি যেতিয়া ক্ষমতালৈ আহিছিলো, এইখন সদনত ২০১৬ চনৰ ৩ জুন তাৰিখে ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সম্পৰ্কে এক শ্বেতপত্ৰ দাখিল কৰা হৈছিল। সদস্যসকলৰ নিশ্চয় মনত আছে যে সেই সময়ত ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিবৰ বাবেও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় অনুদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। বিগত চাৰি বছৰত ৰাজ্যৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ আমি কেতবোৰ বৃহৎ পদক্ষেপ হাতত লৈছিলো। যি স্থলত ২০১৫-১৬ বৰ্ষত ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীক কেৱল ৬ মাহ ১০ দিনৰহে দৰমহা দিবলৈ সমৰ্থ হৈছিল, তেনেস্থলত আজি আমি ৰাজ্যিক কৰ্মচাৰীক ৭ মাহ ৯ দিনৰ দৰমহা আদায় দিব পৰা অৱস্থালৈ আহিলো। সদনক জনাই থওঁ যে বৰ্দ্ধিত কৰ্মচাৰীৰ সংখ্যা, বৰ্দ্ধিত পেন্সনভোগী আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ পিছতো ১৫ শতাংশ হাৰৰ এই বৃদ্ধি এক লেখত ল’বলগীয়া ঘটনা। অধ্যক্ষ মহোদয়, বিকাশৰ এই  হাৰ বৰ্তি থাকিলে অনতিপলমে আমি কৰ্মচাৰীসকলক সম্পূৰ্ণ বছৰটোৰ দৰমহা কেন্দ্ৰীয় পুঁজিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ৰাজ্যিক ৰাজহৰ পৰাই  আদায় দিব পাৰিম।’’

দুৰ্ভাগ্যৰ কথা যে লকডাউনে এমাহ অতিক্ৰম কৰাৰ সময়তে অসম চৰকাৰৰ বিত্ত মন্ত্ৰীজনে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে এপ্ৰিল মাহৰ দৰমহা মে’ মাহৰ সাত-আঠ তাৰিখে কোনোমতে আদায় দিব পাৰিলেও ৰাজ্যিক কৰ্মচাৰীক মে’ মাহৰ দৰমহা আদায় দিবলৈ ৰাজকোষত ধন নাই। বিত্ত মন্ত্ৰীজনে লগতে প্ৰকাশ কৰিছে যে প্ৰত্যাশিত উৎসৰ পৰা ৰাজকোষত ধন জমা নহ’লে ৰাজ্যৰ কোষাগাৰসমূহৰ লেনদেন বন্ধ ৰাখিব লাগিব। সেয়েহে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যখনৰ বিত্তীয় দুৰৱস্থাৰ জোৰা-টাপলি মাৰিবলৈ অচিৰেই চৰকাৰী প্ৰতিষ্ঠানৰপৰা কেইবা হেজাৰ কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে। আমি মনত ৰখা দৰকাৰ যে যোৱা ৩১ মাৰ্চ পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ বোজা আছিল ৭৪,০৩২.৬১ কোটি টকা। অসম চৰকাৰে ২০১৮-১৯ বৰ্ষত ঋণৰ সুদ আদায় দিওঁতে ৪,১৯৩.৩৫ কোটি টকা খৰচ কৰিছিল। যদিহে অসম চৰকাৰে ক’ভিড-১৯ৰ লকডাউনৰ অজুহাতত এল আই চি, ক্ষুদ্ৰ সঞ্চয়,  কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ড আদিৰ পৰা অধিক ঋণ লয় তেন্তে সমাগত সময়ত অৰ্থাৎ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বিত্তীয় বৰ্ষত কেৱল সুদ আদায় দিয়াৰ নামতেই প্ৰায় ¸ছহেজাৰ কোটি টকা ব্যয় কৰিব লাগিব। এতিয়া প্ৰশ্ন হ’ল বিগত সময়ছোৱাত ৰাজহুৱা ব্যয়ৰ বাবেই অসম চৰকাৰৰ ৰাজকোষ উদং হৈ পৰিল নে ই পূৰ্বৰেপৰা খালী হৈ আছিল? যদিহে খালী আছিল তেন্তে অসমৰ মাননীয় বিত্তমন্ত্ৰীজনে কি সাহসত এক বৃহৎ অংকৰ বাজেট দাখিল কৰিছিল? যদিহে অসম ৰাজহৰ দিশৰপৰা পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বহু বেছি পৰিমাণে স্বাৱলম্বী হৈ পৰিছে তেন্তে মাথো এমাহৰ ব্যৱধানতে কেনেদৰে একেবাৰে দুখীয়া হৈ পৰিল? কেন্দ্ৰীয় চৰকাৰৰ অনুদান নোহোৱাকৈ দুমাহো চলিব নোৱাৰা বৰ্তমানৰ চৰকাৰখন তেন্তে স্বাৱলম্বী কিহত?

তাৎপৰ্যপূৰ্ণভাৱে কেৰালা চৰকাৰে কো’ভিড-১৯ৰ লগত মোকাবিলা কৰিবলৈ নিজ ৰাজ্যৰ ৰাজকোষৰপৰা বিশ হেজাৰ কোটি টকাৰ যি আৰ্থিক অনুদান ঘোষণা কৰিছে, তেনে ঘোষণা কৰিবলৈও অসম চৰকাৰ আজিৰ দিনত বিত্তীয় দিশৰ পৰা অক্ষম। যোৱা ২৬ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ ‘কোনো লোকে যাতে ভোকত থাকিব নালাগে’ তাৰ বাবে ১৭০ লাখ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল। এই পেকেজ অনুসৰি তিনি মাহলৈ দেশৰ আশী কোটি দৰিদ্ৰ আৰু প্ৰয়োজন থকা লোকে প্ৰতি মাহে গাহইপতি পাঁচ কিলোগ্ৰামকৈ চাউল বা আটা, এক কিলোগ্ৰামকৈ মাহজাতীয় খাদ্য লাভ কৰিব। গতিকে দৰিদ্ৰক অন্ন প্ৰদানৰ এই সমগ্ৰ খৰচ ব্যয় হ’’ব কেন্দ্ৰীয় চৰকাৰৰ ৰাজকোষৰ পৰা, ৰাজ্য চৰকাৰৰ তাত কোনো কৃতিত্ব নাই। এতিয়ালৈকে অসম ৰাজ্যৰ বিভিন্ন কোণত দুখীয়া, দৰিদ্ৰ লোকক যি সাহায্যৰ হাত আগবঢ়োৱা হৈছে সেয়া সম্ভৱ হৈছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বদান্যতা, অসম চৰকাৰৰ কৰ্মচাৰীসকল আৰু আৰ্তজনৰ ওচৰত থিয় দিয়াৰ মানসিকতা থকা লোকৰ বাবেহে। অসম চৰকাৰৰ নিজাববীয়া প্ৰত্যক্ষ আৰ্থিক সাহায্য বা বিনামুলীয়া খাদ্য যোগান এতিয়ালৈকে কিমান ফলপ্ৰসু হৈছে সেই বিষয়ত বিশেষ বা-বাতৰি বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই।

তদুপৰি যোৱা ৩০ মাৰ্চত অসম চৰকাৰে যি সাহায্য পেকেজ ঘোষণা কৰিছিল সিয়ে কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ দুটামান গুৰুত্বপূৰ্ণ সাহায্যক সামৰি লৈছে। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৫৮ লাখ পৰিয়ালক বিনামূলীয়া চাউল যোগান (সমগ্ৰ দেশত এই হিতাধিকাৰীৰ সংখ্যা হৈছে ৮০ কোটি) আৰু অসমৰ গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জীয়নভুক্ত প্ৰায় ২.৭৮ লাখ শ্ৰমিকক এহেজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান (কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ সাহায্যৰ বাবে অ¸ট্টালিকা আৰু নিৰ্মাণ শ্ৰমিক পুঁজিৰ ৩১ হেজাৰ কোটি টকা ব্যৱহাৰ কৰা হ’ব বুলি যোৱা ২৬ মাৰ্চত ঘোষণা কৰিছিল)।

শেহত, বৰ্তমানলৈ অসম চৰকাৰে কো’ভিড-১৯ৰ চিকিৎসাৰ বাবে যি খৰচ কৰিবলগা হৈছে তাকো আমি জনাত  কৰা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত। অসম চৰকাৰৰ নিজাববীয়া ব্যয় সম্ভৱতঃ এতিয়াও বৃহৎ পৰিসৰত হোৱা নাই। বাজেট ভাষণত (২০২০-২১) মাননীয় বিত্তমন্ত্ৰীয়ে কৈছিল—  ‘দেখা যায় মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ দৃষ্টিভংগীৰে বৰ্তমানৰ মূল্যত ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ বাৰ্ষিক গড় উন্নয়নৰ হাৰ ১২.৩৮ শতাংশ। ধ্ৰুৱক মূল্যৰ দৃষ্টিভংগীৰেও অসম ৰাজ্যিক বিকাশৰ হাৰ ৰাষ্ট্ৰীয় গড় মানতকৈ অধিক আৰু এয়া হৈছে এক উল্লেখনীয় প্ৰাপ্তি।’ যদিহে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন(GSDP)ৰ দিশত চমৎকাৰী প্ৰদৰ্শন দেখুওৱা এখন ৰাজ্যৰ বিত্তীয় অৱস্থা লকডাউন দিয়াৰ এমাহৰ ভিতৰতে সোলোক-ঢোলোক হৈ পৰে তেন্তে এনে লকডাউন আৰু বেছি হ’’লে অসম ৰাজ্যৰ বিত্তীয় দশা কি হ’ব?

 

(লেখকৰ e-mail : [email protected])

Tags: COVID-19
কিশোক কুমাৰ কলিতা

কিশোক কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd