• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক’ৰ’না সম্পৰ্কীয় এখন অৰাজনৈতিক চিঠি

কৌশিক তালুকদাৰ, জাৰ্মানী by কৌশিক তালুকদাৰ, জাৰ্মানী
May 13, 2020 7:59 pm
প্ৰতিনিধিত্বমূলক

প্ৰতিনিধিত্বমূলক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছে মানৱ জাতিক সম্প্ৰতি সন্ত্ৰস্ত কৰি ৰাখিছে। বিশ্বৰ। শক্তিশালী দেশবোৰে আজি ক’ৰ’নাৰ সন্মুখত নেগুৰ পেলাই দিছে। কোভিড-১৯ মহামাৰীয়ে বিশ্বব্যাপী এক অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ লগতে এক গভীৰ অৰ্থনৈতিক সংকটৰ জন্ম দিছে। ভাৰতবৰ্ষৰ দৰে দেশ সহজতে এই সংকটৰ গ্ৰাসত পৰিছে। এইখিনিতে এটা কথা অৱশ্যে কোৱাটো জৰুৰী যে বিমুদ্ৰাকৰণ, জিএছটি, বৃহৎ কৰ্পোৰেটক হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া ইত্যাদিকে ধৰি মোদী চৰকাৰৰ ভালেমান অৰ্থনৈতিক নীতিৰ ফলত ক’ৰ’না মহাদুৰ্যোগৰ আবিৰ্ভাৱৰ বহু আগতেই ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড ভাগি গৈছিল। ক’ৰ’নাৰ মহামাৰীয়ে ইয়াক আৰু অধিক সংকটলৈ লৈ গ’ল। ভাৰত চৰকাৰ আৰু ইয়াৰ বহতীয়া প্ৰচাৰ মাধ্যমে অৱশ্যে ভাৰতীয় অৰ্থনীতিৰ এনে তথৈবচ অৱস্থাৰ বাবে কেৱল ক’ৰ’নাকহে জগৰীয়া কৰি মোদীজীক ধোৱা তুলসীৰ পাত ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে, ভৱিষ্যতেও এই প্ৰচেষ্টা চলি থাকিব। এনে প্ৰচেষ্টা অতি সহজে সফল হ’ব বুলি আমি নিশ্চিত। সি যি কি নহওক, এটা কথা ঠিক যে ইতিমধ্যে বিধ্বস্ত হৈ পৰা ভাৰতীয় অৰ্থনীতিক পুনৰোজ্জীৱিত কৰাৰ বাবে চৰকাৰে অতি শীঘ্ৰে দেশ তথা বিশ্বৰ অৰ্থনীতিজ্ঞসকলৰ সৈতে আলোচনা কৰি উপযুক্ত অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিবই লাগিব। কিন্তু মোডীজি বা তেখেতৰ চৰকাৰে তেনেকুৱা কোনো পদক্ষেপ হাতত লোৱা এতিয়ালৈকে আমাৰ চকুত পৰা নাই। মোদীজী নিজেই বিজ্ঞান-অৰ্থনীতি-ইতিহাস-ৰাজনীতি জগতৰ সৰ্বশ্ৰেষ্ঠ ‘পণ্ডিত’ হোৱা বাবেই বোধকৰো অইন কোনো বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন চৰকাৰখনে অনুভৱ কৰা নাই। কিন্তু মোদীজীৰ ‘raw wisdom’ এই সংকটৰ সময়ত কিবা কামত আহিব বুলি আমাৰ মনে নধৰে। সেয়ে ভাৰত আৰু ভাৰতবাসীৰ স্বাৰ্থতেই অমৰ্ত্য সেন, অভিজিৎ বেনাৰ্জী, ৰঘুৰাম ৰাজন, মনমোহন সিং আদিৰ দৰে প্ৰখ্যাত অৰ্থনীতিবিদৰ পৰামৰ্শ গ্ৰহণ কৰি উপযুক্ত অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ মোডীজীক আমি প্ৰাৰ্থনা কৰিছো ।

মাত্ৰ চাৰি ঘণ্টাৰ আগজাননী দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰিলে, তলাবন্ধ-কাল বাঢ়ি গৈ গৈ দুমাহৰ কাষ চাপিল। তলাবন্ধ সংক্ৰান্তীয় প্ৰস্তুতি-পৰিকল্পনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখন আৰম্ভণিৰ পৰাই দিশাহীন আছিল, এতিয়াও তাৰ কোনো উন্নতি আমি দেখিবলৈ পোৱা নাই। পৰ্যাপ্ত সাহায্য পুঁজি আৰু অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে পুঁজি মোকলাই দিয়াত ব্যৰ্থ হৈছে মোদী চৰকাৰ যাৰ ফলত দেশত অসহনীয় আৰু অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে। নিজৰ নিজৰ সাধ্যানুসাৰে ৰাজ্য চৰকাৰবোৰে ‘ফীল্ড’ত নামি ক’ৰ’নাৰ সৈতে যুঁজি আছে৷ কিন্তু কেন্দ্ৰই ৰাজ্য চৰকাৰ সমূহক বিশেষ সাহায্য পুঁজি দিয়াটো দূৰৈৰ কথা, দিবলৈ থকা টকাখিনিও মুকলি কৰি দিয়া নাই বুলি অভিযোগ উঠিছে। ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ আৰু আবেদনক গুৰুত্ব নিদি মোদীজীয়ে নিজৰ ইচ্ছামতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি দিল্লীত আৰামত বহি আছে। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰসমূহে front lineত কাম কৰিবলগীয়া হোৱা কথাটোৱে ভাৰতীয় গণতন্ত্ৰৰ সংঘীয় structureটোৰ প্ৰাসংগিকতা পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে। ‘এক দেশ, এক শাসক’ নীতিৰ সলনি সংঘীয় গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰয়োজন স্পষ্ট হৈ পৰিছে। ভৱিষ্যতে কেন্দ্ৰৰ হাতত সমস্ত ক্ষমতা কেন্দ্ৰীভূত কৰাৰ সলনি মোদী চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত গুৰুত্ব দিব নে ?

কোৱা বাহুল্য মাথোন যে চৰকাৰী অকৰ্মণ্যতাৰ ফলত দেশৰ কোটি কোটি নাগৰিকে যমৰ যাতনা ভুগিবলগীয়া হৈছে। ৰাষ্ট্ৰীয় তলাবন্ধ ঘোষণা কৰাৰ সময়ত ‘গৰীব কা বেটা’ নৰেন্দ্ৰ মোদীৰ মনলৈ এবাৰৰ বাবেও গৰীব শ্ৰমিকসকলৰ কথা মনলৈ নাহিল। অসংগঠিত ক্ষেত্ৰত কিমান শ্ৰমিকে কাম কৰি আছে তাৰ ধাৰণা চৰকাৰৰ নাছিল নেকি ? চৰকাৰ-প্ৰশাসনৰ গাফিলতিৰ ফলত কত শ্ৰমিকে মৃত্যুক আঁকোৱালি ল’লে তাৰ হিচাপ মোদীজীয়ে ৰাখিছে নে ? কত দৰিদ্ৰ পৰিয়ালে অনাহাৰে দিন পাৰ কৰিছে তাৰ খবৰ চৰকাৰে জানেনে ? ভৱিষ্যতে কোটি কোটি ভাৰতীয়ই খাবলৈ নাপাই হয়তো মৃত্যুক আঁকোৱালি ল’ব লাগিব ! আমি খবৰ পোৱা মতে, বেচৰকাৰী সংস্থাৰ লগতে একাংশ মানৱদৰদী লোকে ব্যক্তিগতভাৱে উদ্যোগ লৈ লাখ লাখ দৰিদ্ৰলোকক বিপদৰ সময়ত অন্ততঃ ভাতমুঠিৰ যোগান ধৰিছে। পলমকৈ হ’লেও চৰকাৰে সাহায্য পেকেজ ঘোষণা কৰিছে বুলি খবৰ পাইছো। অৱশ্যে চৰকাৰী সাহায্য ঘোষণা পৰ্বৰ পৰা জনতাৰ কাষ পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ১২ মে’ত মোদীজীয়ে ঘোষণা কৰা ২০ লাখ কোটিৰ পেকেজ আদৰণীয় যদিও ইয়াৰ গৰিষ্ঠভাগ বৃহৎ পুঁজিপতিৰ জেপত সোমালে গৰিষ্ঠসংখ্যক ভাৰতীয়ৰ কোনো উপকাৰত নাহিব৷

বিশ্ববিখ্যাত বুদ্ধিজীৱী য়ুভাল নোৱা হাৰাৰীয়ে আশংকা প্ৰকাশ কৰিছে যে ক’ৰ’না মহামাৰীৰ অচিলা লৈ কেতবোৰ ৰাজনৈতিক-অৰ্থনৈতিক শক্তিয়ে ডিজিটেল একানায়কত্ববাদ প্ৰতিষ্ঠাৰ বাট মুকলি কৰিব পাৰে। হাৰাৰীৰ এই আশংকা অমূলক নহয়। ভাৰতবৰ্ষত সেই আশংকা যেন বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। ৰাষ্ট্ৰীয় তলাবন্ধৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোদীবিৰোধী শক্তিসমূহক চাফা কৰাৰ পৰিকল্পনা হাতত লৈছে নেকি ? ‘কা’বিৰোধী আন্দোলনৰ নেতা-কৰ্মীসকলৰ ওপৰত জধে-মধে নিৰ্যাতন চলাবলৈ পুলিচ-প্ৰশাসনে নহ’লে ক’ৰ পৰা নিৰ্দেশ পাইছে ? ‘কা’বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা গৰ্ভৱতী মহিলাক নিৰ্দয়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। দেশজুৰি চৰকাৰক সমালোচনা কৰা বিভিন্ন লোকক দেশদ্ৰোহৰ গোচৰত আটক কৰা হৈছে। অসমৰ অখিল গগৈকো এটাৰ পাছত আন এটা গোচৰ জাপি দি কাৰাগাৰত ৰাখি থৈছে। গগৈৰ প্ৰতি চৰকাৰে যি অন্যায় আৰু অবিচাৰ কৰিছে তাক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। ৰাষ্ট্ৰীয় তলাবন্ধৰ সময়তো বিজেপি চৰকাৰৰ ফেচিবাদী কাৰ্যকলাপ বন্ধ নহ’ল। ফলস্বৰূপে চৰকাৰৰ অৰাজনৈতিক স্তাৱকবাহিনীয়ে আজি ‘টিকটক’ কৰি সময় পাৰ কৰিছে আৰু অখিল গগৈৰ পুত্ৰই জেইলত থকা দেউতাকৰ ছবি অংকন কৰি তলাবন্ধৰ দিনবোৰ পাৰ কৰিবলগীয়া হৈছে। তলাবন্ধ চলি থকাৰ সুযোগতে বিজেপি নেতৃত্বাধীন চৰকাৰে শ্ৰমিক আইন সংশোধন কৰি তীব্ৰ শ্ৰমিক বিৰোধী স্থিতি লৈছে। আঠ ঘণ্টাৰ সলনি বাৰ ঘন্টা কাম কৰাৰ কথা কোৱা হৈছে। মুঠৰ ওপৰত দৰিদ্ৰ শ্ৰমিকক শোষণ কৰাৰ পথ সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে। অসমত আকৌ ৰাষ্ট্ৰীয় তলাবন্ধৰ মাজতে শ শ লোকক উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে ব্যৱস্থা হাতত লৈছে। কিমান নিৰ্দয় আৰু আমানৱীয় হ’লে এখন চৰকাৰ-প্ৰশাসনে এনে নীচ কাম কৰিব পাৰে ? তলাবন্ধৰ সুযোগ ব্যৱহাৰ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে ভাৰতত নিজৰ গণতন্ত্ৰবিৰোধী চৰিত্ৰ অধিক দৃঢ় কৰি ল’লে।

উল্লেখযোগ্য যে ভাৰতত প্ৰথমগৰাকী কোভিড-১৯ ৰোগী ধৰা পৰিছিল ৩০ জানুৱাৰীত। ফেব্ৰুৱাৰী তথা মার্চ মাহৰ তৃতীয় সপ্তাহলৈকে চৰকাৰে ক’ৰ’নাক ভেটিবলৈ পদক্ষেপ লোৱাৰ সলনি নিজৰ ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে কাম কৰিলে। কোটি কোটি টকা খৰছ কৰি ‘নমস্তে ট্ৰাম্প’ পাতিলে, দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰাজনীতি চলিল, মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰ ভাঙি বিজেপিৰ চৰকাৰ গঠন কৰাৰ কাম চলিল। চৰকাৰ-প্ৰশাসনৰ চৰম অৱহেলাৰ বাবেই মাৰ্চ মাহত তবলিগী জামাতৰ দিল্লীৰ কাৰ্যসূচীত বিদেশী নাগৰিকে ভাগ ল’লে আৰু ই ক’ৰ’না হটস্পট ৰূপে চিহ্নিত হ’ল। ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ আয়োজন কৰা গুজৰাটত আজি ক’ৰ’নাৰ তাণ্ডৱ দেশৰ ভিতৰতে সৰ্বাধিক। তাৰপিছতো মিথ্যাচাৰ সাম্ৰাজ্যৰ হৃদয়-সম্ৰাট নৰেন্দ্ৰ মোদীয়ে কৈছে, তেখেতৰ চৰকাৰে হেনো প্ৰথমজন কোভিড-১৯ ৰোগী চিনাক্ত হোৱাৰ পাছৰে পৰা কঠোৰভাৱে পদক্ষেপ লৈছে। এনেহেন সংকটৰ সময়তো মোডীজিয়ে নিজৰ আপুৰুগীয়া প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ নেৰিলে। নৰেন্দ্ৰ মোদীতকৈ মিথ্যাচাৰী প্ৰধানমন্ত্ৰী ভাৰতত আন কোনোবা আছিল নে ?

চৰকাৰৰ বন্ধু পুঁজিপতিসকলক হাজাৰ কোটি টকাৰ ঋণ মাফ কৰিব পৰা চৰকাৰৰ হাতত হেনো ক’ৰ’না মহাসংকটৰ মোকাবিলা কৰিবলৈ টকা নাই ! সেয়ে ততাতৈয়াকৈ ‘পি এম কেয়াৰ্ছ’ নামৰ ট্ৰাষ্ট এটা আৰম্ভ কৰি মোদীজীয়ে বৰঙনি খোজা আৰম্ভ কৰিলে। মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ লোকে সাধ্যনুসাৰে ধন আগবঢ়ালে। কিন্তু ‘পি এম কেয়াৰ্ছ’ৰ টকা মোদীয়ে ক’ৰ’না মহামাৰীৰ বাবে খৰছ কৰিব নে বিজেপিৰ নিৰ্বাচনী সভাৰ বাবে খৰছ কৰিব নে ডাঙৰ ডাঙৰ পুঁজিপতিবোৰক দান দিব কোনেও নাজানে, জনাৰ উপায় নাই। ‘পি এম কেয়াৰ্ছ’ হেনো কেগ বা আৰ টি আইৰ আওতালৈ নাহে। অৰ্থাৎ এই ট্ৰাষ্টটোৰ স্বচ্ছতা যথেষ্ট সন্দেহজনক। আনহাতে, বিভিন্ন চৰকাৰী আঁচনিত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে। তথাপি মোদীজী পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিমুক্ত নেতা আৰু বিজেপি ভ্ৰষ্টাচাৰমুক্ত দল! আমি সেয়ে আশা কৰিছো, ‘পি এম কেয়াৰ্ছ’ৰ সমস্ত ধন ভাৰতীয় নাগৰিকৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ব, চৰকাৰী আঁচনিয়ে দৰিদ্ৰ কৃষক-শ্ৰমিক সকলক সঁচাৰ্থত সহায় কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অদূৰদৰ্শিতা আৰু অসৱধানতাৰ পৰিণতিত কোটি কোটি দৰিদ্ৰ জনতাৰ দুৰৱস্থা আৰু যাতনাৰ সীমা-সংখ্যা নোহোৱা হ’ল৷ তথাপি অৱতাৰী পুৰুষ মোদীজীৰ অন্ধভক্ত হোৱা বাবেই আমাৰ দৰে ‘শিক্ষিত আৰু সচেতন’ নাগৰিকে অৰাজনৈতিক হৈ চুপ-চাপ বহি থাকিলো। আমি অৰাজনৈতিক হৈ থাকিলোঁ, দৰিদ্ৰ শ্ৰমিকৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈ থাকিল। স্বাস্থকৰ্মীক পৰ্যাপ্ত ‘পি পি ই’ যোগান ধৰিব নোৱাৰা চৰকাৰে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টিৰ চমক দেখুৱালে, এজন অৰাজনৈতিক ব্যক্তি হিচাপে মই বৰ ভাল পালো। দুৰ্ঘটনা সংঘটিত হৈ  ১৬ গৰাকীকৈ শ্ৰমিকৰ তেজেৰে মহাৰাষ্ট্ৰৰ ৰেললাইন ৰাঙলী হ’ল, বিভিন্ন ৰাজ্যত বহুতো শ্ৰমিকে উপায়ন্তৰ হৈ আত্মহত্যা কৰিলে, মোৰ দুখ কৰিবলৈ সময় নহ’ল। ক’ৰ’না মহামাৰীৰ পৰা দেশক উদ্ধাৰ কৰাৰ নামত অতি কৌশলেৰে দৰিদ্ৰ শ্ৰেণীটোক ঢাল হিচাপে ব্যৱহাৰ কৰা হ’ল, এওঁলোকক বলিশাললৈ পঠিওৱা হ’ল৷ এইবোৰ দেখি-শুনিও মই নিৰ্লিপ্ত আৰু অৰাজনৈতিক হৈয়েই ৰ’লো, অৱশ্যে চৰকাৰ-প্ৰশাসনৰ দায়বদ্ধতাক প্ৰশ্ন কৰা মানুহবোৰক হেঁপাহ পলুৱাই ককৰ্থনা কৰিলো। অৰাজনৈতিক হৈ মই এতিয়াও ভাগৰা নাই ৷ সেয়ে এই অৰাজনৈতিক চিঠিখনৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী, ‘গৰীব কা বেটা’ মাননীয় নৰেন্দ্ৰ মোদীক তেখেতৰ অত দিনৰ মহান কৰ্মৰাজিৰ বাবে সেৱা জনালোঁ, আগজাননীবিহীন তলাবন্ধৰ বাবে খালী পেটেৰে শ শ মাইল পথ খোজ কাঢ়ি মৃত্যুক আকোৱালি লৈ  দেশৰ বাবে ‘বলিদান’ দিয়া শ্ৰমিকসকলকো সুঁৱৰিছো৷

Tags: COVID-19
কৌশিক তালুকদাৰ, জাৰ্মানী

কৌশিক তালুকদাৰ, জাৰ্মানী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd