ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হোৱাটো তেওঁৰ ক্ৰিকেট জীৱনৰ আটাইতকৈ বেয়া লগা মুহূৰ্ত বুলি উল্লেখ কৰে।
‘‘যেতিয়া মই শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হৈ ঘৰলৈ উভতি আহিছিলো মোৰ নিজকে খলনায়ক যেন লাগিছিল,’’ যুৱৰাজ সিঙে কয়।
‘‘মোৰ ঘৰলৈ শিলগুটি দলিওৱা হৈছিল। মোৰ নিজকে দোষী দোষী লাগিছিল…..এনে লাগিছিল যেন কোনোৱাই কাৰোবাক গুলিয়াইছে আৰু জেললৈ গৈছে,’’ যুৱৰাজ সিঙে লগতে কয়।
শ্ৰীলংকাৰ বিৰুদ্ধে ২০১৪ চনৰ টি-২০ ফাইনেলত যুৱৰাজে ২১ টা বলৰ সন্মুখিন হৈ মাত্ৰ ১১ ৰান সংগ্ৰহ কৰিছিল।
উল্লেখযোগ্য যে, ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকী ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল।
টি-২০ ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰানৰো অভিলেখ যুৱৰাজ সিঙৰ নামতে আছে। যুৱৰাজে মাত্ৰ ১২ টা বলত ইংলেণ্ডৰ বিৰুদ্ধে অৰ্ধশতৰাণ অৰ্জন কৰি অভিলেখ গঢ়িছিল।