বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক বিনোদ কাপ্ৰীৰ শেহতীয়া ছবি ‘পায়াৰ’ (Pyre) অহা ৩০ অক্টোবৰত দেশৰ ছবিঘৰসমূহত মুক্তিৰ বাবে সাজু হৈছে। উন্নত জীৱিকাৰ সন্ধানত সন্তানে ঘৰ এৰি যোৱাৰ ফলত পাহাৰীয়া অঞ্চলৰ এহাল বৃদ্ধ দম্পতীয়ে ভোগ কৰা নিসংগতা, পাৰস্পৰিক সংগৰ প্ৰয়োজনীয়তা আৰু বিচ্ছেদৰ যন্ত্ৰণাক এই ছবিখনৰ জৰিয়তে জীৱন্ত ৰূপত উপস্থাপন কৰা হৈছে।
২০২৪ বৰ্ষৰ পটভূমিত, উত্তৰাখণ্ডৰ কুমাও পাহাৰৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চিত্ৰায়িত এই ছবিখনৰ মূল চৰিত্ৰ দুটা হৈছে পদম আৰু তুলসী। দূৰণিবটীয়া চহৰলৈ যোৱা পুত্ৰৰ উভতনিৰ বাবে বাট চাই থকা এই দম্পতীহালৰ গভীৰ প্ৰেমৰ কাহিনীয়েই হৈছে ছবিখনৰ কেন্দ্ৰীয় বিষয়বস্তু। হিমালয়ৰ পাদদেশৰ গাঁওসমূহৰ পৰা হোৱা প্ৰব্ৰজন আৰু বয়সস্থ লোকসকলক ব্যৱস্থাগতভাৱে অৱহেলা কৰাৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক সমস্যাক ছবিখনত সুন্দৰকৈ দাঙি ধৰা হৈছে।
ছবিখনৰ আন এক বিশেষত্ব হৈছে ইয়াৰ কলা-কুশলী। ‘পায়াৰ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে পৰিচালক বিনোদ কাপ্ৰীৰ ৮০ বছৰীয়া খুড়াক পদম সিং কাপ্ৰীয়ে আৰু তেওঁৰ বিপৰীতে তুলসীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে ৭০ বছৰীয়া এগৰাকী স্থানীয় কুমাওনী লোকশিল্পী হীৰা দেৱীয়ে। ইয়াৰ উপৰি সুভাষ চন্দ্ৰ, শুভম চৌধুৰী আৰু চাদাব খানৰ দৰে স্থানীয় প্ৰতিভাশালী অভিনয় শিল্পীকো ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। আনহাতে, ছবিখনৰ আৱহ সংগীতৰ দায়িত্বত আছে অস্কাৰ বঁটাপ্ৰাপক মাইকেল ডান্না আৰু গীতৰ কথা লিখিছে বিশিষ্ট গীতিকাৰ গুলজাৰে।
সামাজিক মাধ্যমযোগে পৰিচালক বিনোদ কাপ্ৰীয়ে ছবিখনৰ মুক্তিৰ ক্ষণলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা বুলি প্ৰকাশ কৰিছে। ইতিমধ্যে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ‘পায়াৰ’ ছবিখনে অহা ৩০ অক্টোবৰত ছবিঘৰত সাধাৰণ দৰ্শকৰ পৰা কেনে সঁহাৰি লাভ কৰে, সেয়া লক্ষণীয় হ’ব।
THE BEAUTY OF GROWING OLD TOGETHER.
7 DAYS TO GO!
PYRE
IN CINEMAS
30TH OCTOBER. https://t.co/Zfru1pW1FK— Vinod Kapri (@vinodkapri) October 26, 2026





