বোকাখাত থানাৰ অন্তৰ্গত ৰজাবাৰী গড়োপাৰা নেপালীখুটিত দেওবাৰে বিয়লি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
এজন লোকক একেখন গাঁৱৰে আন এজনে দাৰে ঘপিয়াই আহত কৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলী ফুটোৱাৰ লগতে লাঠীচালনাও কৰিব লগা হয়৷
দিলীপ ঘাটোৱাৰ নামৰ লোকজনক একে গাঁৱৰে জয়ন্ত দাস নামৰ এজন লোকে দাৰে ডিঙিত ঘপিয়াই আহত কৰে৷
গুৰুতৰভাৱে আহত দিলীপ ঘাটোৱাৰক বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷
ঘটনাত দিলীপ ঘাটোৱাৰ গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ জয়ন্ত দাসক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰোতে দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰি সমীপৰে এঘৰত আশ্ৰয় লয়৷
উত্তেজিত ৰাইজে জয়ন্ত দাসে আশ্ৰয় লোৱা ঘৰটো ঘেৰাও কৰি জয়ন্তক উলিয়াই দিবলৈ দাবী জনায়৷
এনে সময়তে বোকাখাতৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দণ্ডাধীশক খবৰ দিয়ে৷
বোকাখাতৰ মহকুমা দণ্ডাধীশ শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ অতিৰিক্ত আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয়৷
কিন্তু পৰিস্থিতিৰ অধিক অৱনতি ঘটাত উত্তেজিত ৰাইজক আঁতৰাই পঠাবৰ বাবে আৰক্ষীয়ে শূন্যলৈ চাৰি জাঁই গুলী ফুটোৱাৰ উপৰিও লাঠীচালনাও কৰিব লগা হয়৷
ইয়াৰ পাচতে উত্তেজিত ৰাইজ আঁতৰি যোৱাত আৰক্ষীয়ে আত্মগোপন কৰি থকা ঘৰটোৰ ভিতৰৰ পৰা জয়ন্ত দাসক আটক কৰি বোকাখাত আৰক্ষী থানালৈ লৈ যায়৷