• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ বাবে জমা কৰি ৰখা ২লাখ টকাৰে প্ৰব্ৰজিত শ্ৰমিকক খাদ্য খুৱাইছে এগৰাকী অটো চালকে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 1:43 pm
food_for_poor_in_lockdown_1589780579 new

ফটো: হিন্দুস্তানৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ এই সংকটকালত মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী ৩০ বছৰীয়া অটোচালকে।

নিজৰ বিয়াৰ বাবে অটোচালকগৰাকীয়ে ২ লাখ টকা জমা কৰি ৰাখিছিল।

Apply Now

কিন্তু মাৰাত্মক মহামাৰী কৰ’নাৰ বাবে তেওঁৰ বিয়া স্থগিত হ’ল। এতিয়া সেই ধনৰাশিৰে তেওঁ প্ৰব্ৰজিত শ্ৰমিক তথা অসহায় লোকক খাদ্য খুৱাই আছে।

‘হিন্দুস্তান’ত প্ৰকাশিত বাতৰি অনুসৰি অক্ষয় কোঠাৱালে নামৰ অটোচালকগৰাকীয়ে বৃদ্ধ আৰু গৰ্ভৱতী মহিলাক বিনামূলীয়াকৈ চিকিৎসকৰ ক্লিনিক তথা হাস্পাতললৈ নিয়ে।

তদুপৰি, তেওঁ কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ চহৰখনৰ লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ কামো কৰে।

বাতৰি অনুসৰি, ভালকৈ বিয়া পতাৰ বাবে সাচি ৰখা পইচাৰে অক্ষয়ে তেওঁৰ বন্ধুবৰ্গৰ সহায়ত দৈনিক ৪০০ লোকৰ বাবে খাদ্য তৈয়াৰ কৰি চহৰখনৰ গলিসমূহত গৈ প্ৰব্ৰজিত শ্ৰমিক তথা দৰিদ্ৰ লোকসকলক খাবলৈ দিয়ে।

সংকটৰ এনে সময়ত বিপৰ্যস্ত লোকক সহায় কৰি অত্যন্ত সুখী কোঠাৱালে।

তেওঁ কয়,’’অটো চলাই মই ২লাখ টকা জমা কৰিছিলো। ২৫মে’ত মোৰ বিয়াৰ তাৰিখ আছিল। কিন্তু লকডাউনৰ বাবে মই আৰু মোৰ বাকদত্তাই এতিয়া বিয়া স্থগিত ৰখাৰ সিদ্ধান্ত লওঁ।‘’

পুনেৰ টিম্বাৰ মাৰ্কেটত বাস কৰা অক্ষয়ে লকডাউনৰ সময়ত দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে।

অক্ষয়ে কয়,’’ মই ৰাস্তাত এনে বহুলোকক দেখিছো যি এসাজ খাবলৈ পোৱা নাই আৰু জীয়াই থকাৰ বাবে সংগ্ৰাম কৰি আছে। মই বন্ধুবৰ্গৰ সৈতে অসহায় লোকসকলক সহায় কৰাৰ সংকল্প লওঁ। মই বিয়াৰ বাবে সাচি ৰখা পইচাখিনি এই লোকসকলক খাদ্য খুওৱাৰ বাবে খৰচ কৰাৰ সিদ্ধান্ত লওঁ।বন্ধুসকলেও মোক সহায় কৰিছে।‘’

অক্ষয় আৰু তেওঁৰ বন্ধুসকলে এটা পাকঘৰ বনাই লৈছে। ইয়াত ৰুটি-তৰকাৰী বনাই অটোৰে নি প্ৰব্ৰজিত শ্ৰমিক আৰু দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰে।

অক্ষয়ে জানিবলৈ দিয়ে যে তেওঁৰ হাতত বৰ্তমান পইচা কমি আহিছে আৰু সেয়েহে ৰুটি-তৰকাৰীৰ ঠাইত পোলাও, মচলা ৰাইচ আৰু চম্ভৰ ৰাইচ বিলোৱাৰ কথা চিন্তা কৰিছে।

তেওঁ কমেও অহা ৩১ মে’লৈকে আৰ্তলোকসকলক খাদ্য খুৱাবলৈ বিচাৰে।

অক্ষয়ে তেওঁৰ অটোখনত এটা লাউডস্পীকাৰ লগাই লৈছে। ইয়াৰ দ্বাৰা তেওঁ লগতে লোকসকলৰ মাজত শাৰীৰিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা আদি সম্পৰ্কত সচেতনতা বৃদ্ধিৰো প্ৰয়াস চলাই গৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd