• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহে ব্ৰু-ৰিয়াং শৰণাৰ্থী বিষয়টো NDFBৰ সৈতে স্বাক্ষৰিত বড়ো চুক্তিৰে সানমিহলি কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 5:48 pm
Amit Shah mixes up Bru-Reang refugee issue with Bodo Accord signed with NDFB factions
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহ মন্ত্ৰী অমিত শ্বাহক ব্ৰু-ৰিয়াং শৰণাৰ্থী বিষয় সন্দৰ্ভত ‘সম্পূৰ্ণ অবিদিত’ পোৱা গৈছে, আৰু তেওঁ ইয়াক অসমৰ বড়ো বিষয়ৰ সৈতে সানমিহলি কৰিছে।

অমিত শ্বাহে শনিবাৰে এটা সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধ লিখিছিল– Undoing 6 decades in 6 years: Modi has turned India into a self-reliant country brimming with self-confidence (।)

Apply Now

প্ৰবন্ধটোৱে মূলতঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ছবছৰত ভাৰতৰ যাত্ৰাটোত আলোকপাত কৰিছিল।

শ্বাহে কৈছিল যে মোদী চৰকাৰে ছয় দশকৰ অন্তৰাল ছবছৰতে জোৰা লগালে আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তিশালী ভেঁটি স্থাপন কৰিলে।

প্ৰধান মন্ত্ৰী মোদীক প্ৰশংসা কৰাৰ সময়তে গৃহ মন্ত্ৰীয়ে ক’লে, “বছৰজুৰি পৰি থকা ব্ৰু-ৰিয়াং শৰণাৰ্থী সমস্যাটোও মোদী ২.০ৰ প্ৰথম বছৰতে বড়ো চুক্তিৰ অধীনত সমাধান কৰা হ’ল।”

ব্ৰু-ৰিয়াং সমস্যাৰ বিষয়ে লিখোতে অমিত শ্বাহে মিজোৰাম আৰু ত্ৰিপুৰাৰ শৰণাৰ্থীৰ সমস্যাটো অসমৰ “সাৰ্বভৌম” বড়ো সশস্ত্ৰ আন্দোলনৰ সৈতে সানমিহলি কৰি পেলালে।

ব্ৰু-ৰিয়াং চুক্তিখন কেন্দ্ৰ, ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰ আৰু ব্ৰু-ৰিয়াং প্ৰতিনিধিৰ মাজত যোৱা ১৭ জানুৱাৰিত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল।

চুক্তি স্বাক্ষৰ অনুষ্ঠানটো অমিত শ্বাহে নিজেই অধ্যক্ষতা কৰিছিল, আৰু সিদ্ধান্ত কৰা হৈছিল যে ৩৪,০০০ ব্ৰু শৰণাৰ্থীক ত্ৰিপুৰাত সংস্থাপিত কৰা হ’ব।

১৯৯৭ চনত নৃগোষ্ঠীয় হিংসাৰ বাবে প্ৰায় ৩০,০০০ ব্ৰু-ৰিয়াং জনজাতীয় লোক মিজোৰামৰ পৰা বিতাড়িত হৈছিল, আৰু ত্ৰিপুৰাত আশ্ৰয় লৈছিল।

ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলে উত্তৰ ত্ৰিপুৰাৰ অস্থায়ী শিৱিৰত আশ্ৰয় লৈছিল। পৰৱৰ্তী সময়ত, প্ৰায় তেওঁলোকৰ ২০০০ পৰিয়াল মিজোৰামলৈ উভটি আহিছিল।

কিন্তু, ৩৪,০০০ মানুহৰ অন্তিম দলটো তেওঁলোকৰ পৈতৃক গাঁৱলৈ উভটি আহিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকক এতিয়া ত্ৰিপুৰাত সংস্থাপিত কৰা হ’ব আৰু কেন্দ্ৰই সংস্থাপনৰ বাবে ৬০০ কোটি টকা অনুমোদন জনাইছে।

দুবছৰৰ বাবে শৰণাৰ্থীসকলক প্ৰতি মাহে ৫০০০ টকাকৈ সাহায্য আৰু বিনামূলীয়া ৰেচন যোগান ধৰা হ’ব। তেওঁলোকে ঘৰ সাজিবলৈ ১.৫লাখ টকাৰ সাহায্যও লাভ কৰিব, ত্ৰিপুৰা চৰকাৰে তেওঁলোকক ভূমি আবণ্টন দিব।

কিন্তু, অমিত শ্বাহে ব্ৰু-ৰিয়াং শৰণাৰ্থীৰ বিষয়টো বড়ো চুক্তিৰ সৈতে সানমিহলি কৰিলে।

কেন্দ্ৰ, অসম চৰকাৰ আৰু নিষিদ্ধ এন ডি এফ বি (National Democratic Front of Boroland)ৰ চাৰিটা গোটে যোৱা ২৭ জানুৱাৰিত বড়ো চুক্তিত স্বাক্ষৰ কৰিছিল।

চুক্তি স্বাক্ষৰৰ জৰিয়তে ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু বি চাওৰাইগ্ৰা নেতৃত্বাধীন এন ডি এফ বিৰ চাৰিটা গোটে সাৰ্বভৌম বড়োলেণ্ডৰ বাবে সশস্ত্ৰ আন্দোলন সামৰাৰ সিদ্ধান্ত ল’লে।

তাৰ পিছত গুৱাহাটীত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত ১৫৫০গৰাকী কেডাৰে ৩০ জানুৱাৰিত আত্মসমৰ্পন কৰিলে।

অমিত শ্বাহৰ প্ৰবন্ধটোক লৈ অসমৰ বিৰোধী কংগ্ৰেছে তৎকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰবন্ধটো পঢ়ি আচৰিত হ’লো। আৰু এজন গৃহ মন্ত্ৰী হিচাপে তেওঁ এইটো জনাটো আশা কৰা যায় যে ব্ৰু-ৰিয়াং শৰণাৰ্থী মিজোৰাম আৰু ত্ৰিপুৰাৰ সৈতে জৰিত বিষয়, বড়ো চুক্তিখন অসমৰ বড়ো সম্প্ৰদায়ৰ সৈতে জৰিত,” অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আৰু জ্যেষ্ঠ মুখপাত্ৰ ববিতা শৰ্মাই কয়।

শৰ্মাই কয় এইটো আচৰিত যে কেনেকৈ ভাৰতৰ গৃহ মন্ত্ৰীয়ে ব্ৰু-ৰিয়াং শৰণাৰ্থীক অসমৰ বড়ো বিদ্ৰোহীৰ সৈতে খেলিমেলি কৰিব পাৰে।

“নৃগোষ্ঠীয় পাৰ্থক্য বাদ দিয়ক, ভৌগোলিক অৱস্থানৰ কি হ’ব?” তেওঁৰ প্ৰশ্ন।

হয় গৃহ মন্ত্ৰীক তেওঁৰ আমোলাসকলে সঠিকভাৱে অৱগত কৰোৱা নাই, নহয় তেওঁক অৱগত কৰোৱা আমোলাই হ’মৱৰ্ক ভালকৈ কৰা নাই, শৰ্মাই কয়।

“কাৰণ যিয়েই নহওক, এটাৰ পৰা আনটোক পৃথক কৰাৰ ক্ষেত্ৰত নিষ্ঠাৱান-নিয়োগৰ ই কেৱল এক অনুভূতিহীন অভাৱ উদঙাই দিছে,” শৰ্মাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd