• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুকুৰাৰ পৰা হ’ব পৰা ক’ভিড-১৯তকৈয়ো মাৰাত্মক মহামাৰীৰ অপেক্ষাত বিশ্ব: বিজ্ঞানী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 6:31 pm
World awaits deadlier pandemic from chicken than COVID-19: Scientist
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে বিজ্ঞানীসকলে এইবাৰ কুকুৰা ফাৰ্মৰ পৰা আৰু অধিক গুৰুতৰ বিপৰ্য্যয়ে অপেক্ষা কৰি আছে বুলি সাৱধানবাণী শুনাইছে।

আশংকা কৰা হৈছে যে এই বিপৰ্য্যয়ে পৃথিৱীৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে।

Apply Now

‘How Not To Die’ শীৰ্ষক বেষ্ট-চেলিং গ্ৰন্থখনৰ লেখক ডঃ মাইকেল গ্ৰেগাৰে দাবী কৰিছে যে কুকুৰা কাৰণ হ’ব পাৰে পৰৱৰ্তী মাৰাত্মক মহামাৰীটোৰ, আৰু যিটো হ’ব আটাইতকৈ বেয়া ধৰণৰ—ক’ভিড-১৯তকৈ অধিক গুৰুতৰ।

তেওঁৰ মতে, কুকুৰা ফাৰ্মৰ এটা সৰ্বনাশকাৰী ভাইৰাছে ক’ভিড-১৯তকৈ অধিক বিপজ্জনক মহামাৰীলৈ লৈ যাব পাৰে আৰু বিশ্বৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে।

তেওঁৰ নতুন কিতাপ ‘How To Survive A Pandemic’ত ডঃ গ্ৰেগাৰে সকীয়াইছে যে ‘যেতিয়ালৈকে পোহনীয়া চৰাই (poultry) থাকিব, তেতিয়ালৈকে মহামাৰী থাকিব’।

ডঃ গ্ৰেগাৰ এজন বিশুদ্ধ নিৰামিষাহাৰী আৰু তেওঁ উদ্ভিদভিত্তিক ডায়েট সজোৰে সমৰ্থন কৰে, বাতৰিত প্ৰকাশ।

জন্তুভিত্তিক সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে তেওঁ বহু বছৰজুৰি প্ৰচাৰ চলাই আহিছে।

বিজ্ঞানীজনৰ আশংকা হৈছে জন্তুৰ সৈতে মানুহৰ ঘনিষ্ঠ সম্পৰ্কই আটাইতকৈ বেয়া ধৰণৰ মহামাৰীলৈ লৈ যাব পাৰে।

১৯৯৭ চনত হং কং, চীনত দেখা দিয়া H5N1 বাৰ্ড ফ্লুৰ ফলত ভাইৰাছ আঁতৰোৱাৰ বাবে নিযুত কুকুৰা মাৰি পেলোৱা হৈছিল।

কিন্তু ২০০৩ আৰু ২০০৯ চনত চীনৰ বাহিৰত ইয়াৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটিল যিটোৱে ইংগিত দিয়ে যে ভাইৰাছটো কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাছিল আৰু প্ৰাদুৰ্ভাৱটো আকৌ সংঘটিত হোৱাৰ এক সম্ভাৱনা আছে।

আন এক প্ৰাদুৰ্ভাৱৰ পৰা হাত সৰাৰ বাবে ডঃ গ্ৰেগাৰে কুকুৰাবোৰক ফাৰ্মিং কৰা পদ্ধতি সলনিৰ পৰামৰ্শ দিয়ে।

বৃহৎ ফাৰ্মত কুকুৰাবোৰক ইমান ঠেক ঠাইত ৰখা হয় যে সিহঁতে ডেউকাও লৰাব নোৱাৰে, ডঃ গ্ৰেগাৰে আঙুলিয়ায়।

তেওঁ কয় যে সিহঁতৰ মলত থকা উচ্চ পৰিমাণৰ এম’নিয়াই বেমাৰৰ উৎস।

বিজ্ঞানীজনে লগতে পৰামৰ্শ দিয়ে যে আমি কুকুৰাৰ বৃহৎ উৎপাদন বন্ধ কৰিব লাগে।

তেওঁ বাহিৰলৈ ওলাব-সোমাব পৰা কম ভিৰ থকা ঠাইত, উন্নত পৰিচ্ছন্নতাৰে আৰু মানুহৰ এণ্টি-ভাইৰেল ব্যৱহাৰ নকৰাকৈ কুকুৰাক সৰু জাকত পোহাৰ পৰামৰ্শ দিয়ে।

লগতে অপ্ৰাকৃতিক কণী উৎপাদন আৰু প্ৰজনন বন্ধ কৰাৰো দৰকাৰ, ডঃ গ্ৰেগাৰে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd