‘‘সচেতন নাগৰিকৰ ওচৰত অবৈধ কয়লা খননৰ সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষী অথবা চৰকাৰক অভিযোগ দাখিল কৰক। চৰকাৰে এই সম্পৰ্কে তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব,’’ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
‘‘দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খননৰ প্ৰকৃত সত্য জানিবলৈ বিজেপিৰ তিনি গৰাকী নেতাক দায়িত্ব অৰ্পণ কৰিছো। ইতিমধ্যে এই তিনি গৰাকী নেতাই এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখন চোৱাৰ পিছত চৰকাৰে এই বিষয়ৰ ওপৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব,’’ ৰঞ্জিত দাসে কয়।
ৰঞ্জিত দাসে সংবাদমেলত অসমবাসী ৰাইজক কাৰোবাৰ ওচৰত যদি অবৈধ কয়লা খনন সন্দৰ্ভত কিবা তথ্য আছে আৰক্ষী অথবা চৰকাৰৰ ওচৰত দাখিল কৰাৰ বাবে আহ্বান জনায়।
ইপিনে, ৰাজ্যত দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদৰ লগতে অবৈধভাবে চলি থকা কয়লা খননৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে।
বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ সচেতন ৰাইজেও অবৈধ কয়লা খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে।
আনহাতে, কৃষক নেতা অখিল গগৈ সন্দৰ্ভত ৰঞ্জিত দাসে কয় ‘‘অখিল গগৈৰ বিষয়টো আইনৰ অন্তৰ্গত । আইনে আইনৰ হিচাপে ব্যৱস্থা গ্ৰহণ কৰিছে।’’
দেশত ক’ৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ বাবে বিজেপি দলে আগন্তক সময়ত ডিজিটেল মাধ্যমেৰে ৰাইজৰ লগত সংযোগ স্থাপন কৰিব বুলি জানিব দিয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দাসে।