• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনমানসত হেয় বিজেপি! অভিযুক্ত-অভিযোগকাৰীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ

দলৰ পৰা বহিস্কৃত হ’ব নেকি বিজেপিৰ যুৱ নেতা দুৰ্লভ নাথ আৰু নিৰ্মল পায়েং?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 3, 2020 7:24 pm
nirmal durlav
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি অহা লখিমপুৰ বিজেপিৰ দুই যুৱ নেতা ক্ৰমে অভিযোগকাৰী নিৰ্মল পায়েং আৰু অভিযুক্ত দুৰ্লভ নাথলৈ ৰাজ্যিক বিজেপিৰ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ স্বাক্ষৰিত কাৰণ দৰ্শোৱাৰ জাননীত সভাপতি ৰঞ্জিত দাসে দুয়োকে এক নিৰ্দেশনা প্ৰদান কৰে।

Apply Now

দুৰ্লভ নাথলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত দাসে নিৰ্দেশ দি কয় ‘আপুনি ধনৰ লেন-দেন কৰি চৰকাৰী ঠিকা আবন্টন দিয়াৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এনে কাৰ্যৰ ফলত জনমানসত দলৰ ভাৱমুৰ্তি ম্লান হৈছে।‘

‘সেয়েহে অহা এক সপ্তাহৰ ভিতৰত অৰ্থ্যাৎ ১০ জুনৰ ভিতৰত আপোনাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত লিখিত স্পষ্টীকৰণ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।‘ জাননীত উল্লেখ।

ইপিনে, অভিযোগকাৰী বিজেপিৰ যুৱ নেতা নিৰ্মল পায়েংলৈ প্ৰেৰণ কৰা জাননীত দাসে উল্লেখ কৰি কয় ‘আপুনি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য দুৰ্লভ নাথৰ লগত ধনৰ লেন-দেন কৰি চৰকাৰী ঠিকা লাভ কৰিবলৈ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু দলৰ সদস্য হিচাপে বিষয়টো মিডিয়াত প্ৰচাৰ কৰিছে।‘

‘অহা তিনিদিনৰ ভিতৰত অৰ্থ্যাৎ ৬ জুনৰ ভিতৰত অভিযোগ সন্দৰ্ভত আপোনাৰ হাতত থকা তথ্য ৰাজ্যিক কাৰ্যালয়ত দাখিল কৰিবলৈ জনাইছো।‘ জাননীত উল্লেখ।

যদি ওপৰোক্ত নিৰ্দেশনা সমূহ মানি নলয় তেন্তে ৰাজ্যিক বিজেপিয়ে দুয়োজন যুৱ নেতাৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক উচ্চস্তৰীয় সুত্ৰই প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক বিজেপিয়ে কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত উত্তৰ দিব নোৱাৰিলে দুয়োকে দলৰ পৰা বহিস্কাৰ অথবা নিলম্বন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখযোগ্য যে, লখিমপুৰ বিজেপিৰ যুৱ নেতা দুৰ্লভ নাথৰ বিৰুদ্ধে দলৰে অন্য এগৰাকী সদস্য নিৰ্মল পায়েঙৰ পৰা গড়কপ্তানি বিভাগৰ ঠিকা লাভ কৰাৰ বাবদ বৃহৎ অংকৰ ধন লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্মল পায়েঙে নিজে স্ক্ৰীণ শ্বট ভাইৰেল কৰি তেওঁৰ পৰা দুৰ্লভে ১ লাখ ৭০ হাজাৰ টকা লোৱা বুলি অভিযোগ আনিছিল।

বিজেপিৰ ভিতৰছোৱাৰ এনেবোৰ কাণ্ডই বাৰুকৈয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিত আঘাত হনা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd