উৎসৱৰ বতৰ এতিয়াও শেষ হোৱা নাই। কালীপূজা, ভাইফোঁটা অথবা জগদ্ধাত্ৰী পূজাৰ বাবে বহুতে সাজু কৰিছে নতুন পোছাক। নতুন শাৰী আৰু আকৰ্ষণীয় ব্লাউজৰ লগতে পিঠিখোলা ব্লাউজেও বহুতৰে পছন্দৰ তালিকাত স্থান লাভ কৰিছে। কিন্তু পিঠিৰ ছালত থকা ব্ৰণ আৰু তাৰ দাগে বহু সময়ত এই পছন্দৰ পোছাক পিন্ধিবলৈ সংকোচৰ সৃষ্টি কৰে। বছৰটোৰ অধিকাংশ সময় কাপোৰেৰে ঢকা হৈ থকাৰ বাবে পিঠিৰ ছালৰ যত্ন লোৱাটো আমি প্ৰায়ে পাহৰি যাওঁ। ফলত পিঠিখোলা ব্লাউজ বা পোছাক পিন্ধাৰ সময়তহে পিঠিৰ ছালৰ সমস্যাটো চকুত পৰে।
পিঠিৰ ছালত ব্ৰণ হোৱাৰ অন্যতম কাৰণ হৈছে ঘাম আৰু আৰ্দ্ৰতা। বিশেষকৈ কৃত্ৰিম সূতাৰে তৈয়াৰী কাপোৰ, টান অন্তৰ্বাস, পেডযুক্ত ব্লাউজ অথবা ব্যায়ামৰ পোছাক বহু সময় পিন্ধি থাকিলে ছালত ঘাম জমা হয়। ইয়াৰ ফলত ছালৰ ৰোমকূপ বন্ধ হৈ ব্ৰণৰ সৃষ্টি হ’ব পাৰে। আনহাতে, বেগৰ ফিটা, আঁটসাঁট পোছাক বা অন্তৰ্বাসৰ ঘঁহনিৰ ফলতো পিঠিত ব্ৰণ উঠিব পাৰে। চিকিৎসা বিজ্ঞানত এই সমস্যাক ‘একনে মেকানিকা’ বুলি কোৱা হয়। বহু সময়ত অন্তৰ্বাসৰ ফিটাৰ আশে-পাশেও এনে ব্ৰণ দেখা যায়।
কেৱল ঘাম বা কাপোৰৰ ঘঁহনিয়েই নহয়, চুলিৰ যত্নৰ বাবেও ব্যৱহাৰ কৰা কিছুমান সামগ্ৰীয়ে পিঠিত ব্ৰণৰ সৃষ্টি কৰিব পাৰে। চুলিত কণ্ডিচনাৰ লগাই ধোৱাৰ সময়ত তাৰ অৱশিষ্ট অংশ পিঠিৰ ছালত লাগি থাকিব পাৰে। একেদৰে নিশা চুলিত তেল লগাই মুকলি চুলিৰে শুলেও তেলৰ অৱশিষ্ট অংশ পিঠিৰ ছালৰ সংস্পৰ্শলৈ আহে। ইয়াৰ ফলতো ৰোমকূপ বন্ধ হৈ ব্ৰণৰ সমস্যা দেখা দিব পাৰে।
অৱশ্যে পিঠিত সৰু সৰু দানা ওলালেই সেইবোৰক ব্ৰণ বুলি ধৰি লোৱাটো উচিত নহয়। দানাবোৰ যদি প্ৰায় একে আকাৰৰ হয় আৰু অত্যধিক খজুৱতি কৰে, তেন্তে সেয়া ছত্ৰাকজনিত ফলিকিউলাইটিছো হ’ব পাৰে। এই সমস্যাক সাধাৰণ ব্ৰণ বুলি ভাবি ব্ৰণৰ ক্ৰীম ব্যৱহাৰ কৰিলে সুফল নাপাবও পাৰে। বৰঞ্চ স্ক্ৰাবাৰ বা আন সামগ্ৰীৰে জোৰেৰে পিঠি ঘঁহিলে সমস্যাটো অধিক বাঢ়িব পাৰে। সেয়ে পিঠিত এনে দানা দেখা দিলে নিজে নিজে ব্ৰণৰ ঔষধ অথবা ষ্টেৰয়ড মিহলি ক্ৰীম ব্যৱহাৰ নকৰি ছালৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী।
পিঠিৰ ব্ৰণ নিয়ন্ত্ৰণ কৰিবলৈ বেনজয়েল পাৰঅক্সাইড থকা বডী ৱাছ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে এই সামগ্ৰী লগোৱাৰ লগে লগে ধুই পেলালে বিশেষ লাভ নহ’ব পাৰে। প্ৰথমে ফেন সৃষ্টি কৰি দুইৰ পৰা তিনি মিনিটমান ছালত ৰাখি তাৰ পিছত পানীৰে ধুই পেলাব লাগে। মন কৰিবলগীয়া যে বেনজয়েল পাৰঅক্সাইডে কাপোৰৰ ৰং নষ্ট কৰিব পাৰে। সেয়ে ব্যৱহাৰৰ পিছত বগা টাৱেলেৰে পিঠি মচি লোৱাটো ভাল।
আনহাতে, ছালৰ ৰোমকূপ বন্ধ হৈ যোৱাৰ প্ৰৱণতা থাকিলে ছেলিচাইলিক এচিড থকা বডী ৱাছ বা স্প্ৰেও সহায়ক হ’ব পাৰে। এনে সামগ্ৰী ব্যৱহাৰৰ পিছত ছাল শুকান হৈ পৰিলে পাতল আৰ্দ্ৰতা ৰখা ক্ৰীম ব্যৱহাৰ কৰিব পাৰি। পিঠিৰ ছালৰ যত্ন লোৱাৰ লগতে ঘামত তিতি থকা কাপোৰ সোনকালে সলনি কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাও সমানেই গুৰুত্বপূৰ্ণ।
পিঠিৰ ব্ৰণ আৰু দাগ কেৱল সৌন্দৰ্যৰ সমস্যা নহয়, ইয়াৰ আঁৰত আন ছালৰোগো থাকিব পাৰে। সেয়ে উৎসৱৰ দিনত পছন্দৰ পোছাক পিন্ধিবলৈ কেৱল শেষ মুহূৰ্তত যত্ন লোৱাৰ পৰিৱৰ্তে গোটেই বছৰটো পিঠিৰ ছালৰ প্ৰতি সচেতন হোৱাটোৱেই হ’ব বুদ্ধিমানৰ কাম।





