দিল্লী উচ্চ ন্যায়ালয়ত সোমবাৰে এটি শিশুৱে দিল্লী চৰকাৰৰ দ্বাৰা নিষেধাজ্ঞা শিথিল কৰা আৰু কৰ’না ভাইৰাছৰ লক্ষণহীন ৰোগীৰ পৰীক্ষা নকৰাৰ বাবে তেওঁৰ লগতে আন শিশুসকলৰ সন্মুখত দেখা দিয়া বিপদৰ কথা অৱগত কৰে।
দুবছৰীয়া শিশুটোৱে তেওঁৰ পিতৃৰ জৰিয়তে দাখিল কৰা আবেদনত কৈছে যে লক্ষণহীন ৰোগীৰ পৰীক্ষা বন্ধ কৰি দিয়া তথা হাস্পাতলত বিচনা আৰু ভেন্টিলেটৰৰ অভাৱৰ বাবে পৰিস্থিতি বেয়ালৈ গৈছে।
‘লাইভ হিন্দুস্তান’ৰ বাতৰি মতে, শিশুটোৱে উল্লেখ কৰিছে যে তেওঁ এটা যৌথ পৰিয়ালত থাকে য’ত পৰিয়ালটোৰ সদস্যসকলে কামলৈ ওলাই যায়।
দিল্লী চৰকাৰে সোমবাৰৰ পৰা শিথিল কৰি দিয়া আনলক-১ৰ বাবে তেওঁলোকে নিয়মিতভাৱে কাৰ্যালয়লৈ যাব লাগিব যাৰ ফলত তেওঁৰ লগতে আন শিশুসকলৰ তথা দিল্লীবাসীৰ কৰ’না সংক্ৰমণৰ বিপদ বৃদ্ধি পাইছে।
আবেদনখন মুখ্য ন্যায়াধীশ ডি এন পেটেলৰ এখন বিচাৰপীঠত মঙলবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।
যোৱা ১জুনৰ পৰা আৰম্ভ হোৱা আনলক-১ৰ সময়ছোৱাত দেশজুৰি কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পোৱাত চৰকাৰৰ উদ্বিগ্ন হৈ পৰিছে।
ৰাজ্যসমূহৰ পৰা কেন্দ্ৰই লাভ কৰা প্ৰতিবেদন অনুসৰি শিথিলকৰণৰ সময়ছোৱাত সামাজিক দূৰত্বকে ধৰি সুৰক্ষামূলক ব্যৱস্থাসমূহৰ নিৰ্দেশনা উলংঘা কৰাটো স্পষ্ট হৈ পৰিছে।
সেয়েহে, চৰকাৰে শীঘ্ৰেই নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।