• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
February 25, 2018 10:52 am
Dibrugarh-University-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে অসমৰ সাহিত্য জগত তথা বিজ্ঞান জগতৰ মনীষী সকলক জনসাধাৰণৰ কাষ চপাই অনাৰ প্ৰয়াস কৰিছে।

ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰক সমৃদ্ধিশালী কৰি তুলিবলৈ বিভিন্ন লেখক, সাহিত্যিক আৰু বিজ্ঞানীৰ লগতে নাৰীবাদ, স্বাস্থ্য আৰু ইতিহাস সম্পৰ্কীয় স্বতন্ত্ৰ ৰচনা সামৰি তিনিটা খণ্ড প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Apply Now

এই একক গ্ৰন্থসমূহত আনন্দৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যক্তিত্বৰ লগতে আন সাহিত্যিকৰ জীৱন আৰু কৃতি অন্তৰ্ভুক্ত কৰা হ’ব। গ্ৰন্থসমূহত অন্তৰ্ভুক্ত হ’ব এলবাৰ্ট আইনষ্টাইন, গেলিলিও গেলিলি, লুইচ পেষ্টুৰ, মেক্স প্ল্যাংকৰ ইত্যাদিৰ দৰে বিজ্ঞানীৰ জীৱন আৰু কৃতিও।

DU-1-202x300

প্ৰকাশন বিষয়া প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কয় যে অসমীয়াত ২০ খন গ্ৰন্থ আৰু ইংৰাজীত তিনিখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে।

‘’আমাৰ লক্ষ্যটো হৈছে পাঠকক আমাৰ সাহিত্যিক আৰু বিজ্ঞানীসকলৰ লগত পৰিচয় কৰি দিয়া যিসকলৰ ওপৰত ভিত্তি কৰি সমাজ এখন গঢ় লৈ উঠিব পাৰে,’’-তেওঁ কয়।

ভাগৱতীয়ে লগতে কয় যে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ লেখকক যোগাযোগ কৰাৰ পৰা মূদ্ৰণ কৰি গ্ৰন্থ বিপণীলৈ পোৱালৈকে দুইৰ পৰা তিনি বছৰ সময় লাগে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পৰামৰ্শ অনুসৰি ২০১০ চনত এক স্বতন্ত্ৰ সংস্থা হিচাপে প্ৰকাশন বিভাগটো গঠন কৰা হৈছিল আৰু ২০১২ চনৰ পৰা ইয়াৰ কাম কাজ আৰম্ভ কৰা হৈছিল।

এই গ্ৰন্থসমূহৰ উপৰি ‘নাৰীবাদ’ আৰু ‘ব্ৰহ্মপুত্ৰ’ৰ দৰে গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হৈছে।

ইংৰাজীত প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত আছে তাৰা নাথ দুৱৰাৰ ‘’এথনিক ৰিছাৰ্জেন্স এমং দ্য টাই আহোমছ অফ আছাম’’, ৰতন কুমাৰ কটকীৰ ‘‘যোগা এণ্ড ক’ৰনাৰী ডিজিছেছ’’ আৰু ‘’বেজবৰুৱা, দ্য মেন এণ্ড হিছ ৱৰ্কছ’’। ‘’বোজবৰুৱা, দ্য মেন এণ্ড হিছ ৱৰ্কছ’’ গ্ৰন্থখন বেজবৰুৱাৰ সম্পৰ্কত ইংৰাজী আৰু অসমীয়াত লিখা প্ৰৱন্ধৰ সংকলন আৰু লগতে তেওঁৰ কিছুমান ইংৰাজীলৈ অনুবাদ কৰা প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে।

আন এখন উল্লেখযোগ্য প্ৰকাশন হৈছে বেজবৰুৱাৰ বিষয়ে অসমীয়া, ইংৰাজী আৰু উৰিয়া এই তিনিটা ভাষাত লিখা ‘’সাহিত্যৰথী’’ নামৰ ত্ৰিভাষিক স্মৃতিগ্ৰন্থ। ইয়াত তেওঁৰ বিষয়ে বাতৰি আৰু প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে।

DU--263x300

প্ৰকাশ পাবলগীয়া গ্ৰন্থৰ ভিতৰত আছে ‘’অসমীয়া সাহিত্যৰ ইতিহাস’’ আৰু এখন ‘’হিষ্টৰী অফ চায়েন্স ইন আছামিজ’’’। পিছৰখন বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত বিশেষজ্ঞসকলে লিখা প্ৰৱন্ধৰ সংকলন।

পৰামৰ্শসমূহ এখন সমিতিয়ে দিয়ে আৰু এই সমিতিত আছে সাহিত্যিক তথা শিক্ষাবিদ হোমেন বৰগোহাঞি, নগেন শইকীয়া, মালিনী গোস্বামী, কৰবী ডেকা হাজৰিকা, বাৰীন্দ্ৰ কুমাৰ শৰ্মা আদি।

সমিতিৰ সমন্বয়ক হিচাপে আছে অধ্যাপক আনন্দ বৰমুদৈ। তেওঁৱো কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে।

এই গ্ৰন্থসমূহৰ বেছিভাগৰে মূল্য ১৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰত আৰু গুৱাহাটীৰ বাণী মন্দিৰত পোৱা যায়।

 

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd